ETV Bharat / sports

29 জানুৱাৰীৰ পৰা পুনৰ আৰম্ভ হ’ব বৰদলৈ ট্ৰফী: বুজাবুজিৰ চুক্তি সম্পন্ন - BORDOLOI TROPHY FOOTBALL

বৰদলৈ ট্ৰফীত ফুটবলাৰৰ দুভৰিৰ যাদু চাবলৈ সাজু হওক আপুনি ৷ অহা বছৰৰ পৰা এক নতুন ৰূপ পাব বৰদলৈ ট্ৰফীয়ে ৷

BORDOLOI TROPHY
BORDOLOI TROPHY FOOTBALL (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Oct 25, 2024, 11:00 PM IST

হায়দৰাবাদ: ফুটবল আপোনাৰ প্ৰিয়নে ? আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ফুটবল টুৰ্ণামেন্টৰ পৰা আৰম্ভ কৰি আই এছ এললৈকে ফুটবলৰ জনপ্ৰিয়তা ভাৰতত যথেষ্ট দেখা যায় ৷ অসম তথা উত্তৰ-পূবতো আছে ফুটবলৰ বিশেষ জনপ্ৰিয়তা ৷ বৰদলৈ ট্ৰফী, স্বাধীনতা কাপ, নৰোৰাম বৰ্মন সোঁৱৰণী ফুটবল, দেউকণ ট্ৰফী ফুটবল, বদৌচা কাপ ফুটবল, বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম স্বৰ্ণকাপ কাপ ফুটবল আদি কেবাখনো লেখত ল’বলগীয়া ফুটবল টুৰ্ণামেন্ট অনুষ্ঠিত হয় অসমত ৷

আনকি, ডুৰাণ্ড কাপ, ইণ্ডিয়ান ছুপাৰ লীগৰ দৰে টুৰ্ণামেন্টৰো খেল অনুষ্ঠিত হয় অসমত ৷ স্থানীয়ভাৱে অসমৰ ভিন্ন ঠাইত অনুষ্ঠিত হোৱা ফুটবল টুৰ্ণামেন্টবোৰেও ফুটবলৰ জনপ্ৰিয়তা বৃদ্ধিত সহায় কৰি আহিছে ৷ শেহতীয়াকৈ অসমৰ ফুটবলপ্ৰেমীৰ বাবে আহিছে এক ভাল খবৰ ৷

৮০ ৰ দশৰৰ পৰা অসমীয়া জাতীয় জীৱনত তথা অসমৰ ফুটবলৰ পথাৰখনত আলোড়ন সৃষ্টি কৰিছিল বৰদলৈ ট্ৰফীয়ে ৷ কিবা কাৰণত মধ্যভাগত "বৰদলৈ ট্রফী"-এ যেন হেৰুৱাই পেলাইছিল সেই ঐতিহ্য ৷ কিন্তু মানুহৰ মনৰ পৰা ম্লান হোৱা নাছিল সেই আলোড়ন ৷ সেয়েহে অহা বৰ্ষৰ ২৯ জানুৱাৰীৰ পৰা আকৌ এক নতুন ৰূপত আৰম্ভ হ'ব "বৰদলৈ ট্রফী" ৷ ৰাইজে পুনৰ লাভ কৰিব ফুটবলৰ মাদকতা ৷

শুকুৰবাৰে ৰাজ্য চৰকাৰৰ ক্ৰীড়া বিভাগৰ সৈতে গুৱাহাটী ক্ৰীড়া সন্থাৰ বুজাবুজি চুক্তিমৰ্মে এইবাৰ গুৱাহাটী ক্ৰীড়া সন্থাই বৰদলৈ ট্ৰফী অনুষ্ঠিত কৰিবলৈ আগবঢ়িছে । বৰদলৈ ট্ৰফী টুৰ্ণামেণ্ট অনুষ্ঠিত কৰাত সহায় কৰিব ৰাজ্য চৰকাৰেও ৷ গতিকে অসমৰ ফুটবলপ্ৰেমী ৰাইজে পুনৰ আগৰ সেই উত্তেজনাৰে বৰদলৈ ট্ৰফীত ফুটবলাৰৰ দুভৰিৰ যাদু দেখিবলৈ পাব বুলি আশা কৰা হৈছে ৷

লগতে পঢ়ক: অইল ইণ্ডিয়া এফ চি দুলীয়াজানলৈ চক্ৰধৰ ডেকা সোঁৱৰণী প্ৰাইজমানী ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত বিজয়ীৰ সন্মান

নাজিৰাৰ পাৰ্থিবক লৈ এতিয়া সপোন ৰচিছে ভাৰতীয় ফুটবল দলে - Parthib Sundar Gogoi

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.