ETV Bharat / sports

ৰূপৰ পদক নাপাব বিনেশ ফোগাটে: পদকৰ আবেদন নাকচ কৰিলে চি এ এছে - PARIS OLYMPICS 2024

author img

By PTI

Published : Aug 14, 2024, 10:18 PM IST

Vinesh Phogat appeal rejected : পেৰিছ অলিম্পিকত সংযুক্ত ৰূপৰ পদক লাভৰ আশাত চেঁচাপানী পৰিল বিনেশ ফোগাটৰ। এক প্ৰতিবেদন অনুসৰি তেওঁৰ আবেদন CAS এ নাকচ কৰিছে। সম্পূৰ্ণ খবৰ পঢ়ক...

Vinesh Phogat Appeal Rejected
বিনেশ ফোগাটৰ পদকৰ আবেদন নাকচ (IANS PHOTO)

স্পৰ্টছ ডেস্ক, 14 আগষ্ট : পেৰিছ অলিম্পিক 2024 ৰ চূড়ান্ত খেলৰ পূৰ্বে অযোগ্য ঘোষণা কৰা বিনেশ ফোগাট আন এক বৃহৎ আঘাতৰ সন্মুখীন হৈছে ৷ শেহতীয়া খবৰ অনুসৰি চি এ এছে (CAS) বিনেশ ফোগাটৰ অযোগ্যতা আৰু যুটীয়া পদকৰ আবেদন প্ৰত্যাখ্যান কৰিছে ৷ এই সিদ্ধান্তৰ পিছতে এতিয়া বিনেশ ফোগাটে ৰূপৰ পদক নাপাব আৰু খালী হাতেৰে ঘূৰি আহিব লাগিব ৷ এই খবৰ লাভ কৰি কেৱল বিনেশেই নহয়, পদকৰ আশা কৰি থকা প্ৰতিজন ভাৰতীয় হতাশ হৈছে ৷

পেৰিছ অলিম্পিক 2024ত 50 কিলোগ্ৰাম ফ্ৰীষ্টাইল মহিলা শাখাৰ ফাইনেলত প্ৰৱেশ কৰা বিনেশ ফোগাটক 100 গ্ৰাম ওজন বৃদ্ধিৰ বাবে অযোগ্য ঘোষণা কৰা হৈছিল ৷ বিনেশে তেতিয়া চি এ এছত এই সিদ্ধান্তৰ বিৰুদ্ধে আপীল কৰিছিল ৷ তেওঁৰ আবেদনৰ ওপৰত, ক্ৰীড়াৰ বাবে মধ্যস্থতা আদালতে শুনানী গ্ৰহণত সন্মত হৈছিল আৰু বিনেশ ফোগাটে তেওঁৰ যুক্তি আগবঢ়াইছিল ৷

বিনেশ ফোগাটৰ যুক্তি শুনাৰ পাছত, এতিয়া চি এ এছে তেওঁৰ অযোগ্যতাৰ সিদ্ধান্ত বাহাল ৰাখি যুটীয়া পদকৰ আবেদন নাকচ কৰিছে ৷ মধ্যস্থতা আদালতৰ এই সিদ্ধান্তৰ পিছত দেশখনে ইয়াৰ সপ্তমটো আৰু দ্বিতীয়টো ৰূপৰ পদকৰ আশা হেৰুৱাইছে ৷ অলিম্পিক শেষ হোৱাৰ পিছত বিনেশ পেৰিছত থাকে আৰু বাকী খেলুৱৈসকল ভাৰতলৈ ঘূৰি আহিছে ৷

লগতে পঢ়ক : CAS ৰ এই সিদ্ধান্তত হতাশ হৈ পৰিল বিনেশ ফোগাট: ৰূপৰ পদক লাভৰ আশা ভংগ হ’ব নেকি বিনেশৰ ? - Vinesh Phogat CAS Hearing Verdict

উল্লেখ্য যে, ভাৰতৰ হৈ স্বৰ্ণ পদকৰ আশা উজ্জ্বল কৰি 50 কিলোগ্ৰাম ফ্ৰীষ্টাইল মহিলা শাখাৰ ফাইনেলত প্ৰৱেশ কৰা বিনেশ ফোগাটক অযোগ্য ঘোষণা কৰাৰ পিছত মল্লযোদ্ধাগৰাকীৰ লগতে হতাশ হৈ পৰিছিল প্ৰতিজন ভাৰতীয় ৷ সামাজিক মাধ্যমত বিনেশৰ সমৰ্থনত যুক্তি আগবঢ়াইছিল লগতে তেওঁক সমৰ্থন কৰিছিল ভাৰতীয় ৰাজনীতিক, শিল্পী, খেলুৱৈৰ লগতে বহুজনে ৷ অৱশ্যে ইয়াৰ পিছতে মল্লযুদ্ধৰ পৰা বিনেশে ৰাজহুৱাকৈ অৱসৰ ঘোষণা কৰিছিল ৷

লগতে পঢ়ক : ইংগুইনেল হাৰ্নিয়া কি ? যি ৰোগত ভুগিছে অলিম্পিকৰ পদক বিজয়ী নীৰজ চোপ্ৰা - Neeraj Chopra

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.