ETV Bharat / sports

প্ৰশিক্ষকৰ পৰা অনুৰাগীলৈ সকলোকে ধন্যবাদ জনাই ক্ৰিকেটক বিদায় দিলে দীনেশ কাৰ্তিকে - Dinesh Karthik Announces Retirement

author img

By ETV Bharat Assamese Team

Published : Jun 2, 2024, 6:54 PM IST

Dinesh Karthik Announces Retirement from Cricket: ভাৰতৰ সোঁহাতৰ বেটছমেন তথা উইকেটকীপাৰ দীনেশ কাৰ্তিকে ৩৯ সংখ্যক জন্মদিনত সকলো ধৰণৰ ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰে । ছ’চিয়েল মিডিয়াত এটা আৱেগিক পোষ্ট লিখি অনুৰাগী আৰু প্ৰশিক্ষকসকলক ধন্যবাদ জনায় কাৰ্তিকে । পঢ়ক সম্পূৰ্ণ খবৰ...

Dinesh Karthik
Dinesh Karthik announced retirement (ANI)

নিউজ ডেস্ক, ২ জুন: ৩৯ সংখ্যক জন্মদিনত ভাৰতীয় ক্ৰিকেট দল তথা আই পি এলত আৰু ৰয়েল চেলেঞ্জাৰ বেংগালুৰু (আৰ চি বি)ৰ উইকেটকীপাৰ বেটছমেন দীনেশ কাৰ্তিকে শনিবাৰে ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰে ৷ “মই আনুষ্ঠানিকভাৱে অৱসৰ ঘোষণা কৰিছো আৰু মোৰ খেলাৰ দিনবোৰ পিছলৈ এৰিছোঁ”। এইদৰে পোষ্ট কৰে কাৰ্তিকে ৷

দীনেশ কাৰ্তিকে নিজৰ এক্স হেণ্ডেলত পত্ৰখনৰ ছবি শ্বেয়াৰ কৰি সকলো ধৰণৰ ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰে । কাৰ্তিকে নিজৰ এক্স হেণ্ডেলত লিখিছে, "ই অফিচিয়েল, থেংকচ, ডি কে ।" লগতে তেওঁৰ চিঠিখনৰ ছবিৰ লগতে এটা ভিডিঅ’ও পোষ্ট কৰে ।

লগতে পঢ়ক: ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক হিচাপে গৌতম গম্ভীৰৰ পক্ষত সৌৰভ গাংগুলী - Indian team head coach

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল)ৰ ১৭ সংখ্যক ছিজনৰ পিছত বুট ওলোমাই থ’ব বুলি উল্লেখ কৰা কাৰ্তিকক এলিমিনেটৰত ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে ফ্ৰেঞ্চাইজিটোৰ হৃদয়বিদাৰক পৰাজয়ৰ পিছত আৰ চি বিৰ খেলুৱৈসকলে গাৰ্ড অৱ অনাৰ প্ৰদান কৰে ।

৩৯ বছৰীয়া কাৰ্তিকে গ্ল’ভছ খুলি অনুৰাগীসকলৰ অভিবাদন স্বীকাৰ কৰে, যিয়ে গোটেই ছিজনটোত প্ৰবীণ খেলুৱৈগৰাকীক তেওঁৰ অৱদানৰ বাবে হাত চাপৰি বজাব অভিনন্দন জনাবলৈ থিয় দিছিল । ক্ৰিকেট তাৰকা বিৰাট কোহলীয়ে কাৰ্তিকক আঁকোৱালি লৈছিল, তেওঁ নিজৰ আৱেগক প্ৰতিহত কৰিব পৰা নাছিল ৷

লগতে পঢ়ক: ভাৰতৰ টি-২০ বিশ্বকাপৰ পথ পৰিক্ৰমা - T20 World Cup 2024

‘‘যোৱা কেইদিনমানৰ পৰা লাভ কৰা সমৰ্থন আৰু মৰমবোৰে মোক আপ্লুত কৰি তুলিছে । এই অনুভৱ সম্ভৱ কৰি তোলা সকলো অনুৰাগীলৈ মোৰ গভীৰ কৃতজ্ঞতা আৰু আন্তৰিক ধন্যবাদ । কিছুদিনৰ পৰা যথেষ্ট চিন্তা কৰি মই আনুষ্ঠানিকভাৱে অৱসৰৰ কথা ঘোষণা কৰিছো আৰু আগন্তুক নতুন প্ৰত্যাহ্বানৰ বাবে স্কোৱাৰ আপ কৰি মোৰ খেলাৰ দিনবোৰ এৰি দিছোঁ ।’’ কাৰ্তিকে বিবৃতিটোত লিখিছে ।

‘‘মই মোৰ সকলো প্ৰশিক্ষক, অধিনায়ক, নিৰ্বাচক, সতীৰ্থ আৰু সহায়ক কৰ্মচাৰীৰ সদস্যক ধন্যবাদ জনাইছোঁ, যিয়ে এই দীঘলীয়া যাত্ৰাক সুখদায়ক আৰু উপভোগ্য কৰি তুলিছে । আমাৰ দেশত এই খেল খেলা লাখ লাখ লোকৰ ভিতৰত মই নিজকে ভাগ্যৱান কেইজনমানৰ ভিতৰত বুলি গণ্য কৰোঁ । দেশক প্ৰতিনিধিত্ব কৰাৰ সুযোগ পোৱাৰ বাবে, আৰু ইয়াতকৈও ভাগ্যৱান যে ইমানবোৰ অনুৰাগী আৰু বন্ধুৰ সদিচ্ছা অৰ্জন কৰাটো ৷ মোৰ পিতৃ-মাতৃয়ে এই আটাইকেইটা বছৰ ধৰি শক্তি আৰু সমৰ্থনৰ স্তম্ভ হৈ আহিছে, আৰু তেওঁলোকৰ আশীৰ্বাদ অবিহনে মই যি হৈছোঁ সেয়া নহ'লোহেঁতেন,” তেওঁ লগতে কয় ।

লগতে পঢ়ক: কোন ৮ বেটাৰে টী-20 বিশ্বকাপত অৰ্জন কৰিছে দ্ৰুত অৰ্ধশতৰাণৰ কৃতিত্ব - FASTEST 50 IN T20 WORLD CUP

উইকেট কীপাৰ বেটছমেনগৰাকীয়ে লগতে কয় যে তেওঁৰ পত্নী আৰু ৰাষ্ট্ৰীয় স্কোয়াছ খেলুৱৈ দিপিকা পল্লিকালৰ ওচৰত তেওঁ যথেষ্ট ঋণী, যিয়ে তেওঁক কেৰিয়াৰৰ আটাইতকৈ বেয়া পৰ্যায়ত সহায় কৰিছিল ।

"মই বহুত ঋণী ! দিপিকা নিজেই এগৰাকী পেছাদাৰী ক্ৰীড়াবিদ, যিয়ে মোৰ সৈতে মোৰ যাত্ৰাত খোজ দিবলৈ প্ৰায়ে নিজৰ কেৰিয়াৰ স্থগিত ৰাখিছিল । অৱশ্যেই আমাৰ মহান খেলখনৰ সকলো অনুৰাগী আৰু অনুগামীলৈ ধন্যবাদ । ক্ৰিকেট আৰু ক্ৰিকেটাৰ, আপোনালোকৰ সমৰ্থন আৰু শুভেচ্ছা অবিহনে একো নহ’ল হেতেন” তেওঁ শেষত কয় ৷

লগতে পঢ়ক: অৱসৰ ঘোষণা নকৰিলেও দীনেশ কাৰ্তিকক গাৰ্ড অব অনাৰ আৰ চি বিৰ - Dinesh Karthik retirement

২০০৪ চনত ১৯ বছৰ বয়সত টেষ্টত অভিষেক ঘটোৱা কাৰ্তিকে ভাৰতৰ হৈ ২৬ খন টেষ্ট, ৯৪ খন এদিনীয়া আৰু ৬০খন টি-২০ মেচ খেলিছিল ৷ তেওঁ ২০ বছৰীয়া কেৰিয়াৰত বিভিন্ন ভূমিকাত ফ্ৰন্ট আপ কৰিছিল, যেনে ইংলেণ্ডত টেষ্ট অ’পেনাৰ বা নিধাস ট্ৰফীত টি-২০ ফিনিছাৰ হিচাপে ৷

২০০৭ চনৰ আইচিচি টি-২০ বিশ্বকাপৰ উদ্বোধনী ছিজন আৰু ২০১৩ চনৰ আইচিচি চেম্পিয়নছ ট্ৰফী জয় কৰা ভাৰতীয় ক্ৰিকেট দলৰ অবিচ্ছেদ্য সদস্য আছিল । উইকেটৰক্ষক হোৱাৰ পাছতো ৱাইড ছেকেণ্ড স্লিপত দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন অধিনায়ক গ্ৰেম স্মিথৰ কেচ ধৰাটো আজিও মানুহে মনত ৰাখিছে ।

তামিলনাডুৰ পৰা অহা কাৰ্তিকে নিজৰ যি সম্ভাৱনা আছিল, সেই সম্ভাৱনা প্ৰদৰ্শন কৰাত ব্যৰ্থ হোৱাৰ লগতে দলৰ পৰা আঁতৰত আছিল আৰু মহেন্দ্ৰ সিং ধোনীয়ে দলটোৰ অধিনায়ক হিচাপে কাৰ্তিকক উইকেটৰক্ষকৰ স্থান দখল কৰিছিল । কাৰ্তিকে টেষ্টত ১০২৫ ৰান (গড় - ২৫.০), এদিনীয়াত ১৭৫২ (গড় - ৩০.২) আৰু টি-২০ত ৬৮৬ (গড় - ২৬.৪) ৰান সংগ্ৰহ কৰে ।

লগতে পঢ়ক: যশস্বী জয়ছোৱালসহ 8 গৰাকী খেলুৱৈ প্ৰথমবাৰলৈ নামিব টি-20 বিশ্বকাপৰ ক্ৰীজত - T20 World cup 2024

কাৰ্তিকে ৩০০ টি-২০ খেলেৰে একমাত্ৰ ভাৰতীয় ক্ৰিকেটাৰ হিচাপে আই পি এলৰ কেৰিয়াৰ সমাপ্ত কৰে । নগদ ধনেৰে সমৃদ্ধ লীগৰ দ্বিতীয় সৰ্বাধিক মেচত অংশগ্ৰহণ কৰা খেলুৱৈ আৰু ২৫০+ আই পি এল খেলত অংশগ্ৰহণ কৰা একমাত্ৰ তৃতীয়জন ভাৰতীয় আছিল । ২০২৪ চনৰ আই পি এলৰ ১৫খন মেচত ৩২৬ ৰান সংগ্ৰহ কৰি গড়ে ৩৬.২২ আৰু ষ্ট্ৰাইক ৰেট ১৮৭.৩৬ ৰান সংগ্ৰহ কৰে ।

২০০৮ চনৰ - উদ্বোধনী ছিজনত দিল্লী ডেয়াৰডেভিলছ (বৰ্তমান দিল্লী কেপিটেলছ)ৰ সৈতে অভিষেক ঘটোৱা কাৰ্তিকে ২৫৭খন মেচত ৪,৮৪২ ৰান সংগ্ৰহ তথা ২২টা অৰ্ধশতক সংগ্ৰহ কৰি আই পি এলৰ কেৰিয়াৰ সমাপ্ত কৰে । ১৭ বছৰতকৈও অধিক সময় ধৰি চলি থকা আই পি এলৰ বিখ্যাত কেৰিয়াৰত কাৰ্তিকে মুম্বাই ইণ্ডিয়ানছ, পাঞ্জাব কিংছ (তেতিয়াৰ কিংছ একাদশ পঞ্জাব), গুজৰাট লায়ন্স, কলকাতা নাইট ৰাইডাৰ্ছ (কে কে আৰ), আৰ চি বিকে ধৰি ছটা ফ্ৰেঞ্চাইজিৰ বাবে খেলিছিল ।

লগতে পঢ়ক: টি-২০ বিশ্বকাপ ইতিহাসত সৰ্বাধিক ছয় কোবোৱা ৫ বেটছমেন; তালিকাত থকা ভাৰতীয় কোন ? - T20 World Cup 2024

ডি কে হিচাপেও খ্যাতি থকা কাৰ্তিক ২০১৮ চনৰ পৰা ২০২০ চনলৈ তিনি বছৰ ধৰি কেকেআৰক নেতৃত্ব দিছিল ৷ তেওঁ ষ্টেণ্ড ইন অধিনায়ক হিচাপেও ৬ বাৰকৈ দিল্লী ডেয়াৰডেভিলছৰ নেতৃত্ব দিছে । সামগ্ৰিকভাৱে তেওঁৰ অধিনায়কত্বৰ অভিলেখত ২১টা জয়, ২১টা পৰাজয় আৰু এখন টাই মেচ আছে ।

২০০২ চনৰ শেষৰ ফালে বৰোদাৰ বিৰুদ্ধে তামিলনাডু ক্ৰিকেট দলৰ হৈ উইকেট কীপাৰ হিচাপে অভিষেক ঘটোৱা কাৰ্তিকে তাৰ পিছত ১৬৭ খন প্ৰথম শ্ৰেণীৰ মেচ আৰু ২৬০ খন লিষ্ট-এ মেচ খেলিছে । ঘৰুৱা ক্ৰিকেটত তেওঁ তামিলনাডু ক্ৰিকেট দলৰ বৰ্তমানৰ অধিনায়ক ।

পেছাদাৰী হিচাপে তেওঁৰ সময়ৰ অন্ত পৰা যেন লগাত কাৰ্তিকে হয়তো ধাৰাভাষ্যকাৰ হিচাপে নিজৰ পথসমূহ অন্বেষণ কৰিবলৈ বিচাৰিব আৰু শেহতীয়াকৈ তেওঁক আগন্তুক ২০২৪ টি-২০ বিশ্বকাপৰ বাবে ধাৰাভাষ্যকাৰৰ পেনেলত যোগ কৰা হৈছে । ইতিমধ্যে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হোৱা আইচিচি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল, আৰু এছেছ ২০২৩ৰ সময়ত তেওঁ ধাৰাভাষ্যকাৰ হিচাপে কাম কৰিছে ।

লগতে পঢ়ক: টি-২০ বিশ্বকাপ; ভাৰত-পাকিস্তানৰ খেলৰ পূৰ্বে ISISৰ ভাবুকি ! - ISIS threats

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.