স্প’ৰ্টছ ডেস্ক: বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ দ্বিতীয় টেষ্টৰ পূৰ্বে দলত যোগদান কৰিছে অধিনায়ক ৰোহিত শৰ্মাই ৷ এই শৃংখলাৰ দ্বিতীয়খন টেষ্ট শুকুৰবাৰৰ পৰা এডিলেইডত আৰম্ভ হ’ব ৷
এডিলেইড টেষ্টৰ পূৰ্বে ক্ৰিকেট অনুৰাগীসকলে টীম ইণ্ডিয়াৰ হৈ কোনে ইনিংছ মুকলি কৰিব, তাক লৈ অব্যাহত ৰাখিছে চৰ্চা ৷ এই চৰ্চাৰ মাজতে অধিনায়ক ৰোহিত শৰ্মাই দলৰ বেটিং অৰ্ডাৰৰ বিষয়ে ৰাজহুৱা কৰে ৷
টেষ্টৰ পূৰ্বে ৰোহিতৰ সংবাদমেল
ৰোহিত শৰ্মাই দ্বিতীয় টেষ্টৰ পূৰ্বে সংবাদমেল সম্বোধন কৰি কয় যে, দলৰ ইনিংছ ৰাহুলে মুকলি কৰাৰ বিপৰীতে তেওঁ নিজে মিডল অৰ্ডাৰত বেটিং কৰিব । প্ৰধানমন্ত্ৰী একাদশৰ বিৰুদ্ধে খেলা অনুশীলন মেচখনত ৰাহুলে দলৰ বেটিং মুকলি কৰে আৰু ৰোহিতে চাৰি নম্বৰত বেটিং কৰিবলৈ ক্ৰিজলৈ আহে ।
Rohit Sharma said " the way kl batted, i was watching from home with new born baby on arms, he played brilliantly so there is no need to change now, things might be different in future - the way kl bats in overseas, so he deserves that spot at this point of time". pic.twitter.com/Xn0USmDq1w
— Johns. (@CricCrazyJohns) December 5, 2024
ৰোহিতৰ অনুপস্থিতিত পাৰ্থ টেষ্টত কে এল ৰাহুল আৰু যশস্বী জয়ছোৱালে মেচ-উইনিং ইনিংছ খেলি ভাৰতক 295 ৰাণত জয়ী হোৱাত সহায় কৰিছিল ৷ দুয়োগৰাকী বেটছমেনে দ্বিতীয় ইনিংছত আগবঢ়াইছিল 201 ৰাণৰ অংশীদাৰিত্ব ৷ যিয়ে সম্পূৰ্ণৰূপে পাৰ্থ টেষ্টৰ পট পৰিৱৰ্তন কৰে ৷
ৰোহিতে পাৰ্থ টেষ্টত ৰাহুলৰ ইনিংছৰ প্ৰশংসা কৰাৰ লগতে খেলুৱৈগৰাকীয়ে বেটিং ক্ৰম সলনি কৰিব নালাগে বুলি কৰা অনুভৱ ৰাজহুৱা কৰিছিল ৷
ৰোহিত শৰ্মাৰ টেষ্ট পৰিসংখ্যাৰ ওপৰত এক দৃষ্টি
2019 চনত ৰোহিত শৰ্মাই বেটিং অৰ্ডাৰৰ শীৰ্ষত উপনীত হোৱাৰ পিছৰে পৰা মাথো দলৰ হৈ ইনিংছ মুকলি কৰিছে ৷ তেতিয়াৰ পৰা ৰোহিতে 42 খন টেষ্টত দলৰ ইনিংছ মুকলি কৰিছে ৷ খেলুৱৈগৰাকীয়ে অ’পেনাৰ হিচাপে 9 টা শতকৰ সৈতে 44 ৰ গড়ত প্ৰায় 3000 ৰাণ সংগ্ৰহ কৰিছে ।
লগতে পঢ়ক: 20 অভাৰত 349 ৰাণ, 37 ছয়; টি-20 ক্ৰিকেটত সৰ্বাধিক ছয়ৰে চৈয়দ মুস্তাক আলী ট্ৰফীত বৰোদাৰ কৃতিত্ব