স্প’ৰ্টছ ডেস্ক: এতিয়া উৎসৱৰ বতৰ ৷ এই সময়ত মৰমৰ ঘৰখন এৰি ক’ৰবালৈ যোৱাৰ কথা ভাবিছে যদি সেয়া পৰিহাৰ কৰক ৷ কিয়নো ঘৰৰ আশে-পাশে আপোনাৰ অজ্ঞাতে পিয়াপি দি ফুৰিব পাৰে চোৰে ৷
চোৰৰ কবলৰ পৰা সাৰি নগ’ল বিখ্যাত ক্ৰিকেটাৰো ৷ এই কথা জানিলে হয়তো আপুনিও আচৰিত হৈ পৰিব ৷
এগৰাকী জনপ্ৰিয় ক্ৰিকেটাৰে শেহতীয়াকৈ টেষ্ট শৃংখলাত অংশগ্ৰহণৰ উদ্দেশ্যে গৈছিল পাকিস্তানলৈ ৷ ক্ৰিকেটাৰগৰাকীৰ পত্নী তথা সন্তান ঘৰত থকাৰ পিছতো চোৰে ঘৰত প্ৰৱেশ কৰি লুটি নিয়ে সকলো ৷ অৱশ্যে এই ঘটনাতো কোনো লোক হতাহত হোৱা নাই ৷
পাকিস্তান ভ্ৰমণৰ সময়ত সংঘটিত হৈছিল চুৰিকাণ্ড
এই ঘটনা সংঘটিত হৈছিল 17 অক্টোবৰত ৷ সেই সময়ত ইংলেণ্ডে মুলতানত পাকিস্তানৰ বিৰুদ্ধে দ্বিতীয়খন টেষ্ট মেচত অংশগ্ৰহণ কৰি আছিল ৷ চোৰে ক্ৰিকেটাৰগৰাকীৰ বহু মূল্যৱান সামগ্ৰী চুৰি কৰি নিয়ে ৷ ইয়াৰ পিছতে পৰিয়ালৰ লোকে কাষ চাপে আৰক্ষীৰ ৷
APPEAL
— Ben Stokes (@benstokes38) October 30, 2024
On the evening of Thursday 17th October a number of masked people burgled my home in the Castle Eden area in the North East.
They escaped with jewellery, other valuables and a good deal of personal items. Many of those items have real sentimental value for me and my…
এক্সৰ জৰিয়তে কৰিলে আবেদন
চুৰিকাণ্ডৰ এই ঘটনা সংঘটিত হৈছে ইংলেণ্ডৰ ক্ৰিকেটাৰ বেন ষ্টোকছৰ ঘৰত ৷ ক্ৰিকেটাৰগৰাকীয়ে চুৰিকাণ্ড সন্দৰ্ভত এক্সত লিখিছে এনেদৰে, "17 অক্টোবৰ বৃহস্পতিবাৰে সন্ধিয়া কেইবাজনো মুখত মাস্ক পৰিধান কৰা লোকে উত্তৰ-পূৱৰ কেচেল ইডেন অঞ্চলত থকা মোৰ ঘৰত চুৰি কৰি গহণা, অন্যান্য মূল্যৱান সামগ্ৰীৰ লগতে কেতবোৰ ব্যক্তিগত সামগ্ৰী লৈ পলাই যায় । সেই বস্তুবোৰৰ বহুতৰে মোৰ আৰু মোৰ পৰিয়ালৰ সৈতে আবেগিক সম্পৰ্ক আছে । এই কাণ্ড সংঘটিত কৰা লোকসকলক বিচাৰি উলিওৱাৰ ক্ষেত্ৰত যিকোনো সহায়ৰ বাবে এয়া এক আবেদন" ৷
— Ben Stokes (@benstokes38) October 30, 2024
বেন ষ্টোকছৰ OBE চুৰি
ষ্টোকছে তেওঁৰ এক্স একাউণ্টত চুৰি হোৱা কিছুমান সামগ্ৰীৰ ফটো শ্বেয়াৰ কৰিছিল । সেইসমূহৰ ভিতৰত আছিল কিছু গহণা আৰু এটা ডিজাইনাৰ বেগ ৷ তাৰোপৰি আছিল ষ্টোকছক তেওঁৰ OBE ৰ বাবে দিয়া পদক । ক্ৰিকেটলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁ 2020 চনত লাভ কৰিছিল এই সন্মান, বিশেষকৈ 2019 ৰ গ্ৰীষ্মকালত কৰা এক স্মৰণীয় প্ৰদৰ্শনৰ পিছত ।
— Ben Stokes (@benstokes38) October 30, 2024
2019 চনত ষ্টোকছে ইংলেণ্ডৰ এদিনীয়া বিশ্বকাপ বিজয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ৷ ক্ৰিকেটাৰগৰাকীয়ে ফাইনেলত সুন্দৰ প্ৰদৰ্শন দাঙি ধৰাৰ লগতে এছেজৰ সময়ত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে হেডিংলি টেষ্ট জিকিবলৈ উন্নত প্ৰদৰ্শন কৰিছিল ।
ধৰা পৰিব লাগিব চোৰ
"আমি আমাৰ মূল্যৱান সামগ্ৰী হেৰুৱাইছো ৷ সঁচাকৈয়ে এই ফটোবোৰ শ্বেয়াৰ কৰাৰ মোৰ একমাত্ৰ উদ্দেশ্য হৈছে চুৰি হোৱা সামগ্ৰীসমূহ পুনৰুদ্ধাৰ হোৱাটো । চোৰক ধৰাৰ উদ্দেশ্যে এই পোষ্ট ৰাজহুৱা কৰা হৈছে" বুলি ক্ৰিকেটাৰগৰাকীয়ে ব্যক্ত কৰে ৷
লগতে পঢ়ক: আই পি এল 2025 ৰ বাবে ফ্ৰেঞ্চাইজিয়ে ধৰি ৰাখিব পৰা সম্ভাৱ্য খেলুৱৈসকল