ETV Bharat / sports

জন্ম ইংলেণ্ডত, উন্নতিৰ শিখৰ অষ্ট্ৰেলিয়াত, মৃত্যু পাকিস্তানত; সমালোচনাৰ সন্মুখীন পাকিস্তানী ক্ৰিকেটাৰ - ENG VS PAK TEST SERIES

Eng vs pak: মুলতান টেষ্টত পাকিস্তানৰ লজ্জাজনক পৰাজয় ৷ সামাজিক মাধ্যমত অনুৰাগীৰ প্ৰতিক্ৰিয়া ৷

ENG VS PAK TEST SERIES
বাবৰ আজম (AP)
author img

By ETV Bharat Sports Team

Published : Oct 11, 2024, 5:12 PM IST

স্প’ৰ্টছ ডেস্ক, 11 অক্টোবৰ: মুলতান টেষ্টত ইংলেণ্ডৰ বিৰুদ্ধে লজ্জাজনক পৰাজয় স্বীকাৰ কৰে পাকিস্তানে ৷ প্ৰথম ইনিংছত 500 ৰো অধিক ৰাণ সংগ্ৰহ কৰাৰ পিছতো মেচখন এটা ইনিংছত পৰাস্ত হোৱা প্ৰথমটো দল হিচাপে পৰিগণিত হয় পাকিস্তান ৷

ইংলেণ্ডৰ হৈ হেৰী ব্ৰুকে ত্ৰি-শতক আৰু জ’ ৰুটে দ্বি-শতক অৰ্জন কৰে ৷ জেক লিচে 7 টা উইকেট দখল কৰি আগবঢ়াই আকৰ্ষণীয় প্ৰদৰ্শন ।

পাকিস্তানৰ শোচনীয় প্ৰদৰ্শনৰ বাবে শুকুৰবাৰে একেৰাহে ষষ্ঠবাৰৰ বাবে টেষ্টত পৰাজয়ৰ সন্মুখীন হয় ৷ এই পৰাজয়ৰ পিছতে দলটোৱে ক্ৰিকেট অনুৰাগীৰ ক্ষোভৰ সন্মুখীন হোৱাৰ লগতে সামাজিক মাধ্যমত বিভিন্ন নেতিবাচক প্ৰতিক্ৰিয়া আৰু মন্তব্য লাভ কৰে ৷

সুমিত নামৰ এজন "এক্স" ব্যৱহাৰকাৰীয়ে ক্ৰিকেটৰ অগ্ৰগতি দেখুৱাই পোষ্ট কৰে এনেদৰে, "ক্ৰিকেটৰ জন্ম ইংলেণ্ডত, অষ্ট্ৰেলিয়াত উপনীত হৈছিল উন্নতিৰ শিখৰত কিন্তু মৃত্যু ঘটে পাকিস্তানত" ।

আন এজন ব্যৱহাৰকাৰীয়ে লিখিছিল, "অপমানক খেল হিচাপে গঢ়ি তুলিব লাগে আৰু পাকিস্তানে ইয়াত পাৰদৰ্শিতা দেখুৱাব" ।

মেচখনত পাকিস্তানৰ বলাৰসকলে হতাশাজনক প্ৰদৰ্শন আগবঢ়াইছিল ৷ দলটোৰ 6 গৰাকী বলাৰে ব্যয় কৰিছিল 100 ৰো অধিক ৰাণ ৷ ফলত ইংলেণ্ডে শৃংখলাত পাকিস্তানক হেৰুৱাই লাভ কৰিছে 1-0 ৰ অগ্ৰগতি ৷

প্ৰথম ইনিংছত 500 তকৈও অধিক ৰাণ সংগ্ৰহ কৰি টেষ্ট মেচত পৰাস্ত হোৱা প্ৰথমটো ক্ৰিকেট দলত পৰিগণিত হৈছে পাকিস্তান । সাম্প্ৰতিক সময়ত টেষ্ট ক্ৰিকেটত অব্যাহত আছে পাকিস্তানৰ ভয়ানক পৰ্যায় । এয়া একেৰাহে ষষ্ঠবাৰৰ বাবে পাকিস্তানৰ পৰাজয় । কেৱল এয়াই নহয়, যোৱা 9 খন টেষ্ট মেচত ঘৰুৱা শৃংখলাত পাকিস্তানৰ এয়া সপ্তমটো পৰাজয় ।

লগতে পঢ়ক: মুখ লুকুৱাবলৈও নহ’ব জেগা, ইমান বেয়াকৈ ইংলেণ্ডৰ হাতত পৰাজিত পাকিস্তান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.