স্প’ৰ্টছ ডেস্ক: নিউজিলেণ্ডৰ বিৰুদ্ধে প্ৰথম দুখন টেষ্টত ভাৰতৰ পৰাজয়ে জোকাৰি গৈছে দেশৰ অনুৰাগীসকলক ৷ প্ৰায় এটা দশক অৰ্থাৎ 12 বছৰৰ পিছত প্ৰথমবাৰৰ বাবে ঘৰুৱা খেলপথাৰত পৰাজয়ৰ সন্মুখীন হৈছে ভাৰত ৷ ইয়াৰ আগতে 2012 চনত ইংলেণ্ডৰ হাতত পৰাজিত হৈছিল ভাৰতীয় দলটো ৷
প্ৰথম দুখন টেষ্টৰ ফলাফলৰ পিছত ভাৰতৰ টীম মেনেজমেণ্টে গ্ৰহণ কৰিছে শক্তিশালী পদক্ষেপ ৷ টীম মেনেজমেণ্টে বান্ধি দিয়া নীতি অনুসৰি, দলটোৰ আটাইকেইগৰাকী সদস্য বৈকল্পিক প্ৰশিক্ষণৰ সময়ত উপস্থিত থাকিব লাগিব ৷ এই নীতি যশপ্ৰীত বুমৰাহ, বিৰাট কোহলী আৰু অধিনায়ক ৰোহিত শৰ্মাৰ দৰে তাৰকা ক্ৰিকেটাৰসকলৰ ক্ষেত্ৰতো প্ৰযোজ্য হ'ব ।
খেলৰ পূৰ্বে খেলুৱৈসকলৰ এটা প্ৰশিক্ষণ ছেচন এক বিকল্পহে মাথো । পূৰ্বে সেই ছেচনত উপস্থিত থকাৰ পৰা বিৰত আছিল দলৰ শীৰ্ষ বেটছমেনসকলৰ লগতে ফাষ্ট বলাৰসকল ৷ অৱশ্যে এতিয়াৰে পৰা দলৰ প্ৰতিগৰাকী সদস্য এই বিশেষ ছেচনত উপস্থিত থকাটো দল পৰিচালকে কৰিছে বাধ্যতামূলক ৷
ইণ্ডিয়ান এক্সপ্ৰেছৰ এক প্ৰতিবেদন অনুসৰি, দল পৰিচালকে প্ৰতিগৰাকী খেলুৱৈক অনুশীলন ছেচনত যোগদান কৰিবলৈ কঠোৰ নিৰ্দেশ দিছে ৷ তৃতীয় টেষ্টৰ পূৰ্বে অৰ্থাৎ 30 আৰু 31 অক্টোবৰত দুদিনীয়াকৈ অনুষ্ঠিত হ’ব এই অনুশীলন ৷ ইয়াত অংশগ্ৰহণৰ বাবে বিৰত থাকিবলৈ কোনো এগৰাকী ক্ৰিকেটাৰৰ ওচৰত নাই কোনো বিকল্প ৷
বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ প্ৰতি লক্ষ্য ৰাখি আনুষ্ঠানিকতা ৰক্ষাৰ নামত হ’লেও ভাৰতে তৃতীয়খন টেষ্টত জয়লাভ কৰাতো গুৰুত্বপূৰ্ণ বিবেচিত হৈছে ৷ সেয়ে টীম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰৰ উপৰিও টীম মেনেজমেণ্টৰ আন আন সদস্যসকলে প্ৰতিগৰাকী খেলুৱৈ প্ৰশিক্ষণৰ সময়ত উপস্থিত থকাতো বাধ্য়তামূলক কৰিছে ৷
বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত টীম ইণ্ডিয়াৰ এতিয়াও 6 খন মেচ বাকী আছে, যাৰ ভিতৰত দলটোৱে পাঁচখন মেচত জয় লাভ কৰিব লাগিব । ভাৰতে এই ফলাফল প্ৰদৰ্শন কৰিব পাৰিলে, বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰিব । এই 6 খন মেচৰ পাঁচখন অষ্ট্ৰেলিয়াত দেশখনৰ ক্ৰিকেট দলটোৰ বিৰুদ্ধে অনুষ্ঠিত হ’ব ৷ বাকী থকা মেচখন নিউজিলেণ্ডৰ বিৰুদ্ধে মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ৷
লগতে পঢ়ক: "প্ৰিয় কোহলী-ৰোহিত অনুগ্ৰহ কৰি অৱসৰ লওক...", শৃংখলা হেৰুওৱাৰ পিছত ক্ষুব্ধ অনুৰাগীৰ সমালোচনা