ETV Bharat / sports

সম্প্ৰীতিৰ বাৰ্তা কঢ়িয়াই অসম-নাগালেণ্ড সীমান্তত অনুষ্ঠিত বন্ধুত্বমূলক ভলীবল খেল - VOLLEYBALL TOURNAMENT

Friendly volleyball match: অসম-নাগালেণ্ড সীমান্তত বন্ধুত্বমূলক ভলীবল খেল প্ৰতিযোগিতা অনুষ্ঠিত ৷ দুয়ো ৰাজ্যৰ লোকৰ অংশগ্ৰহণ ৷

VOLLEYBALL TOURNAMENT
ভলীবল প্ৰতিযোগিতা (ETV Bharat Assam)
author img

By ETV Bharat Sports Team

Published : Dec 12, 2024, 6:53 PM IST

স্প’ৰ্টছ ডেস্ক: এখন খেলে অসম-নাগালেণ্ড সীমান্তলৈ কঢ়িয়াইছে সম্প্ৰীতিৰ বতৰা । দুয়োখন ৰাজ্যৰ সীমান্তৱৰ্তী অঞ্চলত বাস কৰা লোকসকলৰ মাজত অনুষ্ঠিত হৈছে বন্ধুত্বমূলক ভলীবল খেল প্ৰতিযোগিতা ৷

অসম-নাগালেণ্ড সীমান্তৰ গোহাঁজান ভাগ্যলক্ষ্মী গাঁৱত বৃহস্পতিবাৰৰে পৰা আৰম্ভ হৈছে এই বন্ধুত্বমূলক ভলীবল প্ৰতিযোগিতাখন ৷ চলিত বৰ্ষৰ 11 ডিচেম্বৰৰ পৰা 14 ডিচেম্বৰলৈ চাৰিদিনীয়াকৈ এফ ভি বি টিৰ উদ্যোগত গোহাঁজান ভাগ্যলক্ষ্মী গাঁৱত অনুষ্ঠিত হৈছে এই প্ৰতিযোগিতা ।

বন্ধুত্বমূলক ভলীবল খেল (ETV Bharat Assam)

বিগত সময়ৰে পৰা অসম-নাগালেণ্ড সীমান্তৰ সীমা বিবাদে এক দীৰ্ঘদিনীয়া সমস্যা হিচাপে থিয় দি আহিছে ৷ দুয়োখন ৰাজ্যৰে এই বিবাদ আৰু সমস্যাক একাষৰীয়া কৰি অসম-নাগালেণ্ড সীমান্তবাসীৰ মাজত অনুষ্ঠিত কৰা ভলীবল খেলখনে কঢ়িয়াই আনিছে আশাৰ বতৰা ৷

উল্লেখ্য যে, আজিৰে পৰা প্ৰায় 22 বছৰ পূৰ্বে তিতাবৰৰ বিশিষ্ট সমাজসেৱক, ব্যৱসায়ী প্ৰকাশ শইকীয়াৰ নেতৃত্বত কেইগৰাকীমান ব্যক্তিয়ে নাগালেণ্ডৰ ঊষা জিলাৰ চাংপাং চক্ৰৰ নিউচুৰিত আৰম্ভ কৰিছিল এই সম্প্ৰীতিমূলক ভলীবল প্ৰতিযোগিতা । এই প্ৰতিযোগিতাৰ উদ্দেশ্য আছিল অসম-নাগালেণ্ড সীমান্তত নগা-অসমীয়াৰ মাজত শান্তি-সম্প্ৰীতি স্থাপন কৰা ৷

এই সম্প্ৰীতিমূলক ভলীবল প্ৰতিযোগিতাখন উদ্বোধন কৰে তিতাবৰৰ বিধায়ক ভাস্কৰজ্যোতি বৰুৱাই । নগা-অসমীয়া লোকসকলৰ মাজত দীৰ্ঘদিনে থকা সম্বন্ধৰ ভেঁটি এনেধৰণৰ প্ৰতিযোগিতাই অধিক মজবুত কৰাৰ আশা প্ৰকাশ কৰে বিধায়কগৰাকীয়ে ৷

বৰুৱাই প্ৰতিযোগিতাখন মুকলি কৰি এনেদৰে কয়, "খেলৰ মাধ্যমেৰে বিভিন্ন সম্পৰ্ক মজবুত হৈ থাকে" ।

লগতে দুয়োখন ৰাজ্যৰ বিবদমান সীমান্তৰ কথাও উল্লেখ কৰি বিধায়কগৰাকীয়ে কয় যে, "যিবোৰ অঞ্চলত সীমা বিবাদৰ সমস্যা নাই, সেই স্থানসমূহ মুকলি কৰি দিব লাগে ৷ যাতে দুয়ো ৰাজ্যৰ সীমান্তবাসী ৰাইজে অহা-যোৱা কৰি এক মধুৰ সম্পৰ্ক স্থাপন কৰিব পাৰে ৷ এই বিষয় মই অসম বিধানসভাত উত্থাপনো কৰিছো ৷ কাৰণ অসমৰ যুৱকে নগা পাহাৰৰ ছোৱালী আৰু নগা পাহাৰৰ যুৱকে অসমৰ ছোৱালী বিয়া পাতিছে, যাৰ বাবে বৈবাহিক সম্পৰ্কৰ জৰিয়তে হ’লেও দুয়োখন ৰাজ্যৰ মাজত সু- সম্পৰ্ক গঢ়ি উঠিছে" ৷

লগতে পঢ়ক: গুৱাহাটীৰ হোটেলত বাংলাদেশৰ ক্ৰীড়া প্ৰশিক্ষকৰ মৃত্যু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.