ETV Bharat / sports

ভাৰতৰ এফআইএইচ হকী প্ৰ'লীগ ২০২৩/২৪ অভিযান সমাপ্ত - FIH Pro League

author img

By ETV Bharat Sports Team

Published : Jun 10, 2024, 11:17 AM IST

FIH Pro League: গ্ৰেট ব্ৰিটেইনে দেওবাৰে ৩-২ গ'লত ভাৰতক পৰাস্ত কৰে । ইয়াৰ লগে লগে ভাৰতৰ এফআইএইচ হকী প্ৰ'লীগ ২০২৩/২৪ অভিযান সমাপ্ত হয় ।

FIH Pro League
ভাৰতৰ এফআইএইচ হকী প্ৰ'লীগ ২০২৩/২৪ অভিযান সমাপ্ত (IANS)

স্পৰ্টছ ডেস্ক, ১০ জুন : এফআইএইচ হকী প্ৰ'লীগ ২০২৩/২৪ ত পুনৰ এবাৰ নিৰাশাজনক প্ৰদৰ্শন ভাৰতীয় পুৰুষ দলৰ । দেওবাৰে আয়োজক গ্ৰেট ব্ৰিটেইনৰ হাতত ২-৩ গ'লত পৰাজয়ৰ সন্মুখীন ভাৰতীয় দলটো । ইয়াৰ লগে লগে প্ৰতিযোগিতাৰ পৰা বাহিৰ হ'ল ভাৰতীয় দলটো ।

এই পৰাজয়ৰ সৈতে ভাৰতীয় পুৰুষ হকী দলে ১৬ খন খেলৰ পৰা মাত্ৰ ২৪ পইণ্ট অৰ্জন কৰে । ভাৰতৰ হৈ সুখজিৎ সিং (১৯') আৰু হৰমনপ্ৰীত সিঙে (৩৬') গ'ল কৰে ৷ আনহাতে গ্ৰেট ব্ৰিটেইনৰ ফিল ৰোপাৰ (১'), জেক ৱালাৰ (৩৭') আৰু এলান ফৰ্চিথে (৫০') গ'ল কৰে ।

প্ৰাৰম্ভিক পৰ্যায়ত গ্ৰেট ব্ৰিটেইনক অধিক বিপদজনক দেখা গৈছিল । কোৱাৰ্টাৰটোৰ মাত্ৰ এক মিনিট পিচতে ফিল ৰোপাৰৰ এটা গ'লৰ বাবে আয়োজক দলটোৱে আগবাঢ়ি থাকে । আয়োজক দলটোৱে প্ৰথম কোৱাৰ্টাৰটোৰ বেছিভাগ সময় বলটো ধৰি ৰাখিছিল আৰু ভাৰতীয় ষ্ট্ৰাইকিং বৃত্তত প্ৰৱেশ কৰিবলৈ সঠিক পাছ দিছিল ।

অৱশ্যে, ভাৰতীয় দলটোৱে দ্ৰুতগতিত আগবাঢ়িবলৈ আৰম্ভ কৰে আৰু সন্মুখৰ পৰা কেইটামান আক্ৰমণ কৰি গ্ৰেট ব্ৰিটেইনক বাধা দিয়ে । নিৰন্তৰ আক্ৰমণৰ স্বত্বেও ভাৰতীয় দলটোৱে সফল হোৱা নাছিল । যাৰ ফলত প্ৰথম কোৱাৰ্টাৰটো ১ গ'লৰ সৈতে গ্ৰেট ব্ৰিটেইনৰ হাততে থাকিল ।

অৱশ্যে দ্বিতীয় কোৱাৰ্টাৰত সুখজিৎ সিঙে ইকুইলাইজাৰ গ'ল কৰাৰ লগে লগে ভাৰতে পুনৰ খেলখনক ৰোমাঞ্চকৰ কৰি তোলে । ইয়াৰ পিচত সঞ্জয়ৰ এটা ফাউলে গ্ৰেট ব্ৰিটেইনক পেনাল্টি ষ্ট্ৰোক অৰ্জন কৰাত সহায় কৰে, কিন্তু ভাৰতীয় গ'লকীপাৰ পি আৰ শ্ৰীজেশে জাচাৰী ৱালেছক বাধা দিবলৈ সক্ষম হয় । দ্বিতীয় কোৱাৰ্টাৰ ১-১ গ'লতে সমাপ্ত হয় ।

তৃতীয় কোৱাৰ্টাৰটো অতি ৰোমাঞ্চকৰ আছিল । দুয়োটা দলে আক্ৰমণ তীব্ৰতৰ কৰি তোলে । ভাৰতে পেনাল্টি ষ্ট্ৰোক লাভ কৰে, যিটো অধিনায়ক হৰমনপ্ৰীত সিঙে সফলতাৰে এটা গ'ললৈ ৰূপান্তৰিত কৰি ভাৰতক ২-১ ৰ অগ্ৰগতি প্ৰদান কৰে ।

অৱশ্যে, আয়োজক গ্ৰেট ব্ৰিটেইনে এক মিনিটৰ ভিতৰতে পুনৰ আক্ৰমণাত্মক হৈ পৰে । জেক ৱালাৰে এটা সুন্দৰ ফিল্ড গ'ল কৰে আৰু ২-২ গ'লত খেলখনৰ তৃতীয় কোৱাৰ্টাৰ সমাপ্ত হয় । আত্মবিশ্বাসী ভাৰতীয় দলে খেলখনৰ চতুৰ্থ আৰু অন্তিম কোৱাৰ্টাৰত সম্পূৰ্ণ শক্তি প্ৰয়োগ কৰে আৰু শক্তিশালী আক্ৰমণ কৰি গ্ৰেট ব্ৰিটেইনক চাপত ৰাখে ।

অৱশ্যে, আয়োজক দলে তেওঁলোকৰ প্ৰতিৰক্ষা তীব্ৰতৰ কৰি ৰাখিছিল । খেলখন সমাপ্ত হোৱাৰ কিছু সময় পূৰ্বে ব্ৰিটেইনৰ এলান ফৰ্চিথে বিজয়ী গ'লটো কৰিবলৈ সক্ষম হয় । যাৰ ফলত খেলখন আয়োজক গ্ৰেট ব্ৰিটেইনৰ বিজয়ৰ সৈতে সমাপ্ত হয় ।

লগতে পঢ়ক :বিশ্বকাপৰ হাই ভল্টেজ মেচত ভাৰতৰ হাতত ৬ ৰাণত পৰাস্ত পাকিস্তান; বলাৰৰ উৎকৃষ্ট প্ৰদৰ্শন - T20 WORLD CUP 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.