ETV Bharat / sports

আই পি এলৰ পৰা অৱসৰ ল’ব চেন্নাই ছুপাৰ কিংছৰ তাৰকাই ! কোনে জানেনে ? - IPL 2025

IPL 2025 mega auction: আই পি এলৰ মেগা নিলামত অংশগ্ৰহণৰ পৰা বিৰত থাকিব চেন্নাই চুপাৰ কিংছৰ এগৰাকী তাৰকা ৷ পিছে তেওঁনো কোন ?

IPL 2025
চেন্নাই ছুপাৰ কিংছৰ খেলুৱৈসকলৰ ফাইল ফটো (IANS Photo)
author img

By ETV Bharat Sports Team

Published : Nov 3, 2024, 1:17 PM IST

স্প’ৰ্টছ ডেস্ক: ৰিটেইনচন তালিকা প্ৰকাশৰ পিছতে কোন কেইগৰাকী খেলুৱৈ নিলামৰ বাবে উপলব্ধ হ’ব সেয়া স্পষ্ট হৈ পৰিছে ৷ 2025 ৰ আই পি এল সংস্কৰণৰ বাবে অচিৰে অনুষ্ঠিত হ’ব মেগা নিলাম প্ৰক্ৰিয়া ৷

ইয়াৰ পূৰ্বে দীপাৱলীৰ সময়তে 10 টা ফ্ৰেঞ্চাইজিয়ে প্ৰকাশ কৰিছিল ৰিটেইনড খেলুৱৈৰ তালিকা ৷

লক্ষ্ণৌ চুপাৰ জায়েণ্টছৰ কে এল ৰাহুল, দিল্লী কেপিটেলছৰ ঋষভ পন্ত, পঞ্জাৱ কিংছৰ ছেম কাৰাণ, 2024 চনৰ আই পি এলৰ খিতাপ বিজয়ী দল কলকাতাৰ অধিনায়ক শ্ৰেয়ছ আয়াৰক ইতিমধ্যে দলৰ পৰা বাদ দিয়া হৈছে । যাৰ বাবে ছিজন আৰম্ভ হোৱাৰ আগতেই আই পি এল 2025 ক উৎসুকতা যথেষ্ট বৃদ্ধি পাইছে ৷

ইয়াৰ মাজতে চেন্নাই চুপাৰ কিংছৰ এগৰাকী তাৰকা খেলুৱৈ মেগা নিলামৰ পৰা আঁতৰত থাকিব বুলি চৰ্চা চলিছে ৷ যাক লৈ অনুৰাগীসকলৰো উৎকণ্ঠা বৃদ্ধি পাইছে ৷ মেগা নিলামৰ পৰা আঁতৰি থাকিবলগীয়া ক্ৰিকেটাৰগৰাকী হৈছে ইংলেণ্ডৰ টেষ্ট দলৰ অধিনায়ক বেন ষ্ট’কছ ৷

তথ্য অনুসৰি, 2025 চনৰ আই পি এল ছিজনৰ মেগা নিলামৰ পৰা আঁতৰি আহি আগন্তুক ভাৰত আৰু অষ্ট্ৰেলিয়াৰ টেষ্ট শৃংখলাত মনোনিৱেশ কৰাৰ পৰিকল্পনা কৰিছে । বেন ষ্ট’কছে শেষবাৰৰ বাবে 2023 চনত চেন্নাই ছুপাৰ কিংছৰ হৈ খেলিছিল ।

তদুপৰি আঘাত আৰু অন্যান্য কাৰণতো ক্ৰিকেটৰ পৰা সুদীৰ্ঘ সময় আঁতৰত আছিল খেলুৱৈগৰাকী ৷ চলিত বছৰত ইংলেণ্ডত অনুষ্ঠিত হোৱা এছেছ ছিৰিজত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যৰেই আই পি এলত অংশগ্ৰহণ কৰা নাছিল ষ্ট’কছে ৷

অহা বছৰৰ জুন মাহত টীম ইণ্ডিয়াই 5 খন মেচৰ টেষ্ট শৃংখলাৰ বাবে ইংলেণ্ড ভ্ৰমণ কৰিব । এই শৃংখলা সম্পূৰ্ণ কৰাৰ পিছত ইংলেণ্ডে অষ্ট্ৰেলিয়ালৈ গৈ 5 খন মেচৰ এছেছ টেষ্ট শৃংখলাত অংশগ্ৰহণ কৰিব ৷

লগতে পঢ়ক: আইচিচি চেম্পিয়নছ ট্ৰফী : ভাৰতীয় অনুৰাগীৰ বাবে বিশেষ অ'ফাৰ পিচিবিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.