ETV Bharat / sports

CAS ৰ এই সিদ্ধান্তত হতাশ হৈ পৰিল বিনেশ ফোগাট: ৰূপৰ পদক লাভৰ আশা ভংগ হ’ব নেকি বিনেশৰ ? - Vinesh Phogat CAS Hearing Verdict

author img

By ETV Bharat Sports Team

Published : Aug 13, 2024, 10:41 PM IST

Vinesh Phogat CAS Hearing Verdict: ২০২৪ চনৰ পেৰিছ অলিম্পিকৰ পৰা অযোগ্য ঘোষণা কৰা বিনেশ ফোগাটৰ পদকৰ দাবী সন্দৰ্ভত CAS-এ সিদ্ধান্ত পিছুৱাই দিছে । সম্পূৰ্ণ খবৰ পঢ়ক...

VINESH PHOGAT
Vinesh Phogat CAS Hearing Verdict (IANS)

স্প’ৰ্টছ ডেস্ক, 13 আগষ্ট: ২০২৪ চনৰ পেৰিছ অলিম্পিক শেষ হোৱাৰ পাচতো সমগ্ৰ ভাৰতবৰ্ষই এটা ৰূপৰ পদকৰ বাবে অপেক্ষা কৰি আছে । পেৰিছ অলিম্পিকৰ পৰা অযোগ্য ঘোষণাৰ বাবে বিনেশ ফোগাটৰ আবেদন সন্দৰ্ভত সিদ্ধান্ত ঘোষণা কৰাৰ সময়সীমা ১৬ আগষ্টলৈ পিছুৱাই দিছে CAS এ । আজি ফোগাটৰ লগতে সমগ্ৰ ভাৰতে CASৰ সিদ্ধান্তৰ বাবে অপেক্ষা কৰি আছিল । ইয়াৰ বাবে আৰু ৩ দিন অপেক্ষা কৰিব লাগিব বিনেশ ফোগাটে ।

CAS এ কয় যে, অলিম্পিক গেমছৰ বাবে CAS নিয়মৰ 18 নং অনুচ্ছেদ প্ৰয়োগ কৰি CAS Ad Hoc Division ৰ সভাপতিয়ে পেনেলে সিদ্ধান্ত লোৱাৰ সময়সীমা 16 আগষ্ট 2024 তাৰিখে 18:00 বজালৈকে (পেৰিছৰ সময়) বৃদ্ধি কৰিছে । এই সিদ্ধান্তৰ পিছত বিনেশ ফোগাটকে ধৰি সকলো ভাৰতীয়ই আৰু বেছি সময় অপেক্ষা কৰিব লাগিব ।

ওজন ১০০ গ্ৰাম বেছি আছিল

উল্লেখ্য যে বিনেশ ফোগাটক ১০০ গ্ৰাম অতিৰিক্ত ওজনৰ বাবে চূড়ান্ত মেচৰ পূৰ্বে অযোগ্য ঘোষণা কৰা হৈছিল । এই সিদ্ধান্তৰ বিৰুদ্ধে IOA CAS ত সংযুক্ত ৰূপৰ পদক দাবী কৰিছিল । ইয়াৰ পিছত CAS এ বিনেশৰ শুনানিৰ বাবে কৰা আবেদন মানি লৈছিল । এতিয়া শুনানি সমাপ্ত হোৱাৰ পিছত এই চূড়ান্ত সিদ্ধান্ত আহিছে ।

বিনেশৰ আগত ন্যায় পালে বাৰ্বোছুৱে

কিছুদিন পূৰ্বে পেৰিছ অলিম্পিকত CAS ৰ পৰা ন্যায় লাভ কৰিছিল ৰোমানিয়াৰ এগৰাকী জিমনাষ্টে । CAS ৰ সিদ্ধান্তৰ পিছত আমেৰিকাৰ জৰ্ডান চিলেছৰ পৰা ব্ৰঞ্জৰ পদক লৈ ৰোমানিয়াৰ আনা বাৰ্বোছুক দিয়া হয় । কাৰণ CAS এ বাৰ্বোছুক কৈছিল যে পইণ্ট বিতৰণৰ ক্ষেত্ৰত অন্যায় হৈছে । এই সিদ্ধান্তৰ পিছত বিনেশক লৈ আশা আৰু বাঢ়িছে ।

CAS ৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাব নোৱাৰি

ক্ৰীড়াৰ বাবে মধ্যস্থতা আদালত (CAS)ক প্ৰায়ে ক্ৰীড়া জগতৰ "উচ্চতম আদালত" বুলি কোৱা হয় ৷ সাধাৰণতে, কোনো উচ্চ আদালত নাই য'ত আপুনি CASৰ সিদ্ধান্তৰ বিৰুদ্ধে আপীল কৰিব পাৰে ৷ CAS ৰ সিদ্ধান্তসমূহক চূড়ান্ত আৰু বাধ্যতামূলক বুলি গণ্য কৰা হয় আৰু ইয়াক আন আদালতত প্ৰত্যাহ্বান জনোৱাৰ কোনো মানক আইনী প্ৰতিকাৰ নাই ।

লগতে পঢ়ক: ওজন বৃদ্ধিৰ সন্দৰ্ভত অৱশেষত মুখ খুলিলে বিনেশ ফোগাটে: কি জনালে আদালতক - PARIS OLYMPICS 2024

বিনেশ ফোগাটে এতিয়াও ৰূপৰ পদক লাভ কৰিব পাৰিবনে ? সিদ্ধান্ত কেতিয়া আহিব জানক - Paris Olympics 2024

"মা কুস্তি জিকিছিল, মই হাৰিছিলো" অৱসৰ ঘোষণা কৰি বিনেশ ফোগাটৰ আবেগিক পোষ্ট - PARIS OLYMPICS 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.