ETV Bharat / sports

ক্ৰিকেটত নিষিদ্ধ হোৱাৰ দিশে এইগৰাকী ক্ৰিকেটাৰ: হত্যাত জড়িত থকাৰ অভিযোগ - SHAKIB AL HASAN ACCUSED OF MURDER - SHAKIB AL HASAN ACCUSED OF MURDER

Shakib Al Hasan: বাংলাদেশৰ তাৰকা অলৰাউণ্ডাৰ শ্বাকিব আল হাছানৰ বিৰুদ্ধে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণৰ সম্ভাৱনা বাংলাদেশ ক্ৰিকেট ব’ৰ্ডৰ ৷ ইতিমধ্যে ব’ৰ্ডলৈ প্ৰেৰণ কৰা হৈছে এখন আইনী জাননী ৷ কিন্তু কি কাৰণে এই জাননী প্ৰেৰণ কৰিবলগীয়া হৈছে, তাৰ আঁৰৰ প্ৰকৃত কাৰণটো জানিবলৈ পঢ়ক এই প্ৰতিবেদন ৷

SHAKIB AL HASAN ACCUSED OF MURDER
বাংলাদেশৰ ক্ৰিকেটাৰসকল (ETV Bharat)
author img

By ETV Bharat Sports Team

Published : Aug 26, 2024, 4:56 PM IST

স্প’ৰ্টছ ডেস্ক, 26 আগষ্ট: ক্ৰিকেট জগতক চিৰবিদায় জনাবলগীয়া হ’ব পাৰে বাংলাদেশৰ ক্ৰিকেট দলৰ অলৰাউণ্ডাৰ শ্বাকিব আল হাছানে ৷ খেলপথাৰত বহু সময়ত হাছানৰ উগ্ৰ আচৰণ প্ৰত্যক্ষ কৰিছে সকলোৱে । তেওঁ অলপতে পাকিস্তানৰ উইকেটকীপাৰ বেটছমেন মহম্মদ ৰিজৱানক লক্ষ্য কৰি এটা বল মাৰি পঠিয়াইছিল, য’ত খেলুৱৈগৰাকীৰ খং আৰু বিৰক্তিভাৱ পৰিস্ফুট হৈ পৰিছে ৷

ক্ৰিকবাজৰ এক শেহতীয়া প্ৰতিবেদন অনুসৰি, শ্বাকিবৰ বিৰুদ্ধে জাৰি কৰা হৈছে এখন আইনী জাননী । ক্ৰিকেটাৰগৰাকীৰ বিৰুদ্ধে হত্যাৰ অভিযোগ উত্থাপন হোৱাৰ পিছত এই জাননী প্ৰেৰণ কৰা হৈছে বাংলাদেশ ক্ৰিকেট ব’ৰ্ডলৈ ৷

শ্বাকিবৰ বিৰুদ্ধে হত্যাৰ অভিযোগ

আচৰণত উগ্ৰ বুলি জনাজাত ক্ৰিকেটাৰ শ্বাকিব আল হাছানৰ বিৰুদ্ধে উত্থাপিত হৈছে হত্যাৰ অভিযোগ ৷ বাংলাদেশত অব্যাহত থকা প্ৰতিবাদ আৰু হিংসাৰ সময়তে এগৰাকী যুৱকক হত্যা কৰাৰ ক্ষেত্ৰত ক্ৰিকেটাৰগৰাকীৰ হাত থকা বুলি ভুক্তভোগীৰ পিতৃয়ে দাখিল কৰিছিল এজাহাৰ ৷ সম্প্ৰতি ভুক্তভোগীৰ পিতৃয়ে অধিবক্তাৰ সহায়ত বাংলাদেশ ক্ৰিকেট ব'ৰ্ডলৈ প্ৰেৰণ কৰিছে এক আইনী জাননী ৷ এই জাননীৰ জৰিয়তে অধিবক্তাসকলে সকলো ধৰণৰ ক্ৰিকেটৰ পৰা শ্বাকিবক আঁতৰত ৰখাৰ বাবে দাবী উত্থাপন কৰিছে ৷

উল্লেখ্য যে, শ্বাকিব শ্বেখ হাছিনাৰ চৰকাৰৰ এজন মন্ত্ৰীৰ পদতো ন্যস্ত আছিল । তেওঁ বৰ্তমান বাংলাদেশৰ হৈ পাকিস্তানত অনুষ্ঠিত দুখন মেচৰ টেষ্ট শৃংখলাত অংশগ্ৰহণ কৰি আছে ।

সমগ্ৰ ঘটনা

বাংলাদেশত হোৱা তীব্ৰ প্ৰতিবাদৰ বাবে শ্বেখ হাছিনাই প্ৰধানমন্ত্ৰীৰ পদ এৰি নিশাৰ ভিতৰতে দেশ এৰি পলায়ন কৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছিল ৷ ইয়াৰ পিছত আন্দোলন তীব্ৰতৰ হয়, য’ত 400 ৰো অধিক লোকে প্ৰাণ হেৰুৱায় । এই সময়তে শ্বাকিব আৰু 147 জন লোকৰ বিৰুদ্ধে এজন ছাত্ৰক হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে । মৃত ছাত্ৰজনৰ পিতৃয়ে ক্ৰিকেটাৰজনৰ বিৰুদ্ধে এখন এজাহাৰো দাখিল কৰে ৷ দৰাচলতে, 5 আগষ্টত হোৱা গুলীচালনাত ছাত্ৰজন নিহত হৈছিল ।

লগতে পঢ়ক: বাংলাদেশৰ তাৰকা অলৰাউণ্ডাৰ শ্বাকিব আল হাছানৰ বিৰুদ্ধে হত্যাৰ অভিযোগ: এজাহাৰ দাখিল - SHAKIB AL HASAN ACCUSED OF MURDER

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.