ETV Bharat / sports

পেৰিছ অলিম্পিকত ব্যৰ্থ দীপিকা কুমাৰীৰ বিশ্বকাপত ৰূপৰ পদক জয়

Deepika at archery World Cup Final: আৰ্চাৰী বিশ্বকাপত পঞ্চমটো ৰূপৰ পদক জয় ভাৰতীয় ধনুৰ্বিদ দীপিকা কুমাৰীৰ ৷

author img

By ETV Bharat Sports Team

Published : 2 hours ago

ARCHERY WORLD CUP FINAL 2024
ভাৰতীয় ধনুৰ্বিদ দীপিকা কুমাৰী (AP Photo)

স্প’ৰ্টছ ডেস্ক: চতুৰ্থবাৰৰ বাবে অলিম্পিকত অংশগ্ৰহণ কৰাৰ পিছতো পদক অবিহনে পেৰিছৰ পৰা উভতিছিল ভাৰতীয় খেলুৱৈ দীপিকা কুমাৰী । দলীয় শাখাৰ উপৰিও ব্যক্তিগত ইভেণ্টতো শেষ আঠৰ যুঁজত ব্যৰ্থ প্ৰমাণিত হৈছিল খেলুৱৈগৰাকী ৷

কিন্তু এই সকলো ব্যৰ্থতা পাহৰি দীপিকাই অংশগ্ৰহণ কৰিছিল মেক্সিকোত অনুষ্ঠিত হোৱা আৰ্চাৰী বিশ্বকাপত ৷ অভিজ্ঞ মহিলা ধনুৰ্বিদগৰাকীয়ে হেৰুওৱা ছন্দ ঘূৰাই পোৱাৰ লগতে প্ৰতিযোগিতাখনত অৰ্জন কৰিবলৈ সক্ষম হয় ৰূপৰ পদক ৷ দীপিকাই বিশ্বকাপত পঞ্চমটো ৰূপৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে ৷

লগতে পঢ়ক: কোৱাৰ্টাৰ ফাইনেলৰ বাবে যোগ্যতা অৰ্জন দীপিকা কুমাৰীৰ, বাহিৰ হ’ল ভজন কৌৰ - Paris Olympics 2024

দেওবাৰে অনুষ্ঠিত হোৱা ৰিকাৰ্ভ ইভেণ্টত স্বৰ্ণ জয়ৰ মেচত চীনৰ লি জিয়ামানৰ হাতত পোনপটীয়া ছেটত (0-6) পৰাস্ত হৈ ৰূপৰ পদকতে সন্তুষ্ট হ’বলগীয়া হৈছিল দীপিকা কুমাৰীয়ে । সমান্তৰালকৈ খেলুৱৈগৰাকীয়ে বিশ্বকাপত লাভ কৰা পদকৰ সংখ্যা ছয়টালৈ (এটা সোণ, পাঁচটা ৰূপ) বৃদ্ধি পায় ৷ 2022 চনত সন্তান জন্ম দিয়াৰ পিছত দীপিকাই প্ৰথমবাৰৰ বাবে বিশ্বকাপত অংশগ্ৰহণ কৰে ৷ ছেমি ফাইনেললৈকে উন্নত প্ৰদৰ্শন দাঙি ধৰা দীপিকাই ফাইনেলত প্ৰতিপক্ষৰ হাতত পৰাস্ত হ’বলগীয়া হয় ৷

চাৰিবাৰৰ অলিম্পিয়ানগৰাকীৰ হাতত পৰাস্ত হয় মেক্সিকোৰ দুবাৰকৈ ব্ৰঞ্জৰ পদক বিজয়ী আলেজান্দ্ৰা ভেলেন্সিয়া ৷ যিয়ে পেৰিছত মিশ্ৰিত দল আৰু মহিলা দলৰ শাখাত প’ডিয়ামত স্থান লাভ কৰিছিল ৷ ভেলেন্সিয়াক 6-4 ছেটত পৰাস্ত কৰি ভাৰতীয় ধনুৰ্বিদগৰাকীয়ে ফাইনেলত প্ৰৱেশ কৰে ৷

আনহাতে, কোৱাৰ্টাৰ ফাইনেলত দীপিকাৰ হাতত 0-6 ছেটত পৰাস্ত হয় চীনৰ ইয়াং জিয়াওলেই । কিন্তু দেওবাৰে অনুষ্ঠিত হোৱা আৰ্চাৰী বিশ্বকাপৰ ফাইনেলত প্ৰতিপক্ষৰ হাতত পৰাজয়বৰণ কৰে ভাৰতীয় ধনুৰ্বিদগৰাকীয়ে ৷

লগতে পঢ়ক: অলিম্পিক অভিযানৰ অন্ত পৰিল দীপিকা কুমাৰীৰ : কোৱাৰ্টাৰ ফাইনেলত কোৰিয়ান প্ৰতিদ্বন্দ্বীৰ বিৰুদ্ধে পৰাস্ত - Paris Olympics 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.