ETV Bharat / sports

পাকিস্তান ক্ৰিকেটত পুনৰ নতুন নাটক, অষ্ট্ৰেলিয়া ভ্ৰমণৰ পূৰ্বে পদত্যাগ প্ৰশিক্ষক গেৰী কাৰ্ষ্টনৰ - GARY KIRSTEN

Gary Kirsten Resign: চেম্পিয়নছ ট্ৰফী 2025 ৰ পূৰ্বে পাকিস্তানৰ বগা বলৰ অধিনায়কৰ দায়িত্ব দিয়া হৈছে মহম্মদ ৰিজৱানক ৷

GARY KIRSTEN
গেৰী কাৰ্ষ্টেন (IANS Photo)
author img

By ETV Bharat Sports Team

Published : Oct 28, 2024, 4:21 PM IST

স্প’ৰ্টছ ডেস্ক: পাকিস্তান ক্ৰিকেটৰ দুটাকৈ ডাঙৰ খবৰ ৷ দেওবাৰে পাকিস্তান ক্ৰিকেট ব’ৰ্ডে বাবৰ আজমৰ স্থানত উইকেটকীপাৰ বেটছমেন মহম্মদ ৰিজৱানক নিযুক্তি দিয়ে বগা বলৰ অধিনায়ক হিচাপে ৷

আনহাতে, ছমাহ পূৰ্বে নিযুক্তি লাভ কৰা দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন ক্ৰিকেটাৰ তথা পাকিস্তানৰ পুৰুষ ক্ৰিকেট দলৰ বৰ্তমানৰ বগা বলৰ মুখ্য প্ৰশিক্ষক গেৰী কাৰ্ষ্টনে পদত্যাগ কৰে ৷ এই চুক্তিৰ ম্যাদ আছিল দুই বছৰ, কিন্তু ছমাহ পিছতে চুক্তি ভংগ কৰে কাৰ্ষ্টেনে ৷

পাকিস্তান ক্ৰিকেটত অস্থিৰতা

কাৰ্ষ্টেনৰ পাকিস্তান ক্ৰিকেট ব'ৰ্ডৰ (পি চি বি) সৈতে আছিল মতভেদ ৷ অৱশ্যে এই সন্দৰ্ভত পাকিস্তান ক্ৰিকেট ব'ৰ্ডৰ (পি চি বি) তৰফৰ পৰা প্ৰকাশ কৰা নাই কোনো আনুষ্ঠানিক বিবৃতি ৷

পাকিস্তানত অনুষ্ঠিত হ'বলগীয়া চেম্পিয়নছ ট্ৰফী আৰম্ভ হ’বলৈ মাজত আছে মাত্ৰ 4 মাহ ৷ তাৰ পূৰ্বে এনেধৰণৰ খবৰে স্বাভাৱিকতে পাকিস্তান ক্ৰিকেট ব’ৰ্ডত তুলিছে খলকনি ৷

মুখ্য প্ৰশিক্ষকৰ পদ ত্যাগৰ সম্ভাৱনা গেৰী কাৰ্ষ্টেনৰ

আই পি এল ফ্ৰেঞ্চাইজি গুজৰাট টাইটানছৰ সৈতে পৃথক হোৱাৰ পিছত পি চি বি-য়ে 28 এপ্ৰিলত গেৰী কাৰ্ষ্টেনক পাকিস্তানৰ বগা বলৰ প্ৰশিক্ষক হিচাপে ঘোষণা কৰে । কাৰ্ষ্টেনে প্ৰশিক্ষকৰ দায়িত্ব লোৱাৰ পিছত পাকিস্তানে আয়াৰলেণ্ডৰ বিৰুদ্ধে 2-1 ব্যৱধানত টি-20 শৃংখলা জিকিছিল ।

আনহাতে, 0-2 ব্যৱধানত ইংলেণ্ডৰ বিৰুদ্ধে টি-20 শৃংখলাত পৰাজিত হৈছিল দলটো ৷ যাৰ বাবে জুনত ৱেষ্ট ইণ্ডিজ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ দ্বাৰা যুটীয়াভাৱে আয়োজিত টি-20 বিশ্বকাপত চুপাৰ-8 ৰ বাবে যোগ্যতা অৰ্জন কৰাত ব্যৰ্থ হয় পাকিস্তান । তেতিয়াৰে পৰা কাৰ্ষ্টেনৰ পদত্যাগৰ সন্দৰ্ভত চলিছিল সৰৱ আলোচনা ৷

নতুন প্ৰশিক্ষকৰ বাবে চৰ্চাত আকিব জাভেদৰ নাম

ৰাষ্ট্ৰীয় নিৰ্বাচকৰ লগতে ৰঙা বলৰ প্ৰশিক্ষক জেচন গিলেস্পী আৰু পাকিস্তানৰ প্ৰাক্তন ফাষ্ট বলাৰ আকিব জাভেদৰ নাম পৰৱৰ্তী বগা বলৰ প্ৰশিক্ষক হিচাপে চৰ্চালৈ আহিছে ৷

লগতে পঢ়ক: ভাৰতৰ পৰাজয় আৰু পাকিস্তানৰ জয়ৰ পিছতে পইণ্টছ তালিকাত ব্যাপক সালসলনি; ফাইনেলৰ দৌৰ হ’ব ৰোমাঞ্চকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.