ETV Bharat / sports

ৱেষ্ট ইণ্ডিজৰ বৃহৎ সিদ্ধান্ত; দুবাৰকৈ বিশ্বকাপ জয়ী অধিনায়কৰ কান্ধত অৰ্পণ এই দায়িত্ব - WEST INDIES COACH DAREN SAMMY

West Indies cricket coach: ৱেষ্ট ইণ্ডিজ ক্ৰিকেট ব’ৰ্ডে দুবাৰৰ বিশ্ব চেম্পিয়ন এগৰাকী খেলুৱৈক অৰ্পণ কৰিছে এক ডাঙৰ দায়িত্ব ৷

WEST INDIES COACH DAREN SAMMY
ডেৰেন ছেমি (AFP Photo)
author img

By ETV Bharat Sports Team

Published : Dec 17, 2024, 3:58 PM IST

স্প’ৰ্টছ ডেস্ক: দুবাৰকৈ টি-20 বিশ্বকাপ জয় কৰা ৱেষ্ট ইণ্ডিজৰ প্ৰাক্তন অধিনায়ক ডেৰেন ছেমিক সকলো ফৰ্মেটতে ৱেষ্ট ইণ্ডিজ ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়া হৈছে ।

ক্ৰিকেট ৱেষ্ট ইণ্ডিজে (চি ডব্লিউ আই) ছেইণ্ট ভিনচেণ্টত ত্ৰিমাসিক সংবাদমেল সম্বোধন কৰি এই কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰে ৷ ৱেষ্ট ইণ্ডিজৰ প্ৰাক্তন অধিনায়কগৰাকীয়ে 2025 চনৰ 1 এপ্ৰিলৰ পৰা টেষ্ট দলৰ লগতে সীমিত অভাৰৰ দলসমূহৰ প্ৰশিক্ষকৰূপে কাৰ্যনিৰ্বাহ কৰিব ৷

ডেৰেন ছেমিক ৱেষ্ট ইণ্ডিজৰ প্ৰশিক্ষকৰূপে নিযুক্তি

ছেমিয়ে আন্দ্ৰে কলীৰ স্থানত টেষ্ট দলৰ মুখ্য প্ৰশিক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰিব ৷ 40 বছৰীয়া ছেমিয়ে 2023 চনত এই ভূমিকা গ্ৰহণ কৰাৰ পিছত বগা বলৰ দল গঠনৰ প্ৰচেষ্টাৰ বাবে যথেষ্ট প্ৰশংসা লাভ কৰিছে । তেওঁৰ প্ৰশিক্ষণে সীমিত অভাৰৰ ক্ৰিকেটত আশাব্যঞ্জক ফলাফলৰ সৈতে দলটোলৈ নতুন শক্তি আনিছিল ।

ক্ৰিকেট ৱেষ্ট ইণ্ডিজে (চি ডব্লিউ আই) নিজৰ 'এক্স' হেণ্ডেলত এনেদৰে টুইট কৰিছে, "ডেৰেন ছেমি 1 এপ্ৰিল 2025 ৰ পৰা সকলো জ্যেষ্ঠ পুৰুষ দলৰ মুখ্য প্ৰশিক্ষক হ'ব । অলপ আগতে ক্ৰিকেট ৱেষ্ট ইণ্ডিজৰ সঞ্চালক মাইলছ বাচকম্বে ছেইণ্ট ভিনচেণ্টত তিনিমহীয়া সংবাদমেলখনত এই কথা ঘোষণা কৰে"।

ৱেষ্ট ইণ্ডিজে দুখন টি-20 বিশ্বকাপত কৰিছে জয়লাভ

ছেমিৱে ক্ৰিকেট খেলি থকা অৱস্থাত ৱেষ্ট ইণ্ডিজ ক্ৰিকেটলৈ আগবঢ়াইছিল গুৰুত্বপূৰ্ণ অৱদান ৷ দলটোক 2012 আৰু 2016 চনত টি-20 বিশ্বকাপ জয়ৰ দিশে নিয়াত ছেমিৰ ভূমিকা আছিল গুৰুত্বপূৰ্ণ । এতিয়া এই নতুন দায়িত্ব লাভ কৰাৰ পিছত টেষ্ট ক্ৰিকেটত কেৰিবিয়ান দলটো পুনৰুজ্জীৱিত হোৱাৰ আশা ৰাখিব টীম মেনেজমেণ্টে ৷

ৱেষ্ট ইণ্ডিজ বনাম বাংলাদেশৰ শৃংখলা

ৱেষ্ট ইণ্ডিজে বৰ্তমান বাংলাদেশৰ বিৰুদ্ধে কেইবাটাও ফৰ্মেটৰ এক শৃংখলাত ব্যস্ত হৈ আছে ৷ ইতিমধ্যে দলটোৱে এদিনীয়া শৃংখলাত জয়লাভ কৰিছে যদিও টেষ্ট শৃংখলাতো অমীমাংসিতভাৱে সামৰণি পৰে ৷ আনহাতে, বাংলাদেশে 3 খন মেচৰ টি-20 শৃংখলাত 1-0 ৰ অগ্ৰগতি লাভ কৰিছে ৷

লগতে পঢ়ক: ঘৰৰ মাটিত টি-20 ক্ৰিকেটত প্ৰথমবাৰৰ বাবে পৰাস্ত ৱেষ্ট ইণ্ডিজ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.