ETV Bharat / sports

হাইব্ৰিড মডেলত চেম্পিয়নছ ট্ৰফী; ভাৰতৰ সন্মুখত শিৰণত পাকিস্তানৰ - CHAMPIONS TROPHY 2025

Champions Trophy 2025 Schedule: হাইব্ৰিড মডেলত অনুষ্ঠিত হ’ব চেম্পিয়নছ ট্ৰফী 2025 ৰ খেলসমূহ ৷ ভাৰতে পাকিস্তানলৈ নোযোৱাটো নিশ্চিত ৷

CHAMPIONS TROPHY 2025
ভাৰত-পাকিস্তানৰ চেম্পিয়নছ ট্ৰফী 2025 (ANI Photo)
author img

By ETV Bharat Sports Team

Published : Nov 8, 2024, 1:20 PM IST

স্প’ৰ্টছ ডেস্ক: পাকিস্তান ক্ৰিকেট ব’ৰ্ডে (পি চি বি) বিশ্বৰ আটাইতকৈ ধনী আৰু শক্তিশালী ক্ৰিকেট ব'ৰ্ড বি চি চি আইৰ সন্মুখত শিৰণত কৰিছে ৷

আগন্তুক বছৰৰ ফেব্ৰুৱাৰীত পাকিস্তানত অনুষ্ঠিত হ’বলগীয়া চেম্পিয়নছ ট্ৰফীত খেলিবলৈ দেশখনলৈ নাযায় টীম ইণ্ডিয়া ৷ ইতিমধ্যে এই সন্দৰ্ভত বহু প্ৰশ্নৰ অৱতাৰণা হৈছিল ৷ টীম ইণ্ডিয়াই আই চি চি টুৰ্ণামেণ্টত অংশগ্ৰহণৰ বাবে পাকিস্তান ভ্ৰমণ কৰিব বুলি একপ্ৰকাৰ নিশ্চিত আছিল পাকিস্তান ক্ৰিকেট ব’ৰ্ড ৷

পিছে সকলোবোৰ বিতৰ্কৰ ওৰ পেলাই পি চি বি-য়ে এক হাইব্ৰিড মডেলৰ অধীনত চেম্পিয়নছ ট্ৰফী 2025 অনুষ্ঠিত কৰিবলৈ সন্মতি প্ৰকাশ কৰিছে ৷

হাইব্ৰিড মডেলত অনুষ্ঠিত হ’ব চেম্পিয়নছ ট্ৰফী

পি টি আইৰ প্ৰতিবেদন অনুসৰি, ভাৰতে দীৰ্ঘদিনৰে পৰা কৰা দাবী মানি লৈছে পাকিস্তান ক্ৰিকেট ব’ৰ্ডে ৷ সেই অনুসৰি এই প্ৰতিযোগিতাৰ খেলসমূহ সংযুক্ত আৰৱ আমিৰশ্বাহীত অনুষ্ঠিত কৰিবলৈ সন্মত হৈছে ব’ৰ্ডখন ৷ অৰ্থাৎ এই প্ৰতিযোগিতা এক হাইব্ৰিড মডেলত অনুষ্ঠিত হ’ব ৷

এই সিদ্ধান্তৰ কাৰণ হৈছে, ভাৰত চৰকাৰে সামাজিক-ৰাজনৈতিক আৰু নিৰাপত্তাৰ খাতিৰত ৰোহিত শৰ্মা বাহিনীক পাকিস্তান ভ্ৰমণৰ অনুমতি প্ৰদান নকৰিব ৷

ডুবাই অথবা শ্বাৰজাহত খেলিব টীম ইণ্ডিয়াই

এছিয়া কাপ 2023 হৈছে পাকিস্তানত হাইব্ৰিড মডেলৰ অধীনত অনুষ্ঠিত হোৱা অন্তিমখন প্ৰতিযোগিতা, য’ত টীম ইণ্ডিয়াৰ মেচসমূহ শ্ৰীলংকাত অনুষ্ঠিত হৈছিল ।

পি চি বি-ৰ এক সূত্ৰই পি টি আইক জনোৱা অনুসৰি, "পি চি বি-য়ে অনুভৱ কৰে যে ভাৰত চৰকাৰে পাকিস্তান ভ্ৰমণত অনুমোদন নিদিলেও, সময়সূচী সামান্য সলনি কৰিব পাৰি ৷ কিয়নো ভাৰতে ডুবাই বা শ্বাৰজাহত তেওঁলোকৰ মেচ খেলাৰ সম্পূৰ্ণ সম্ভাৱনা আছে" ৷

11 নৱেম্বৰত কাৰ্যসূচী প্ৰকাশ পোৱাৰ সম্ভাৱনা

বি চি চি আইয়ে এতিয়ালৈকে এই সন্দৰ্ভত কোনো চূড়ান্ত সিদ্ধান্ত লোৱা নাই । জয় শ্বাহে আই চি চি-ৰ অধ্যক্ষ পদ চম্ভালি লোৱাৰ পিছতে ব’ৰ্ডে এই সিদ্ধান্ত গ্ৰহণ কৰিব ৷ পি চি বিৰ সূত্ৰই পি টি আইক এইটোও কৈছিল যে, পৰৱৰ্তী সপ্তাহৰ ভিতৰত সময়সূচী ঘোষণা কৰিবলৈ পৰিষদে আই চি চিৰ সৈতে আলোচনা কৰি আছে ।

সূত্ৰটোৱে কয়, "পি চি বিয়ে কেইমাহমান আগতে প্ৰেৰণ কৰা সাম্ভাব্য সময়সূচীৰ বিষয়েও আই চি চিৰ সৈতে আলোচনা কৰিছে আৰু 11 নৱেম্বৰত একে সময়সূচী ঘোষণা কৰাটো বিচাৰিব ৷ পি চি বিয়ে আই চি চিক কৈছে যে, যিহেতু সংশোধিত বাজেটৰ সৈতে বেক-আপ পৰিকল্পনা ইতিমধ্যে প্ৰস্তুত হৈ আছে, সেয়েহে খেলসমূহৰ অস্থায়ী সময়সূচী মুকলি কৰাত পলম কৰাৰ কোনো অৰ্থ নাই" ।

বি চি চি আইয়ে লিখিতভাৱে দিয়া উচিত...

পি চি বিয়ে আই চি চি-ক চেম্পিয়নছ ট্ৰফীৰ বাবে পাকিস্তানত উপস্থিতি নিশ্চিত কৰিবলৈ বি চি চি আইৰ ওপৰত হেঁচা প্ৰয়োগ কৰিবলৈ অনুৰোধ জনাইছে । "পি চি বিয়ে বিচাৰে যে বি চি চি আইয়ে তেওঁলোকৰ দলটো পাকিস্তানলৈ প্ৰেৰণ কৰাৰ বাবে চৰকাৰৰ অনুমতি লাভ কৰিছেনে নাই, সেয়া লিখিতভাৱে দিব," সূত্ৰটোৱে কয় ।

লগতে পঢ়ক: শুকুৰবাৰৰ পৰা আৰম্ভ ভাৰত-দক্ষিণ আফ্ৰিকাৰ টি-20 শৃংখলা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.