ETV Bharat / sports

দুলীপ ট্ৰফীৰ মেচৰ মাজতে হৰ্ষিত ৰাণাই কাক উদ্দেশ্যি দিলে ফ্লাইং কিছ - DULEEP TROPHY 2024

author img

By ETV Bharat Sports Team

Published : Sep 6, 2024, 5:17 PM IST

Duleep Trophy 2024: ভাৰতৰ নৱপ্ৰজন্মৰ বলাৰ হৰ্ষিত ৰাণাই মেচৰ সময়ত "ফ্লাইং কিছ" ৰ ভংগী প্ৰদৰ্শন কৰি পৰিছিল বিপদত ৷ আই পি এলৰ মেচ চলি থকা অৱস্থাত খেলুৱৈগৰাকীয়ে কৰা এই ভুলকে পুনৰাবৃত্তি কৰা দেখা গৈছে দুলীপ ট্ৰফীৰ মেচৰ সময়ত ৷ পঢ়ক সবিশেষ...

DULEEP TROPHY 2024
হৰ্ষিত ৰাণা (IANS PHOTOS)

স্প’ৰ্টছ ডেস্ক, 6 ছেপ্টেম্বৰ: পুনৰ এবাৰ চৰ্চাৰ বিষয় হৈ পৰিছে ভাৰতীয় পেচাৰ হৰ্ষিত ৰাণা ৷ পেভিলিয়নমুখী হোৱা বেটছমেনসকলক "ফ্লাইং কিছ" ৰ ভংগী প্ৰদৰ্শন কৰি সংবাদ শিৰোনাম দখল কৰিছে বলাৰগৰাকী । বৃহস্পতিবাৰে দুলীপ ট্ৰফীৰ প্ৰথম দিনটোত অনন্তপুৰত ইণ্ডিয়া চি আৰু ইণ্ডিয়া ডি ৰ মাজত অনুষ্ঠিত মেচৰ সময়ত ৰাণাই এনে কৰা পৰিলক্ষিত হৈছিল ৷ পূৰ্বে আই পি এল 2024 তো একেটা কামকে কৰি বিপদত পৰিছিল খেলুৱৈগৰাকী ।

"ফ্লাইং কিছ" ৰে আনন্দ প্ৰদৰ্শন হৰ্ষিত ৰাণাৰ

মেচৰ মাজতে ৰাণাৰ বিশেষ উদযাপনশৈলী চলিত বৰ্ষৰ আই পি এলৰ সময়ত হৈ পৰিছিল চৰ্চাৰ বিষয় ৷ কিয়নো ছানৰাইজাৰ্ছ হায়দৰাবাদৰ অপেনাৰ ময়ংক আগৰৱালাক আউট কৰাৰ পিছত এনে ভংগীমাৰ বাবে জৰিমনাও বিহা হৈছিল ৰাণাক ।

সম্প্ৰতি দুলীপ ট্ৰফীৰ প্ৰথম দিনৰ এখন মেচত ইণ্ডিয়া ডি-ৰ হৈ খেলি হৰ্ষিতে ইণ্ডিয়া চি-ৰ অধিনায়ক ৰুতুৰাজ গায়কোৱাড়ৰ উইকেট দখল কৰে । ইয়াৰ পিছতে পেভিলিয়নমুখী হোৱা বেটছমেনগৰাকীক ৰাণাই নিজস্ব শৈলীৰে ফ্লাইং কিছ প্ৰদৰ্শন কৰি বিদায় দিয়ে ৷

হৰ্ষিতৰ বলত পেভিলিয়নমুখী ৰুতুৰাজ

ইণ্ডিয়া চি-ৰ প্ৰথম ইনিংছৰ সপ্তম অভাৰত সোঁহতীয়া পেচাৰ হৰ্ষিত ৰাণাই ষ্টাম্পৰ বাহিৰত এটা শ্বৰ্ট-অফ-লেংথ বল প্ৰয়োগ কৰে ৷ এই বলটো গায়কোৱাড়ৰ বেটৰ কাষত শ্লিপলৈ যায় আৰু ৰুতুৰাজ কেচ আউট হয় । ইণ্ডিয়া ডি-য়ে এই মুহূৰ্তটো উদযাপন কৰে ৷

পিছে দলৰ বিপৰীতে হৰ্ষিত ৰাণাই ফ্লাইং কিছৰ মাধ্যমৰে এই মুহূৰ্ত উদযাপন কৰে ৷ অৱশ্যে আই পি এলৰ দৰে এই ভংগীমা বেটছমেনৰ ফালে প্ৰদৰ্শন নকৰি ড্ৰেছিং ৰুমৰ ফালেহে লক্ষ্য কৰি প্ৰদৰ্শন কৰে ৷

প্ৰায় প্ৰতিগৰাকী বেটছমেনে সংগ্ৰাম কৰিবলৈ বাধ্য হোৱা পিটছখনত অলৰাউণ্ডাৰ অক্ষৰ পেটেলে প্ৰথম ইনিংছত সংগ্ৰহ কৰে 86 ৰাণ ৷ গায়কোৱাড়ে মাত্ৰ 5 ৰাণ সংগ্ৰহ কৰিয়েই পেভিলিয়নলৈ উভতি আহে । ইয়াৰ পূৰ্বে হৰ্ষিতে প্ৰাৰম্ভিক বেটছমেন চাই সুধাৰচনকো মাত্ৰ 7 ৰাণত আউট কৰে ।

হৰ্ষিতে তেওঁৰ দলটোক এটা সুন্দৰ আৰম্ভণি প্ৰদান কৰি 164 ৰাণত ইণ্ডিয়া ডি ক আৱদ্ধ কৰি ৰাখে ৷ ইণ্ডিয়া চি-য়ে 33 অভাৰত 91/4 ৰাণ সংগ্ৰহ কৰি বৰ্তমানে দলটো 73 ৰাণত পিছপৰি আছে । দ্বিতীয় দিনাৰ প্ৰথম অভাৰত হৰ্ষিতে উইকেটকীপাৰ বেটছমেন অভিষেক পোৰেলৰ উইকেট দখল কৰে ৷

লগতে পঢ়ক: ৰিয়ান পৰাগৰ কেৰিয়াৰত আছে এইকেইগৰাকী ক্ৰিকেটাৰৰ অৱদান: সাক্ষাৎকাৰত কৰিলে প্ৰকাশ - RIYAN PARAG ON INDIAN CRICKETERS

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.