ETV Bharat / sports

অৱসৰ ঘোষণা কৰা ক্ৰিকেটাৰৰ সংখ্যা বৃদ্ধি: এইবাৰ এইগৰাকী খেলুৱৈয়ে এৰিলে ক্ৰিকেটৰ ময়দান - DAWID MALAN ANNOUNCES RETIREMENT - DAWID MALAN ANNOUNCES RETIREMENT

Dawid Malan: বিগত কিছুদিনৰে পৰা এগৰাকীৰ পিছত আন এগৰাকী ক্ৰিকেটাৰে অৱসৰ লোৱাৰ কথা ঘোষণা কৰি থকা সঘনাই পৰিলক্ষিত হৈছে ৷ বিৰাট কোহলী, ৰোহিত শৰ্মা, শিখৰ ধৱনৰ পিছত আন এগৰাকী ক্ৰিকেটাৰে আন্তৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰে ৷ তেওঁনো কোন, জানিবলৈ পঢ়ক এই প্ৰতিবেদন ৷

DAWID MALAN ANNOUNCES RETIREMENT
ইংলেণ্ডৰ ক্ৰিকেটাৰ ডেভিড মলান (IANS PHOTO)
author img

By ETV Bharat Sports Team

Published : Aug 28, 2024, 4:11 PM IST

স্প’ৰ্টছ ডেস্ক, 28 আগষ্ট: টি 20 বিশ্বকাপৰ পিছত ভাৰতৰ কেইবাগৰাকীও ক্ৰিকেটাৰে ঘোষণা কৰিছে অৱসৰ ৷ ৰোহিত শৰ্মা, বিৰাট কোহলী, শিখৰ ধৱনৰ দৰে খেলুৱৈসকলে ক্ৰিকেটৰ পৰা সন্ন্যাস ঘোষণা কৰাৰ পিছত আন এগৰাকী ক্ৰিকেটাৰেও আন্তৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ৰাজহুৱা কৰিছে ৷ যি কথাক লৈ ক্ৰিকেটৰ অনুৰাগীসকলৰ মনত দুখে আৱৰি ধৰিছে ৷

অৱশ্যে ভাৰতীয় কোনো ক্ৰিকেটাৰে এইবাৰ ঘোষণা কৰা নাই অৱসৰ ৷ শেহতীয়াকৈ ইংলেণ্ড ক্ৰিকেট দলৰ বাওঁহতীয়া বেটছমেন ডেভিড মলানেহে 37 বছৰ বয়সত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিছে । ডেভিড মলান ইংলেণ্ডৰ হৈ খেলি থকা এক নম্বৰ বেটছমেন আছিল । জছ বাটলাৰৰ উপৰিও মলান হৈছে ইংলেণ্ডৰ হৈ তিনিওটা ফৰ্মেটত শতক অৰ্জন কৰা এগৰাকী বেটছমেন ।

মলানে ইংলেণ্ডৰ হৈ অৱশ্যে বেছি ক্ৰিকেট খেলা নাই । তেওঁ ইংলেণ্ডৰ হৈ মাত্ৰ 22 খন টেষ্ট, 30 খন এদিনীয়া আৰু 62 খন টি-20 ত অংশগ্ৰহণ কৰিছে ৷ ক্ৰিকেটাৰগৰাকীৰ নামত আছে 8 টা শতক, য’ত 6 খন এদিনীয়া, এখন টেষ্ট আৰু এখন টি-20 মেচ অন্তৰ্ভুক্ত হৈ আছে । যোৱা বছৰ ভাৰতত অনুষ্ঠিত হোৱা আই চি চি পুৰুষৰ এদিনীয়া বিশ্বকাপ 2023 ৰ পিছৰ পৰা মলানক ইংলেণ্ড দলত অন্তৰ্ভুক্ত কৰা হোৱা নাছিল ৷

শেহতীয়াকৈ সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত মলানে কয়, "টেষ্ট ক্ৰিকেট সদায় মোৰ বাবে শীৰ্ষস্থানত আছে ৷ কেতিয়াবা মই ভাল খেলিছিলো, কিন্তু মাজতে মই ভাল খেলিব পৰা নাছিলো বা ধাৰাবাহিকভাৱে ভাল খেলিব পৰা নাছিলো, যিটো হতাশাজনক আছিল ৷ কাৰণ মই ভাবিছিলো যে মই ইয়াতকৈ ভাল খেলিব পাৰো"।

ডেভিড মলানে 2017 চনত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অনুষ্ঠিত টি-20 ত অভিষেকত ঘটাই 44 টা বলত 78 ৰাণ সংগ্ৰহ কৰি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আত্মপ্ৰকাশ কৰিছিল । ক্ৰিকেটত খেলুৱৈগৰাকীয়ে সংগ্ৰহ কৰিছে 4,416 ৰাণ ৷ 2021 চনৰ নিলামত পঞ্জাৱ কিংছে 1.5 কোটি টকাত মলানক ক্ৰয় কৰিছিল, যিটো বাওঁহতীয়া খেলুৱৈগৰাকীৰ বাবে প্ৰথমটো আই পি এল ছিজন আছিল ৷

লগতে পঢ়ক: একেখন খেলত দুটাকৈ দলৰ হকে খেলাতো কেনেদৰে সম্ভৱ ? ডেনি জনছেনে ৰচিলে ইতিহাস - DANNY JANSEN RECORD

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.