স্প’ৰ্টছ ডেস্ক, 11 অক্টোবৰ: ধৰ্ম এগৰাকী ব্যক্তিৰ অত্যন্ত ব্যক্তিগত বিষয় আৰু সকলোৰে নিজৰ পছন্দৰ ধৰ্ম পালন কৰাৰ অধিকাৰ আছে । ক্ৰিকেটৰ জগতৰ ক্ষেত্ৰতো খাটে একেটাই কথা ৷ ক্ৰিকেটাৰসকলেও পছন্দ অনুযায়ী নিজৰ ধৰ্ম পালন কৰে ৷
কিন্তু তাৰ মাজতে একাংশ ক্ৰিকেটাৰে প্ৰেম, বিশ্বাস বা ব্যক্তিগত পছন্দৰ বাবেই সলনি কৰে ধৰ্ম । তেনে কেইগৰাকীমান ক্ৰিকেটাৰৰ কথাৰে সজোৱা হৈছে এই প্ৰতিবেদন-
বিনোদ কাম্বলী (ভাৰত)
ভাৰতীয় দলৰ প্ৰাক্তন বেটছমেন বিনোদ কাম্বলী মহাৰাষ্ট্ৰৰ পুনেৰ হিন্দু পৰিয়ালত জন্মগ্ৰহণ কৰিছিল ৷ 2010 চনত খ্ৰীষ্টিয়ান যুৱতীৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱা ক্ৰিকেটাৰগৰাকীয়ে ধৰ্ম সলনি কৰি গ্ৰহণ কৰে খ্ৰীষ্টান ধৰ্ম । বিনোদ কাম্বলী শচীন তেণ্ডুলকাৰৰ শৈশৱৰ বন্ধু । তেওঁ ভাৰতৰ হৈ 17 খন টেষ্ট আৰু 105 খন এদিনীয়া মেচত অংশগ্ৰহণ কৰি সংগ্ৰহ কৰিছিল মুঠ 3,561 ৰাণ ৷
মহম্মদ ইউছুফ (পাকিস্তান)
খ্ৰীষ্টান পৰিয়ালত জন্মগ্ৰহণ কৰা পাকিস্তানৰ প্ৰাক্তন বেটছমেন মহম্মদ ইউছুফৰ পূৰ্বৰ নাম আছিল ইউছুফ যোহানা । 2005-06 চনত ইছলাম ধৰ্ম গ্ৰহণ কৰা এইগৰাকী ক্ৰিকেটাৰে 2010 চনলৈকে পাকিস্তানৰ হৈ ক্ৰিকেট খেলে ৷ পাকিস্তানৰ ক্ৰিকেট ইতিহাসৰ অন্যতম সফল বেটছমেন হিচাপে মহম্মদ ইউছুফক গণ্য কৰা হয় ৷ তেওঁ 90 খন টেষ্ট, 288 খন এদিনীয়া আৰু 3 খন টি 20 মেচ খেলি মুঠ 17 হাজাৰৰো অধিক ৰাণ সংগ্ৰহ কৰে ।
বেন পাৰ্ণেল (দক্ষিণ আফ্ৰিকা)
দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন ফাষ্ট বলাৰ বেন পাৰ্ণেলে 2011 চনত খ্ৰীষ্টান ধৰ্ম এৰি ইছলাম ধৰ্ম গ্ৰহণ কৰাৰ লগতে সলনি কৰে নিজৰ নাম ৷ তাৰপিছৰে পৰা ক্ৰিকেটাৰগৰাকী জনাজাত হৈ পৰে ৱালিদ পাৰ্ণেল নামেৰে ৷ 2009 চনৰ পৰা 2017 চনলৈকে পাৰ্ণেলে দেশৰ হৈ ক্ৰিকেট খেলি গৈছিল । দক্ষিণ আফ্ৰিকাৰ হৈ 4 খন টেষ্ট, 65 খন এদিনীয়া আৰু 40 খন টি 20 মেচত তেওঁ দখল কৰিছে মুঠ 127 টা উইকেট ।
তিলকৰত্নে দিলশান (শ্ৰীলংকা)
শ্ৰীলংকাৰ বেটছমেন তিলকৰত্নে দিলশানৰ জন্ম এটা মুছলমান পৰিয়ালত হৈছিল । পৰৱৰ্তী সময়ত মাক-দেউতাকৰ পৰা পৃথক হোৱাৰ পিছত তেওঁ 16 বছৰ বয়সত গ্ৰহণ কৰিছিল বৌদ্ধ ধৰ্ম ৷ তেওঁৰ পূৰ্বৰ নাম আছিল টাইৱান মহম্মদ দিলশান । দিলশান শ্ৰীলংকাৰ ক্ৰিকেট ইতিহাসৰ আটাইতকৈ বিস্ফোৰক বেটছমেনসকলৰ মাজৰ এজন । তেওঁ 87 খন টেষ্ট, 330 খন এদিনীয়া আৰু 80 খন টি 20 মেচ খেলিছিল, য’ত তেওঁ 17,000 ৰো অধিক ৰাণ সংগ্ৰহ কৰিছিল ৷ লগতে সামগ্ৰিকভাৱে 150 তকৈ অধিক উইকেট দখল কৰিছিল ।
এ জি কিৰপাল সিং (ভাৰত)
এ জি কৃপাল সিং আছিল এজন ভাৰতীয় বেটছমেন, যিয়ে 1955 চনৰ পৰা 1964 চনলৈকে নিজৰ দেশৰ হৈ খেলিছিল । শিখ পৰিয়ালত জন্মগ্ৰহণ কৰা প্ৰকৃত নাম আছিল অমৰজিৎ সিং কৃপাল । কিন্তু 1960 চনত তেওঁ খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰাৰ লগতে নাম সলনি কৰি হৈ পৰে এন্থনী জৰ্জ কৃপাল সিং ৷ তেওঁ ভাৰতৰ হৈ 14 খন টেষ্ট মেচ খেলি 422 ৰাণ সংগ্ৰহৰ লগতে দখল কৰে মুঠ 6 টা উইকেট ।
সুৰজ ৰাণ্ডীভ (শ্ৰীলংকা)
মুছলমান পৰিয়ালত জন্মগ্ৰহণ কৰিছিল শ্ৰীলংকাৰ প্ৰাক্তন অফ স্পিনাৰ সুৰজ ৰাণ্ডীভ । ক্ৰিকেটাৰগৰাকীৰ পূৰ্বৰ নাম আছিল মহম্মদ মাছৰুক সুৰজ ৷ পিছলৈ তেওঁ 2010 চনত বৌদ্ধ ধৰ্ম গ্ৰহণ কৰি নাম সলনি কৰি সুৰজ ৰাণ্ডীভ ৰূপে পৰিচিত হয় ৷ 2009 চনৰ পৰা 2016 চনলৈ তেওঁ দেশৰ হৈ ক্ৰিকেট খেলিছিল । য’ত আছে 12 খন টেষ্ট, 31 খন এদিনীয়া আৰু 7 খন টি 20 মেচ ।
ৰবীন উথাপ্পা (ভাৰত)
ৰবীন উথাপ্পা হৈছে ধৰ্ম সলনি কৰা তৃতীয়গৰাকী ভাৰতীয় ক্ৰিকেটাৰ । হিন্দু পৰিয়ালত জন্মগ্ৰহণ কৰা উথাপ্পাই 2011 চনত খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰে ৷ উথাপ্পাই ভাৰতৰ হৈ 46 খন এদিনীয়া আৰু 13 খন টি 20 মেচ খেলিছে ।
লগতে পঢ়ক: এখন অবিশ্বাস্য ক্ৰিকেট মেচ; মাথো এটা বলত সংগ্ৰহ 286 ৰাণ - 286 Run in 1 ball