ETV Bharat / sports

চেতন চৌহানৰ মৃত্যু বাৰ্ষিকী: ক্ৰিকেট আৰু ৰাজনৈতিক কেৰিয়াৰৰ বিষয়ে জানিবলগীয়া কিছু কথা - CHETAN CHAUHAN DEATH ANNIVERSARY

author img

By ETV Bharat Sports Team

Published : Aug 16, 2024, 7:04 PM IST

Former Indian Cricketer: প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ চেতন চৌহানৰ আজি মৃত্যু বাৰ্ষিকী । 2020 চনৰ আজিৰ দিনটোতে ক্ৰিকেটাৰগৰাকীৰ দেহাৱসান ঘটিছিল । তেওঁ উত্তৰ প্ৰদেশ চৰকাৰৰ এজন মন্ত্ৰীয়ো আছিল । ক্ৰিকেটাৰগৰাকীৰ ক্ৰীড়া আৰু ৰাজনৈতিক কেৰিয়াৰৰ সৈতে জড়িত কিছু কথা এই প্ৰতিবেদনত যুগুত কৰা হৈছে ৷

CHETAN CHAUHAN DEATH ANNIVERSARY
প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ চেতন চৌহান (ETV Bharat)

স্প’ৰ্টছ ডেস্ক, 16 আগষ্ট: উত্তৰ প্ৰদেশ চৰকাৰৰ এজন মন্ত্ৰী তথা প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ চেতন চৌহানৰ শুকুৰবাৰে মৃত্যু তিথি ৷ চৌহানৰ ক্ৰিকেট আৰু ৰাজনৈতিক কেৰিয়াৰ বৰ আকৰ্ষণীয় আছিল । ক্ৰিকেটত নিজৰ আধিপত্য বিস্তাৰ কৰা চেতন চৌহানে ৰাজনীতিতো দখল কৰিছিল সুকীয়া স্থান ৷

দুৰ্ভাগ্যক্ৰমে 2020 চনৰ 16 আগষ্টত ক’ভিডৰ বিভীষিকাৰ মাজতে এই পৃথিৱীক বিদায় জনাই ক্ৰিকেটাৰ তথা সুদক্ষ ৰাজনীতিবিদগৰাকীয়ে । চৌহানৰ মৃত্যু বাৰ্ষিকী উপলক্ষে তেওঁৰ সৈতে সম্পৰ্কিত কিছু আকৰ্ষণীয় তথ্য আৰু ক্ৰিকেটত তেওঁৰ অনবদ্য অভিলেখৰ বিষয়ত প্ৰস্তুত কৰা এই বিশেষ প্ৰতিবেদনত এবাৰ চকু ফুৰাওঁ আহক-

  • চেতন চৌহানক ভাৰতীয় ক্ৰিকেটত সুনীল গাভাস্কাৰৰ 'আটাইতকৈ ডাঙৰ অংশীদাৰ' হিচাপে স্বীকৃতি দিয়া হৈছিল । ক্ৰিকেট কেৰিয়াৰৰ (1969-1981) সময়ছোৱাত চেতনে সংবাদ মাধ্যমত বহুবাৰ শিৰোনাম দখল কৰিছিল ।
  • চেতন চৌহানৰ জন্ম 1947 চনৰ 21 জুলাইত বৰেলীত হৈছিল । প্ৰথমে চেতন চৌহানৰ ক্ৰিকেট কেৰিয়াৰৰ বিষয়ে জানো আহক । তেওঁ 1969 চনত নিউজিলেণ্ডৰ বিৰুদ্ধে টেষ্ট অভিষেক ঘটায় । তেওঁৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট যাত্ৰা 1981 চনত সমাপ্ত হৈছিল ৷ কিন্তু 1985 চনত তেওঁ এখন প্ৰতিযোগিতামূলক মেচত অংশগ্ৰহণ কৰিছিল ।
  • ভাৰতীয় ক্ৰিকেটৰ আটাইতকৈ সাহসী অপেনাৰসকলৰ ভিতৰত এজন চেতন চৌহানক মুখ্যতঃ 70 আৰু 80 ৰ দশকৰ আৰম্ভণিতে বহুকেইখন টেষ্ট মেচত সুনীল গাভাস্কাৰৰ অংশীদাৰ হিচাপে স্মৰণ কৰা হয় । সেহৱাগ-গম্ভীৰ যুটিলৈকে 10 টা শতকৰ অংশীদাৰিত্বৰ সৈতে টেষ্ট ক্ৰিকেটত এই যুটিটো আটাইতকৈ সফল ভাৰতীয় অপেনিং যুটি আছিল ।
  • চৌহানৰ কৌশল আৰু ষ্ট্ৰোক-প্লে অধিক উন্নত নাছিল যদিও কোনেও তেওঁৰ সাহস, তেওঁৰ প্ৰতিৰক্ষা আৰু বলৰ গতি বুজি পোৱাৰ সামৰ্থক প্ৰশ্ন কৰিব নোৱাৰিলে । বলাৰসকলৰ বাবে তেওঁলোকক(গাভাস্কাৰ-চৌহান) আউট কৰাটো সদায় কঠিন আছিল । খেলুৱৈগৰাকীৰ দৃঢ়তা আৰু সংকল্পই ভাৰতক 1969 চনৰ পৰা 1981 চনলৈ টেষ্ট মেচত এক উন্নত স্থানত উপনীত কৰোৱায় ৷ মাত্ৰ 22 বছৰ বয়সত মুম্বাইত নিউজিলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত মেচত অভিষেক ঘটোৱা ক্ৰিকেটাৰগৰাকীয়ে একেটা ছিজনতে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধেও খেলিছিল ।
  • গাভাস্কাৰ-চৌহান অংশীদাৰিত্বৰ আটাইতকৈ ডাঙৰ কৃতিত্ব 1979 চনত অ’ভেলত দেখা গৈছিল ৷ যেতিয়া ক্ৰিকেটাৰগৰাকীয়ে 213 ৰাণৰ অৱদান আগবঢ়াই বিজয় মাৰ্চেণ্ট-মুস্তাক আলীৰ অভিলেখ ভংগ কৰিছিল । যিয়ে 1936 চনত অ’ল্ড ট্ৰেফৰ্ডত 203 ৰাণৰ অংশীদাৰিত্ব আগবঢ়াইছিল ৷ চৌহানে 80 ৰাণ সংগ্ৰহ কৰিছিল । তেওঁ টেষ্ট শতক অৰ্জন নকৰাটো দুৰ্ভাগ্যজনক আছিল যদিও টেষ্ট মেচত তেওঁৰ মুঠ ৰাণ 2000 তকৈ অধিক আছিল(তেওঁ টেষ্ট ইতিহাসৰ প্ৰথমগৰাকী খেলুৱৈ, যিয়ে শতক অবিহনে 2000 তকৈ অধিক ৰাণ সংগ্ৰহ কৰিছিল) ।
  • তেওঁ ঘৰুৱা ক্ৰিকেটত সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী আছিল আৰু ৰঞ্জী ট্ৰফী প্ৰতিযোগিতাত মহাৰাষ্ট্ৰ আৰু দিল্লীক প্ৰতিনিধিত্ব কৰিছিল । অৱসৰ গ্ৰহণৰ পিছত চৌহানে উত্তৰ মণ্ডলৰ পৰা নিৰ্বাচক হিচাপে দায়িত্ব গ্ৰহণ কৰে ৷ চেতনে টীম ইণ্ডিয়াৰ মেনেজাৰৰ ভূমিকাও পালন কৰিছিল । তেওঁ ভাৰতৰ হৈ 40 খন টেষ্টত 31.57 গড়ে 2,084 ৰাণ সংগ্ৰহ কৰে, যাৰ ভিতৰত আছে 16 টা অৰ্ধ-শতক । তেওঁ 7 খন এদিনীয়াত 21.86 গড়ে 153 ৰাণ সংগ্ৰহ কৰিছিল ।
  • 1969 চনৰ পৰা 1981 চনলৈ ভাৰতীয় ক্ৰিকেট দলৰ অংশ হৈ থকা চেতন চৌহানে 1991 চনত ৰাজনৈতিক ক্ষেত্ৰত প্ৰৱেশ কৰি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ ৰাজনীতিতো সুকীয়া স্থান দখল কৰে চৌহানে ৷ তেওঁ 1991 চনৰ লোকসভা নিৰ্বাচনত আমৰোহাৰ পৰা বিজেপিৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াই নিৰ্বাচনত জয় লাভ কৰে ৷
  • আমোদজনকভাৱে সেই সময়ত দেশত কংগ্ৰেছৰ স্থিতি অত্যন্ত প্ৰভাৱশালী আছিল আৰু কেন্দ্ৰত চৰকাৰ গঠন কৰিছিল কংগ্ৰেছে ৷ কিন্তু সেই সময়তে বিজেপিৰ হৈ নিজৰ প্ৰথমটো নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি চেতনে এক চমকপ্ৰদ বিজয় সাব্যস্ত কৰিছিল ।

লগতে পঢ়ক: ৱেষ্ট ইণ্ডিজ বনাম দক্ষিণ আফ্ৰিকা: দ্বিতীয়খন টেষ্টৰ প্ৰথম দিনটোতে পতন 17 টাকৈ উইকেট - WI VS SA 2ND TEST

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.