ETV Bharat / sports

২০২৫ ৰ চেম্পিয়নছ ট্ৰফীত ভাৰতীয় দলত থাকিব নে বিৰাট-ৰোহিত ? - Champions trophy 2025

author img

By ETV Bharat Assamese Team

Published : Jul 1, 2024, 4:37 PM IST

Indian Cricket team: ২০২৪ চনৰ টি-২০ বিশ্বকাপত চূড়ান্ত মেচৰ পিচত বিৰাট কোহলীৰ লগতে ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মা আৰু অল ৰাউণ্ডাৰ ৰবীন্দ্ৰ জাডেজাই টি-২০ ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছে । ইয়াৰ পিচতেই অনুৰাগীসকলে জানিবলৈ বিচাৰিছে যে এই খেলুৱৈ কেইজনে অহা বছৰ অনুষ্ঠিত হ’বলগীয়া চেম্পিয়নছ ট্ৰফী খেলিব নে নেখেলে ! সম্পূৰ্ণ খবৰ পঢ়ক...

Indian Cricket team
CHAMPIONS TROPHY 2025 (IANS)

স্প’ৰ্টছ ডেস্ক, 1 জুলাই: শনিবাৰে বাৰ্বাডোছত অনুষ্ঠিত হোৱা টি-২০ ২০২৪ ৰ বিশ্বকাপ ফাইনেলত জয়লাভ কৰি ইতিহাসৰ সৃষ্টি কৰিলে ভাৰতীয় ক্ৰিকেট দলে । ভাৰতীয় দলটোৱে এই সুযোগৰ বাবে ১১ বছৰ অপেক্ষা কৰাৰ অন্তত ভাৰতহৈ পঞ্চমটো আই চি চি ট্ৰফী প্ৰদান জয় কৰে । ভাৰতে ১৭ বছৰৰ পাচত দ্বিতীয়টো টি-২০ বিশ্বকাপ খিতাপ দখল কৰে । এই জয়ৰ পিচতে ভাৰতীয় তাৰকা বিৰাট কোহলী, ৰোহিত শৰ্মা আৰু ৰবীন্দ্ৰ জাডেজাই টি-২০ৰ পৰা অৱসৰৰ কথা ঘোষণা কৰে ।

তিনি জ্যেষ্ঠ খেলুৱৈৰ অৱসৰ ঘোষণাৰ পিচত স্বাভাৱিকতেই ভাৰতীয় ক্ৰিকেট অনুৰাগীৰ মনত প্ৰশ্নৰ উদয় হৈছে যে বিৰাট কোহলী আৰু ৰোহিত শৰ্মাই চেম্পিয়নছ ট্ৰফী খেলিব নে নাই ! অনুৰাগীৰ এই প্ৰশ্নৰ প্ৰতি লক্ষ্য ৰাখি বিচিচিআইৰ সম্পাদক জয় শ্বাহে এক ডাঙৰ মন্তব্য কৰিছে । জয় শ্বাহে পিটিআইৰ উদ্ধৃতি দি জ্যেষ্ঠ খেলুৱৈ দুজনে খেলিব বুলি নিশ্চিত কৰে ।

লগতে পঢ়ক: টি-২০ বিশ্বকাপ জয়ী টীম ইণ্ডিয়াৰ বাবে ১২৫ কোটি টকা পুৰস্কাৰ ঘোষণা বিচিচিআইৰ - T20 WC 2024

তেওঁ কয়, ‘‘এই দলটো যিদৰে আগবাঢ়িছে, আমাৰ লক্ষ্য হৈছে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল আৰু চেম্পিয়নছ ট্ৰফী জয় কৰা । তাতো একেধৰণৰ এটা দল খেলিব, তাত থাকিব জ্যেষ্ঠ খেলুৱৈ ।’’ জয় শ্বাহৰ এই বক্তব্যই নিশ্চিত কৰিছে যে দলৰ জ্যেষ্ঠ খেলুৱৈ ৰোহিত শৰ্মা আৰু বিৰাট কোহলীয়ে চেম্পিয়নছ ট্ৰফী খেলিব । ইয়াৰ পৰা পৰোক্ষভাৱে নিশ্চিত হৈছে যে এই দুয়োজন তাৰকা খেলুৱৈ দলৰ অংশ হ’ব ।

উল্লেখ্য যে, কোহলী আৰু ৰোহিতে ভাৰতৰ টি-২০ বিশ্বকাপ জয়ৰ পিচত টি-২০ ক্ৰিকেটৰ আন্তঃৰাষ্ট্ৰীয় ফৰ্মেটৰ পৰা অৱসৰৰ কথা ঘোষণা কৰিছিল যদিও এদিনীয়া আৰু টেষ্ট ফৰ্মেটত খেলি থাকিব । ৰবীন্দ্ৰ জাডেজায়ো নিজৰ টি-২০ আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰৰ এক সুন্দৰ অন্ত পেলাইছে ৷ অহা বছৰ পাকিস্তানত অনুষ্ঠিত হ’বলগীয়া চেম্পিয়নছ ট্ৰফীৰ বাবে তেৱোঁ উপলব্ধ হ’ব বুলি আশা কৰা হৈছে ।

লগতে পঢ়ক: বিৰাট আৰু ৰোহিতৰ পিচত T-20 আন্তঃৰাষ্ট্ৰীয়ৰ পৰা অৱসৰ ঘোষণা ৰবীন্দ্ৰ জাডেজাৰ - Ravindra Jadeja

জয় শ্বাহে কয়, ‘‘এদিনীয়া বিশ্বকাপত আৰু এই টি-২০ বিশ্বকাপতো তেওঁ অধিনায়ক আছিল । এদিনীয়া বিশ্বকাপত আমি ফাইনেলৰ বাহিৰে সকলো মেচতে জয়ী হৈছিলো, ফাইনেলত অষ্ট্ৰেলিয়াই ভাল প্ৰদৰ্শন কৰিছিল । এইবাৰ আমি আৰু অধিক কষ্ট কৰিলোঁ আৰু খিতাপ জয়ৰ বাবে বহুত চেষ্টা কৰিলোঁ ।’’ তেওঁ লগতে কয় যে অভিজ্ঞতা অতি গুৰুত্বপূৰ্ণ । ৰোহিতৰ পৰা বিৰাটলৈকে সকলোৱে উজ্জ্বল প্ৰদৰ্শন আগবঢ়ায় । অভিজ্ঞতাই বহুত পাৰ্থক্য আনে ।

লগতে পঢ়ক: ট্ৰফী লৈ বাৰ্বাডোছৰ খেলপথাৰত ৰোহিত শৰ্মা ফটোশ্বুট; ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে পোষ্ট - T20 World Cup 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.