ETV Bharat / sports

ক্ৰিকেটৰ পৰা ৰাজনীতিত ভৰি থৈ দেশৰ প্ৰধানমন্ত্ৰীৰ আসনত বহা পাঁচগৰাকী ক্ৰিকেটাৰ - Cricketers who became PM

author img

By ETV Bharat Sports Team

Published : Sep 11, 2024, 10:47 AM IST

Cricketers Who Became Prime Minister: আজি আমি আপোনালোকক সেইসকল ক্ৰিকেট খেলুৱৈৰ বিষয়ে জনাম, যিসকলে ক্ৰিকেট এৰি ৰাজনীতিত নিজৰ কেৰিয়াৰ গঢ়াৰ চেষ্টা কৰিছিল আৰু তাৰ পিছত তেওঁলোক নিজৰ দেশৰ প্ৰধানমন্ত্ৰী হৈছিল । সম্পূৰ্ণ খবৰ পঢ়ক...

CRICKETERS TURNS INTO PM
CRICKETERS WHO BECAME PM (IANS)

স্প’ৰ্টছ ডেস্ক, 11 ছেপ্টেম্বৰ: ক্ৰিকেট খেলপথাৰত খেলুৱৈয়ে বেটেৰে ছয়, চাৰি মাৰি বা বিধ্বংসী বলিঙৰ সহায়ত উইকেট দখলেৰে অভিলেখ গঢ়া আপুনি প্ৰায়েই দেখিছে ৷ কিন্তু কোনো ক্ৰিকেটাৰে দেশৰ প্ৰধানমন্ত্ৰী হৈ ৰাজনৈতিক খেলপথাৰত ডাঙৰ ডাঙৰ সিদ্ধান্ত লোৱা দেখিছেনে ? যদি নাই দেখা, তেন্তে আমি এনে পাঁচজন ক্ৰিকেটাৰৰ কথা ক’বলৈ ওলাইছো, যিসকল পিছলৈ নিজৰ দেশৰ প্ৰধানমন্ত্ৰী হৈছিল ।

প্ৰধানমন্ত্ৰীৰ আসনত বহা পাঁচজন ক্ৰিকেটাৰ

ইমৰাণ খান: পাকিস্তান ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক ইমৰাণ খান আছিল এজন উৎকৃষ্ট ক্ৰিকেটাৰ । খেলপথাৰত প্ৰতিপক্ষৰ বিৰুদ্ধে বেট আৰু বল দুয়োটাৰে আক্ৰমণ কৰাত পাকৈত আছিল ইমৰাণ খান । তেওঁৰ অধিনায়কত্বতেই পাকিস্তানে ১৯৯২ চনৰ এদিনীয়া বিশ্বকাপ জয় কৰিছিল । ইয়াৰ পিছত ২০১৮ চনত ইমৰাণ খান পাকিস্তানৰ প্ৰধানমন্ত্ৰী আৰু ২০২২ চনত তেওঁৰ চৰকাৰৰ পতন ঘটে । তেওঁৰ দল পাকিস্তান তেহৰিক-ই-ইনছাফ ।

CRICKETERS WHO BECAME PM
ইমৰাণ খান (IANS)

কামিছেছে মাৰা: ৰাতু ছাৰ কামিছেছে মাৰা এই তালিকাত অন্তৰ্ভুক্ত । ফিজিৰ হৈ ক্ৰিকেট তেওঁ খেলিছিল, নিউজীলেণ্ড ভ্ৰমণত অটাগো আৰু কেণ্টাৰবেৰীৰ বিৰুদ্ধে প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত দুখন মেচ খেলিছিল কামিছেছেই । তেওঁ দলটোৰ সহ-অধিনায়ক হিচাপেও আছিল । কেণ্টাৰবেৰীৰ বিৰুদ্ধে তেওঁ ৪৪ ৰানৰ অপৰাজিত ইনিংছ খেলিছিল । ইয়াৰ লগতে মধ্যমীয়া বেগী বলাৰ মাৰাই ৮ টা উইকেটো দখল কৰে । দুৰ্ভাগ্যবশতঃ তেওঁ সোঁহাতত আঘাত পায়, যাৰ বাবে তেওঁৰ ক্ৰিকেট কেৰিয়াৰ বেছি দিন টিকি থাকিব নোৱাৰিলে । ১৯৭০ চনৰ পৰা ১৯৯২ চনলৈ দেশৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি ১৯৯৩ চনৰ পৰা ২০০০ চনলৈ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হৈছিল মাৰা ।

ছাৰ ফ্ৰান্সিছ বেল: নিউজীলেণ্ডৰ প্ৰথম প্ৰধানমন্ত্ৰী ছাৰ ফ্ৰান্সিছ বেলেও ক্ৰিকেট খেলপথাৰৰ অভিজ্ঞতা বুটলিছিল । ডেকাকালত তেওঁ আছিল এজন বিশিষ্ট ক্ৰিকেটাৰ । ৱেলিংটনৰ হৈ ২ খন প্ৰথম শ্ৰেণীৰ মেচো খেলিছিল । ইয়াৰ পিছত তেওঁ ক্ৰিকেটৰ ক্ষেত্ৰত সফলতা লাভ কৰিব নোৱাৰিলে, সেয়েহে তেওঁ ক্ৰিকেট এৰি ৰাজনীতিত নিজৰ কেৰিয়াৰ আৰম্ভ কৰিলে । ১৯২৫ চনৰ ১০ মে’ৰ পৰা ৩০ মে’লৈ কেইদিনমানৰ বাবে তেওঁ প্ৰধানমন্ত্ৰী হয় । মাত্ৰ ১৬ দিন প্ৰধানমন্ত্ৰী হৈ আছিল বেল ।

ছাৰ এলেক ডগলাছ হোম: ৰাজনীতিলৈ অহাৰ পূৰ্বে ক্ৰিকেট খেলপথাৰতো দেখা গৈছিল ছাৰ এলেক ডগলাছ হোমক । উজ্জ্বল প্ৰদৰ্শন কৰি ব্ৰিটিছ প্ৰধানমন্ত্ৰী হিচাপে পৰিগণিত হোৱা ক্ৰিকেটাৰ আছিল হোম । ১৯৬৩ চনৰ পৰা ১৯৬৪ চনলৈ তেওঁ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । তেওঁ ডেকাকালত মিডলছেক্স আৰু অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ হৈ ক্ৰিকেট খেলিছিল । ১৯২৪ চনৰ পৰা ১৯২৭ চনৰ ভিতৰত তেওঁ ১০ খন প্ৰথম শ্ৰেণীৰ মেচ খেলিছিল । মিডলছেক্সৰ হৈ খেলি থকাৰ সময়ত তেওঁ ১৪৭ ৰান সংগ্ৰহ কৰে । লগতে তেওঁৰ নামত ১২ টা উইকেট আছে । আৰ্জেণ্টিনাৰ বিৰুদ্ধে প্ৰথম শ্ৰেণীৰ তিনিখন খেলত তেওঁ অংশগ্ৰহণ কৰিছিল ।

CRICKETERS WHO BECAME PM
নৱাজ শ্বৰীফ (IANS)

নৱাজ শ্বৰীফ: পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফকো এই তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে । নৱাজ সৰুকালত ক্ৰিকেটাৰ আছিল আৰু ক্লাব ক্ৰিকেটৰ এজন উৎকৃষ্ট খেলুৱৈও আছিল । পাকিস্তানৰ হৈ প্ৰথম শ্ৰেণীৰ এখন খেলো খেলিছিল । এই মেচখনত তেওঁ প্ৰথম বলত শূন্য স্ক’ৰত আউট হৈছিল । পাকিস্তান মুছলিম লীগ পাৰ্টীৰ হৈ তিনিবাৰকৈ দেশৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে নৱাজে ।

লগতে পঢ়ক: পাকিস্তানৰ লজ্জাজনক কাহিনী: ক্ৰিকেট খেল বন্ধ কৰি খেলপথাৰৰ মাজতে চাবুকেৰে কোবোৱা হৈছিল এজন ব্যক্তিক - Pakistan cricket

ভাৰতীয় ক্ৰিকেট চেম্পিয়নশ্বিপৰ নাম কেনেকৈ হ’ল ৰঞ্জী ট্ৰফী : জানো আহক ইতিহাস - History of Ranji Trophy

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.