ETV Bharat / sports

নিষিদ্ধ ক্ৰিকেট: অন্যথা ভৰিব লাগিব 10 হাজাৰ টকাৰ জৰিমনা - BAN ON CRICKET - BAN ON CRICKET

Latest cricket news: ক্ৰিকেট অনুৰাগীসকলৰ বাবে এটা বেয়া খবৰ ৷ নিষিদ্ধ কৰা হৈছে ক্ৰিকেট খেল । যদি কোনো লোকক ক্ৰিকেট খেলি থকা অৱস্থাত পোৱা যায়, তেন্তে ভৰিব লাগিব জৰিমনা ৷ সৰ্বাধিক 10000 টকা পৰ্যন্ত হ’ব পাৰে জৰিমনাৰ পৰিমাণ ৷

BAN ON CRICKET
নিষিদ্ধ ক্ৰিকেট (Getty images)
author img

By ETV Bharat Sports Team

Published : Sep 7, 2024, 5:16 PM IST

স্প’ৰ্টছ ডেস্ক, 7 ছেপ্টেম্বৰ: সাধাৰণতে ক্ৰিকেট সকলোৰে মাজত সৰ্বাধিক জনপ্ৰিয় খেল হিচাপে পৰিচিত ৷ পিছে এইবাৰ ক্ৰিকেট খেলৰ ওপৰত জাৰি কৰা হৈছে নিষেধাজ্ঞা ৷ এই খবৰ শুনি সকলো ক্ৰিকেটপ্ৰেমী দুখ পালেও, এয়াই সঁচা ৷

আন্তৰ্জাতিক ক্ৰিকেট পৰিষদে বিশ্বজুৰি ক্ৰিকেটক জনপ্ৰিয় কৰাৰ বাবে শেহতীয়াকৈ গ্ৰহণ কৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ । আনকি 2028 চনৰ লছ এঞ্জেলছ অলিম্পিকত অন্তৰ্ভুক্ত কৰা হৈছে ক্ৰিকেটক । একে সময়তে প্ৰকাশ পোৱা এই খবৰে হতবাক কৰি তুলিছে অনুৰাগীসকলক ।

ক্ৰিকেটৰ ওপৰত নিষেধাজ্ঞা

দৰাচলতে উত্তৰ ইটালীৰ এখন চহৰত নিষিদ্ধ কৰা হৈছে ক্ৰিকেট । এই সিদ্ধান্ত গ্ৰহণ কৰিছে চহৰখনৰ মেয়ৰে, যিয়ে ক্ৰিকেট খেলৰ লগতে ইয়াত অংশগ্ৰহণ কৰা বাংলাদেশী অনুপ্ৰৱেশকাৰীসকলক স্থানীয় সাংস্কৃতিক ঐতিহ্যৰ ক্ষেত্ৰত ভাবুকি হিচাপে গ্ৰহণ কৰে ।

10 হাজাৰলৈকে জৰিমনা

বি বি চিৰ এক প্ৰতিবেদন অনুসৰি, মনফালকন চহৰখনে আনুষ্ঠানিকভাৱে নিষিদ্ধ কৰিছে ক্ৰিকেটক ৷ যদিহে কোনো লোকক ক্ৰিকেট খেলি থকা অৱস্থাত প্ৰত্যক্ষ কৰা হয়, তেন্তে তেওঁলোকে ভৰিব লাগিব 100 ইউৰো পাউণ্ড(ভাৰতীয় হিচাপত প্ৰায় 10,000 টকা) ৰ জৰিমনা ৷ এই নিষেধাজ্ঞাই ইটালীৰ এড্ৰিয়াটিক উপকূলৰ ওচৰৰ মনফালকন চহৰত এক উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি কৰিছে ।

প্ৰায় 30,000 জনসংখ্যাৰে পৰিপূৰ্ণ চহৰখনৰ প্ৰায় এক-তৃতীয়াংশ বাসিন্দাই বিদেশী । ইয়াত মুখ্যতঃ বাংলাদেশী মুছলমান লোকে বসবাস কৰি আছে, যি 1990 ৰ দশকৰ শেষৰফালে এটা মুখ্য বন্দৰত কাম কৰিবলৈ চহৰখনলৈ আহিছিল ।

কিয় আৰোপ কৰা হৈছে নিষেধাজ্ঞা ?

মনফালকনৰ মেয়ৰ আন্না মাৰিয়া চিচিণ্টে কৈছে যে, তেওঁ নিজৰ চহৰ আৰু খ্ৰীষ্টান মূল্যবোধৰ প্ৰতিৰক্ষা কৰিব লাগিব । এই সন্দৰ্ভত তেওঁ বি বি চি-ক কৈছিল, "আমাৰ ইতিহাস মচি পেলোৱা হৈছে । ইয়াৰ কোনো অৰ্থ নাই" ৷

ক্ৰিকেট বলৰ ফলত আঘাতৰ সম্ভাৱনা

মেয়ৰ চিচিণ্টে কৈছে যে, বাংলাদেশী সম্প্ৰদায়ে চহৰখনলৈ একো অৱদান আগবঢ়োৱা নাই আৰু তেওঁলোকে আন ঠাইত খেলা উচিত ৷ তেওঁ যুক্তি দিছিল যে, ক্ৰিকেট পিটছ নিৰ্মাণৰ বাবে ঠাই বা ধন নাই আৰু ক্ৰিকেট বলৰ দ্বাৰা যিকোনো লোক আঘাতপ্ৰাপ্ত হ'ব পাৰে ।

"তেওঁলোকে (বাংলাদেশৰ লোকসকলে) এই চহৰখনক, আমাৰ সম্প্ৰদায়ক একো দিয়া নাই । তেওঁলোকে মনফালকনৰ বাহিৰত গৈ ক্ৰিকেট খেলাৰ ক্ষেত্ৰত মুক্ত", বুলি মেয়ৰে কৈছিল ৷

মৃত্যুৰ ভাবুকি

আন্না মাৰিয়া চিচিণ্টক মুছলমান বিৰোধী বুলি গণ্য কৰা হয় । মেয়ৰগৰাকীয়ে মুছলমান লোকসকলক কেন্দ্ৰ কৰি প্ৰকাশ কৰা বক্তব্যৰ বাবে লাভ কৰিছে মৃত্যুৰ ভাবুকি ৷ যাৰ বাবে বিগত 24 ঘণ্টা ধৰি আৰক্ষীৰ সুৰক্ষাৰ অধীনত ৰখা হৈছে মেয়ৰগৰাকীক ।

লগতে পঢ়ক: অধিনায়কত্ব হেৰুওৱাৰ দিশে বাবৰ আজম, শান মাছুদ: কাক দিয়া হ’ব নতুন দায়িত্ব - BABAR AZAM VS SHAN MASOOD

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.