ETV Bharat / sports

চতুৰ্থ মহলাৰ পৰা পৰি প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ ডেভিদ জনছনৰ মৃত্যু - Cricketer David Johnson

author img

By ETV Bharat Assamese Team

Published : Jun 20, 2024, 5:50 PM IST

Indian cricketer David Johnson : ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ ডেভিড জনছন আৰু নাই । আৰক্ষী সূত্ৰই জনোৱা অনুসৰি ক্ৰিকেটাৰগৰাকী এটা অট্টালিকাৰ চতুৰ্থ মহলাৰ পৰা তললৈ পৰাৰ ফলত মৃত্যু হয় ৷

Former Indian cricketer David Johnson died
ডেভিদ জনছনৰ মৃত্যু (ETV BHARAT ENGLISH)

স্পৰ্টছ ডেস্ক, 20 জুন : ক্ৰিকেটপ্ৰেমীলৈ দুঃখবৰ ৷ বৃহস্পতিবাৰে বেংগালুৰুত ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ ডেভিদ জনছনৰ মৃত্যু হয় ৷ কৰ্ণাটক ৰাজ্যিক ক্ৰিকেট সংস্থাৰ (কেএছচিএ) এক সূত্ৰই এই খবৰ নিশ্চিত কৰে ৷

আৰক্ষী সূত্ৰই জনোৱা অনুসৰি, এটা অট্টালিকাৰ চতুৰ্থ মহলাৰ পৰা তললৈ পৰাৰ ফলত প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে মৃত্যুক আকোৱালি লয় ৷ মৃত্যুৰ সময়ত জনছনৰ বয়স 52 বছৰ আছিল ৷ তেওঁ ইহসংসাৰত পত্নী আৰু দুটা সন্তান এৰি থৈ গৈছে । তেওঁ 2 খন টেষ্টত ভাৰতক প্ৰতিনিধিত্ব কৰি 8 ৰাণ সংগ্ৰহ কৰি তিনিটা ইউকেট দখল কৰিবলৈ সক্ষম হৈছিল ৷ তেওঁ ঘৰুৱা খেলত কৰ্ণাটকৰ হৈ খেলিছিল । তেওঁ 39 খন প্ৰথম শ্ৰেণীৰ মেচ খেলিছিল আৰু 437 ৰাণ সংগ্ৰহ কৰিছিল ৷ লগতে তেওঁ 8/55 ৰ সৰ্বশ্ৰেষ্ঠ অংকৰ সৈতে 125 টা উইকেট দখল কৰিবলৈ সক্ষম হৈছিল ৷ জনছনে অনিল কুম্বলে, জাৱাগল শ্ৰীনাথ, ভেংকটেশ প্ৰসাদ আৰু ডোডা গণেশৰ দৰে এক অবিশ্বাস্য বলিং গোট গঠন কৰিছিল ।

তেওঁ 1996 চনত নতুন দিল্লীৰ ফিৰোজশ্বাহ কোটলাত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টেষ্ট খেলত আত্মপ্ৰকাশ কৰিছিল আৰু ডাৰ্বানৰ কিংছমিডত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে তেওঁৰ দ্বিতীয় আৰু অন্তিমখন টেষ্ট খেলিছিল ।

ভাৰতৰ প্ৰাক্তন অধিনায়ক আৰু প্ৰশিক্ষক অনিল কুম্বলেই জনছনৰ মৃত্যুত শোক প্ৰকাশ কৰিছে । এক্স ত এটা পোষ্ট কৰি কুম্বলেই কয় যে, "মোৰ ক্ৰিকেটৰ সহকৰ্মী ডেভিদ জনছনৰ মৃত্যুৰ কথা শুনি মৰ্মাহত হৈছো । তেওঁৰ পৰিয়াললৈ আন্তৰিক সমবেদনা জ্ঞাপন কৰিছো । বৰ সোনকালে গ'লিগৈ 'বেনি' !"

বি চি চি আইৰ সচিব জয় শ্বাহে প্ৰাক্তন ক্ৰিকেটাৰগৰাকীৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰি X ত এটা পোষ্ট আপলোড কৰে । 'আমাৰ প্ৰাক্তন ভাৰতীয় দ্ৰুত বলাৰ ডেভিড জনছনৰ পৰিয়াল আৰু বন্ধুবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছো । খেলত তেওঁৰ অৱদান সদায় স্মৰণীয় হৈ থাকিব,"

লগতে পঢ়ক: ভাৰতৰ বাবে প্ৰত্যাহ্বান হ'ব পাৰে এইসকল আফগান ! - T20 World Cup 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.