ETV Bharat / sports

92 বছৰৰ পিছত টেষ্ট ক্ৰিকেটত অন্য এক অভিলেখ যশস্বী জয়ছোৱালৰ - YASHASVI JAISWAL TEST RECORD

author img

By ETV Bharat Sports Team

Published : 3 hours ago

Yashasvi jaiswal: ভাৰতীয় ক্ৰিকেট দলৰ শীৰ্ষ বেটছমেন যশস্বী জয়ছোৱালৰ আন এক অভিলেখ ৷ চেন্নাই টেষ্টত এই অভিলেখ স্থাপন কৰে ক্ৰিকেটাৰগৰাকীয়ে ৷ সমান্তৰালকৈ এই অভিলেখৰ তালিকাত থকা যশস্বী হৈছে একমাত্ৰ ভাৰতীয় ক্ৰিকেটাৰ ৷ পঢ়ক বিতং খবৰ...

YASHASVI JAISWAL TEST RECORD
যশস্বী জয়ছোৱাল (AP Photo)

স্প’ৰ্টছ ডেস্ক, 21 ছেপ্টেম্বৰ: ভাৰতীয় ক্ৰিকেট দলৰ অন্যতম শীৰ্ষ বেটছমেন যশস্বী জয়ছোৱালৰ আন এক অভিলেখ ৷ ক্ৰিকেটাৰগৰাকীয়ে দীৰ্ঘসময়ৰ বাবে টেষ্ট ক্ৰিকেটত অংশগ্ৰহণ নকৰিলেও তেওঁৰ কেৰিয়াৰ তেনেই আকৰ্ষণীয় ৷ শুকুৰবাৰে চেন্নাই টেষ্টৰ দ্বিতীয় দিনটোত জয়ছোৱালে বাংলাদেশৰ বিৰুদ্ধে অৰ্জন কৰে আন এক কৃতিত্ব ৷ সুদীৰ্ঘ 92 বছৰৰ পিছত এই কৃতিত্ব অৰ্জন কৰে ভাৰতীয় ক্ৰিকেটাৰগৰাকীয়ে ৷

চেন্নাই টেষ্টৰ প্ৰথম ইনিংছত 56 ৰাণ সংগ্ৰহ কৰাৰ পিছত জয়ছোৱালে দ্বিতীয় ইনিংছত অধিক ৰাণ সংগ্ৰহৰ ক্ষেত্ৰত ব্যৰ্থ হোৱা দেখা যায় ৷ দ্বিতীয় ইনিংছত খেলুৱৈগৰাকীয়ে 10 ৰাণ সংগ্ৰহ কৰাৰ পিছতে হেৰুৱাই নিজৰ উইকেট ৷

অৱশ্যে এই ব্যৰ্থতাই অভিলেখ স্থাপনৰ ক্ষেত্ৰত কোনো প্ৰতিবন্ধকতা সৃষ্টি কৰা নাছিল ৷ টেষ্ট কেৰিয়াৰত প্ৰথম 10 খন মেচৰ পিছত জয়ছোৱালে সংগ্ৰহ কৰিছিল মুঠ 1094 ৰাণ ৷ যি পৰিসংখ্যা যিকোনো ভাৰতীয় বেটছমেনৰ ক্ষেত্ৰতে সৰ্বাধিক ।

জয়ছোৱাল হৈছে প্ৰথম 10 খন টেষ্ট মেচত 1000 তকৈ অধিক ৰাণ সংগ্ৰহ কৰা প্ৰথমগৰাকী ভাৰতীয় বেটছমেন ৷ ভাৰতৰ হৈ পূৰ্বে এই অভিলেখৰ গৰাকী আছিল সুনীল গাভাস্কাৰ, যিগৰাকী কিংবদন্তীয়ে প্ৰথম 10 খন মেচত 978 ৰাণ সংগ্ৰহ কৰি এই অভিলেখ স্থাপন কৰিছিল ৷ এই তালিকাৰ শীৰ্ষস্থানত আছে অষ্ট্ৰেলিয়াৰ কিংবদন্তী ডন ব্ৰেডমেন(1446 ৰাণ) ৷

কেৰিয়াৰৰ প্ৰথম 10 খন টেষ্টত বেটছমেনে সংগ্ৰহ কৰা সৰ্বাধিক ৰাণ

  • 1446 ৰাণ - ডন ব্ৰেডমেন (অষ্ট্ৰেলিয়া)
  • 1125 ৰাণ - এভাৰটন উইকছ (ৱেষ্ট ইণ্ডিজ)
  • 1102 ৰাণ - জৰ্জ হেডলী (ৱেষ্ট ইণ্ডিজ)
  • 1094 ৰাণ - যশস্বী জয়ছোৱাল (ভাৰত)
  • 1088 ৰাণ - মাৰ্ক টেইলৰ (অষ্ট্ৰেলিয়া)

শুকুৰবাৰে চেন্নাই টেষ্টৰ দ্বিতীয় ইনিংছত 3 টা উইকেট হেৰুৱাই 348 ৰাণৰ অগ্ৰগতি লাভ কৰিছে ভাৰতে । দিনটোৰ শেষত ভাৰতৰ হৈ শুভমন গিল(33 নট আউট) আৰু ঋষভ পন্ত(12 নট আউট) ক্ৰিজত বৰ্তি আছিল ।

বাংলাদেশে প্ৰথম ইনিংছত আটাইকেইটা উইকেট হেৰুৱাই সংগ্ৰহ কৰিছে 149 ৰাণ ৷ যাৰ বাবে আয়োজক দলটোৱে প্ৰথম ইনিংছত 227 ৰাণৰ বৃহৎ অগ্ৰগতি লাভ কৰে ।

লগতে পঢ়ক: ৰবীন্দ্ৰ জাদেজাৰ প্ৰশংসাৰে পঞ্চমুখ আৰ অশ্বিন, পিছে কি ইয়াৰ আঁৰৰ কাৰণ - IND VS BAN 1ST TEST

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.