ETV Bharat / sports

টি-২০ বিশ্বকাপৰ ফাইনেল : গাফানি আৰু ইলিংৱৰ্থৰ ওপৰত আম্পায়াৰৰ গুৰু দায়িত্ব - T20 World Cup 2024 Final

author img

By ETV Bharat Assamese Team

Published : Jun 29, 2024, 1:34 PM IST

IND SA FINAL MATCH UMPIRES : ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হ'বলগীয়া আইচিচি টি-২০ বিশ্বকাপৰ ফাইনেলৰ বাবে ক্ৰিষ্টোফাৰ গাফানি আৰু ৰিচাৰ্ড ইলিংৱৰ্থক অন ফিল্ড আম্পায়াৰ হিচাপে নিযুক্তি দিয়া হৈছে । বহু প্ৰতীক্ষিত এই মেচখন শনিবাৰে বাৰ্বাডোজত অনুষ্ঠিত হ'ব । মীনাক্ষী ৰাওৰ এই সন্দৰ্ভত প্ৰতিবেদন ।

IND SA FINAL MATCH UMPIRES
ফাইনেল মেচৰ দুই আম্পায়াৰ (ETV Bharat)

স্প’ৰ্টছ ডেস্ক, ২৯ জুন : আৰু মাত্ৰ কেইটামান ঘণ্টাৰ অপেক্ষা । দহ বছৰীয়া অপেক্ষাৰ অন্ত পৰিব নে প্ৰথমবাৰৰ বাবে বিশ্বকাপৰ ট্ৰফী হাতত দাঙি ল'ব ? তাৰ বাবে এতিয়াৰে আৰম্ভ হৈছে স্নায়ু যুঁজ । লগতে অনুৰাগী তথা সমৰ্থকৰ অন্তহীন উত্তেজনা ।

কিয়নো শনিবাৰে বাৰ্বাডোজত নিজৰ বিশ্বকাপৰ চতুৰ্থটো ট্ৰফী দাঙিবৰ বাবে যেনেদৰে ব্যগ্ৰ হৈ আছে ৰোহিত শৰ্মাৰ টীম ইণ্ডিয়া ৷ তেনেদৰে বিশ্বকাপৰ ইতিহাসত প্ৰথমবাৰৰ বাবে ফাইনেলত প্ৰৱেশ কৰা আফ্ৰিকান দেশখনেও ইতিহাস সৃষ্টিৰ অপেক্ষাত আছে ।

এই ঐতিহাসিক মেচখন পৰিচালনাৰ বাবে খেলপথাৰত দায়িত্ব অৰ্পণ কৰা হৈছে দুই অভিজ্ঞ আম্পায়াৰক । ক্ৰিষ্টোফাৰ গাফানি আৰু ৰিচাৰ্ড ইলিংৱৰ্থে চলিত বৰ্ষৰ আইচিচি পুৰুষ টি 20 বিশ্বকাপৰ ফাইনেলত ভাৰত বনাম দক্ষিণ আফ্ৰিকাৰ মাজৰ মেচখনত অন ফিল্ড আম্পায়াৰিং কৰিব ।

উল্লেখ্য যে, দক্ষিণ আফ্ৰিকাই ত্ৰিনিদাদ আৰু ট'বেগোত আফগানিস্তানৰ বিৰুদ্ধে ৯ উইকেটত বিজয় সাব্যস্ত কৰি প্ৰথমবাৰৰ বাবে ফাইনেলত উপনীত হৈছে । আনহাতে, গায়েনাত অনুষ্ঠিত দ্বিতীয় ছেমি ফাইনেলত ভাৰতে ইংলেণ্ডক ৬৮ ৰাণত পৰাস্ত কৰি ট্ৰফীৰ দাবীদাৰ হৈছে ।

ইফালে ৰিচাৰ্ড কেটেলবৰো হ'ব টিভি আম্পায়াৰ আৰু চতুৰ্থ আম্পায়াৰ হ'ব ৰডনি টকাৰ । মেচ ৰেফাৰী হিচাপে থাকিব ৰিচি ৰিচাৰ্ডচন । বাৰ্বাডোজে ব্ৰিজটাউনৰ কেনিংটন অভেলত অন্তিমবাৰ 2010 চনৰ পিচত এইবাৰ দ্বিতীয়বাৰৰ বাবে ফাইনেল আয়োজন কৰিছে ।

স্থানীয় সময় অনুসৰি পুৱা ১০.৩০ বজাত মেচখন আৰম্ভ হ'ব । ভাৰতে ১০ বছৰৰ পিচত টি-২০ বিশ্বকাপৰ ফাইনেলত উপনীত হৈছে আৰু মেন ইন ব্লুৱে আকাংক্ষিত ট্ৰফীটোৰ ফালে দৃষ্টি ৰাখিছে ।

এডেন মাৰ্কাৰামৰ নেতৃত্বত দক্ষিণ আফ্ৰিকাৰ বাবে যিকোনো আইচিচি বিশ্বকাপত এইখন হৈছে দলটোৰ প্ৰথমখন ফাইনেল । নিশ্চিতভাৱে আফ্ৰিকান দলটোৱেও ইতিহাস সৃষ্টিৰ প্ৰতি দৃষ্টি ৰাখিব আৰু তাৰবাবে বৰ্তমানৰ দলটোও প্ৰবল দাবীদাৰ হৈ আছে, বিশেষকৈ ফৰ্মৰ ফালৰ পৰা ।

আনহাতে, দুয়োটা দলৰ যদি পৰিসংখ্যা লক্ষ্য কৰা যায়, তেন্তে ভাৰত আৰু দক্ষিণ আফ্ৰিকা দুয়োটা দলে এতিয়ালৈকে প্ৰতিযোগিতাখনত অপৰাজিত হৈ আছে । ভাৰতে ২০১৩ চনত অন্তিম আইচিচি ট্ৰফী জয় কৰিছিল । টীম ইণ্ডিয়াই সেইবাৰ মহেন্দ্ৰ সিং ধোনীৰ নেতৃত্বত চেম্পিয়নছ ট্ৰফীত ইংলেণ্ডক পৰাস্ত কৰি ট্ৰফী জয় কৰিছিল ।

কিন্তু তেতিয়াৰ পৰা ভাৰতে কোনো আইচিচি ট্ৰফীত জয়ী হ'ব পৰা নাই । সেয়ে মেন ইন ব্লুয়েও মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ক অন্তিম ক্ষণত এক বিশেষ উপহাৰ দিবলৈ আগ্ৰহী হৈ আছে । কিয়নো এই প্ৰতিযোগিতাখনৰ পিচতেই মুখ্য প্ৰশিক্ষক হিচাপে ৰাহুল দ্ৰাবিড়ৰ কাৰ্যকাল সমাপ্ত হ'ব ।

লগতে পঢ়ক : ভাৰতীয় ক্ৰিকেট দলৰ ডায়নামিক 7 ; শৰ্মাৰ নেতৃত্ব, কোহলীৰ সংকল্প, পাণ্ডিয়াৰ বহুমুখী প্ৰতিভাই ট্ৰফী জয়ত কৰিব সহায় - T20 World Cup 2024

টি 20 বিশ্বকাপৰ ফাইনেলত আজি ভাৰত বনাম দক্ষিণ আফ্ৰিকা: গুৰুত্বপূৰ্ণ কিছু তথ্য - T20 World Cup 2024

বিৰাট কোহলীৰ সমৰ্থনত স্থিতি স্পষ্ট মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ৰ - T20 World Cup 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.