ETV Bharat / sports

ৰাজস্থানৰ সমুখত দিল্লীৰ ২২২ ৰাণৰ শক্তিশালী টাৰ্গেট - IPL DC VS RR MATCH - IPL DC VS RR MATCH

DC VS RR MATCH HIGHLIGHTS: দিল্লী কেপিটেলছ আৰু ৰাজস্থান ৰয়েলছৰ মাজত অনুষ্ঠিত আই পি এল ২০২৪ ৰ ৫৬ সংখ্যক মেচখনত দিল্লীয়ে ২২২ ৰাণৰ লক্ষ্য বান্ধি দিছে ৰাজস্থানক ।

IPL DC VS RR MATCH
DC VS RR MATCH HIGHLIGHTS (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : May 7, 2024, 10:53 PM IST

নিউজ ডেস্ক, ৭ মে': দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত আই পি এলৰ ৫৬ সংখ্যক মেচখনত মুখামুখি হৈছে ৰাজস্থান ৰয়েলছ আৰু দিল্লী কেপিটেলছ । টছত জিকি প্ৰথমে বলিঙৰ সিদ্ধান্ত গ্ৰহণ কৰে ৰাজস্থান ৰয়েলছে ।

দিল্লীৰ দুই অপেনাৰ জেক ফ্ৰেছাৰ আৰু অভিষেক পৰেলে বিস্ফোৰক আৰম্ভণি ঘটায় । ফ্ৰেছাৰে ২০ টা বল খেলি ৭ চাৰি আৰু ৩ টা ছিক্সাৰৰ সহায়ত ৫০ ৰাণ সংগ্ৰহ কৰে । ইফালে পৰেলে ৩৬ টা বলত ৭ চাৰি আৰু ৩ টা ছিক্সাৰ কোবাই ৬৫ ৰাণৰ বৰঙণি যোগায় । অক্ষৰ পেটেল আৰু অধিনায়ক ঋষভ পন্ত উভয়েই ১৫ ৰাণ সংগ্ৰহ কৰে । ষ্টাবছে ২০ টা বলত ৩ টা চাৰি আৰু ৩ টা ছিক্সাৰৰ সহায়ত ৪১ ৰাণ কৰে । গুলবাদিনে সংগ্ৰহ কৰে ১৯ ৰাণ । নিৰ্ধাৰিত ২০ অভাৰত দিল্লী কেপিটেলছে ৮ উইকেটৰ বিনিময়ত ২২১ ৰাণ সংগ্ৰহ কৰে । ৰাজস্থান ৰয়েলছৰ অভিজ্ঞ স্পিনাৰ অশ্বিনে ৩ টা উইকেট দখল কৰে ।

ইফালে ২২২ ৰাণৰ লক্ষ্যৰে বেটিং আৰম্ভ কৰিয়েই ৪ ৰাণতে প্ৰথমটো উইকেট হেৰুৱাই ৰাজস্থান ৰয়েলছে । ১৯ ৰাণ কৰি ৫.৫ অভাৰতে বাটলাৰেও বিদায় মাগে । ৰিয়ান পৰাগে ২২ টা বল খেলি ২৭ ৰাণ সংগ্ৰহ কৰে । অধিনায়ক সঞ্জু চেমছনে ৫৫ ৰাণ কৰি খেলি আছে ।

বৰ্তমানলৈকে ১০খন মেচৰ ৮ খনত জয়ৰে ৰাজস্থান ৰয়েলছ দল বৰ্তমান ১৬ পইণ্টেৰে তালিকাত দ্বিতীয় স্থানত আছে । একে সময়তে ১১ খন খেলৰ ভিতৰত ৫ খন খেলত জয়লাভ কৰাৰ পাছতো দিল্লী কেপিটেলছৰ দলটো ১০ পইন্টেৰে ষষ্ঠ স্থানত আছে । প্লে' অফত স্থান লাভৰ বাবে দুয়োটা দলে আজিৰ খেলখনত জয়লাভ কৰিব বিচাৰিব ।

দুয়োটা দলৰ মাজত অভিলেখৰ কথা ক’বলৈ গ’লে এই পৰ্যন্ত দুয়োটা দলৰ মাজত মুঠ ২৮ খন মেচ অনুষ্ঠিত হৈছে । এই সময়ছোৱাত ৰাজস্থান ৰয়েলছে ১৫ খন খেলত জয়লাভ কৰিছে । দিল্লী কেপিটেলছে ১৩ খন খেলত জয়লাভ কৰিছে ।

লগতে পঢ়ক: টি-২০ ক্ৰিকেটত ৩৫০ টা উইকেট দখলেৰে অভিলেখ ৰচনা যুজবেন্দ্ৰ চাহালৰ - Yuzvendra Chahal 350 T20 Wickets

কোন কোন দলৰ স্থান নিশ্চিত আই পি এল ২০২৪ ৰ প্লে' অফত ? - IPL 2024

লক্ষ্ণৌক ৯৮ ৰাণত পৰাস্ত কৰি পইণ্ট তালিকাৰ শীৰ্ষত কলকাতা - IPL 2024

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.