ETV Bharat / sports

কামাখ্যা মন্দিৰ দৰ্শন কৰি আশীৰ্বাদ বিচাৰিলে গৌতম গম্ভীৰে - Gautam Gambhir at Kamakhya Temple

author img

By ETV Bharat Assamese Team

Published : May 19, 2024, 6:57 PM IST

IPL Match in Guwahati: ৰাজস্থান ৰয়েলছ আৰু কলকাতা নাইট ৰাইডাৰছৰ খেলৰ পূৰ্বে কামাখ্যা মন্দিৰত দেখা গ’ল গৌতম গম্ভীৰক ৷ প্ৰশিক্ষকগৰাকীৰ লগতে কলকাতা নাইট ৰাইডাৰছৰ এটা দলেও শক্তিপীঠখন দৰ্শন কৰে ।

GAUTAM GAMBHIR AT KAMAKHYA TEMPLE
কামাখ্যা মন্দিৰ দৰ্শন গৌতম গম্ভীৰৰ (ETV Bharat Assam)

গুৱাহাটী, ১৯ মে’ : কামাখ্যা মন্দিৰ দৰ্শন কৰিলে প্ৰাক্তন ক্ৰিকেটাৰ তথা কলকাতা নাইট ৰাইডাৰ্ছৰ মেন্টৰ গৌতম গম্ভীৰে । দেওবাৰে গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত কামাখ্যা মন্দিৰ পৰিদৰ্শন কৰি পূজা-অৰ্চনা কৰে ক্ৰিকেটাৰগৰাকীয়ে ৷ গৌতম গম্ভীৰৰ লগতে কলকাতা নাইট ৰাইডাৰছৰ এটা দলেও দৰ্শন কৰে শক্তিপীঠখন । তদুপৰি কলকাতা নাইট ৰাইডাৰ্ছৰ পৰিচালনা সঞ্চালক ভেংকি মহীশূৰ আৰু ক্ৰিকেটাৰ কে এছ ভৰতেও কামাখ্যা মন্দিৰৰ আশীৰ্বাদ গ্ৰহণ কৰে ৷ শুকুৰবাৰে গুৱাহাটীত উপস্থিত হৈছিল কে কে আৰৰ দলটো ।

উল্লেখ্য যে দেওবাৰে সন্ধিয়া ৭.৩০ বজাত গুৱাহাটীৰ বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে আই পি এল ২০২৪ৰ অন্তিমখন লীগ খেলৰ পূৰ্বে কে কে আৰৰ মেন্টৰ গৌতম গম্ভীৰে মা কামাখ্যাৰ আশীৰ্বাদ বিচাৰি মন্দিৰত উপস্থিত হয় । আনহাতে শনিবাৰৰ দিনটোত কে কে আৰৰ খেলুৱৈ ৰিংকু সিং, অনুকুল ৰয়ৰ লগতে কে কে আৰৰ সহায়ক কৰ্মচাৰীৰ দলে মা কামাখ্যা মন্দিৰ দৰ্শন কৰিছিল ৷

ইপিনে গুৱাহাটীত বাহৰ পাতি থকা ৰাজস্থান ৰয়েলছৰ খেলুৱৈসকলেও শুকুৰবাৰে কামাখ্যা মন্দিৰ দৰ্শন কৰিছিল ৷ দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেটাৰ তথা ৰাজস্থান ৰয়েলছৰ খেলুৱৈ কেশৱ মহাৰাজৰ লগতে আন দলৰ কেইজনমান সদস্যয়ো শক্তিপীঠ কামাখ্যা মন্দিৰ দৰ্শন কৰে ৷

ইফালে আই পি এলৰ অন্তিম দুখন খেলত অংশ লোৱাৰ বাবে গুৱাহটীলৈ অহা ৰাজস্থান ৰয়েলছৰ দলটোৱে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰাৰ লগতে ৰিভাৰ ছাফাৰি কৰি গুৱাহাটীত ব্ৰহ্মপুত্ৰ নদীৰ মনোৰম পৰিৱেশ আৰু সৌন্দর্য উপভোগ কৰে । অসমৰ প্ৰাকৃতিক পৰিৱেশৰ লগত দলটোৰ দেশী-বিদেশী খেলুৱৈ তথা বিষয়াসকলক চিনাকি কৰি দিয়াৰ উদ্দেশ্যে ৰাজস্থান ৰয়েলছৰ ফালৰ পৰা এই ব্যৱস্থা কৰা হয় ।

গুৱাহাটীৰ উজান বজাৰ ঘাটত ৰাজস্থান ৰয়েলছ দলৰ ক্ৰিকেটাৰসকলে ব্ৰহ্মপুত্ৰ নদীত ৰিভাৰ ছাফাৰী কৰি সৌন্দর্য উপভোগ কৰে ।

লগতে পঢ়ক: প্রিয় খেলুৱৈৰে সৈতে ছেলফী ল’বলৈ বর্ষাপাৰাত অনুৰাগীৰ ভিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.