ETV Bharat / sports

হাতত নাই ধন, ধাৰ লৈ বিমানৰ টিকট ক্ৰয় কৰি চীনলৈ ৰাওনা হকী দল - PAKISTAN HOCKEY TEAM

author img

By ETV Bharat Sports Team

Published : Aug 30, 2024, 12:51 PM IST

Asian champions trophy 2024: তীব্ৰ আৰ্থিক সংকটত ভূগিছে হকী দলটো ৷ এছিয়ান চেম্পিয়নছ ট্ৰফী ২০২৪ ত অংশগ্ৰহণ কৰিবলৈ দলটোৱে ধাৰে ল’বলগীয়া হৈছে ধন ৷ পঢ়ক সবিশেষ...

PAKISTAN HOCKEY TEAM
পাকিস্তানৰ হকী দল (IANS Photo)

স্প’ৰ্টছ ডেস্ক, 30 আগষ্ট: ভাৰতৰ চিৰবৈৰী দেশ পাকিস্তানত ভয়ংকৰ বিত্তীয় সংকট ৷ মুদ্ৰাস্ফীতিৰ ফলত পাকিস্তানৰ জনসাধাৰণে ভূগিবলগীয়া হৈছে তীব্ৰ আৰ্থিক সংকটত ৷ চৰকাৰখনো লাখ লাখ টকাৰ ঋণত ডুব গৈছে ৷ যাৰ প্ৰভাৱ পৰিছে দেশখনৰ ক্ৰীড়াৰ ক্ষেত্ৰতো ৷

শেহতীয়াকৈ পাকিস্তানৰ পৰা চীন অভিমুখে যাত্ৰা কৰা হকী দলটোৱে ধন ধাৰে ল’বলগীয়া পৰিস্থিতিৰ সৃষ্টি হোৱা কথাটোৱে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ক্ৰীড়াপ্ৰেমীৰ মাজত ৷ চীনত অনুষ্ঠিত হ'বলগীয়া এছিয়ান চেম্পিয়নছ ট্ৰফী 2024 ত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে দলটোৱে ঋণ লৈ চীনলৈ যাত্ৰা কৰিছে ৷

তীব্ৰ বিত্তীয় সংকটত পাকিস্তানৰ হকী দল

পাকিস্তানৰ হকী দলটোৱে এছিয়ান চেম্পিয়নছ ট্ৰফী 2024 ত অংশগ্ৰহণ কৰিবলৈ ক্ৰয় কৰিবলগীয়া হৈছে চীন অভিমুখী বিমানৰ টিকট ৷ যাৰ বাবে দলটোৱে ঋণ লৈছে । দলটোৰ দুৰ্বল আৰ্থিক অৱস্থাৰ বিষয়ে এখন সংবাদমেলৰ জৰিয়তে ৰাজহুৱা হৈ পৰে ৷ সংবাদমেলখন সম্বোধন কৰি পাকিস্তান হকী ফেডাৰেচন(পি এইচ এফ) ৰ সভাপতি তাৰিক বুগতিয়ে শীঘ্ৰেই ধন লাভ কৰাৰ কথা সদৰী কৰিছিল ৷

বিমানৰ টিকট ক্ৰয়ৰ বাবে ল’লে ঋণ

ফ্ৰী প্ৰেছ জাৰ্ণেলৰ প্ৰতিবেদন অনুসৰি, পাকিস্তান ক্ৰীড়া পৰিষদে(পি এছ বি) শীঘ্ৰেই পাকিস্তান হকী ফেডাৰেচনক ব্যয় হোৱা সমষ্ট ধনৰাশি ঘূৰাই দিয়াৰ আশ্বাস প্ৰদান কৰিছে ৷

পি এছ বিয়ে ইয়াৰ পূৰ্বে পাকিস্তানৰ অনুৰ্ধ-18 বেছবল দলক পুঁজি যোগান ধৰিবলৈ অস্বীকাৰ কৰিছিল ৷ যাৰ বাবে হকী দলটোৱে এই পদক্ষেপ গ্ৰহণ কৰে ৷ পৰিষদে চীনত এছিয়ান চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰা দলটোক পুঁজি নিদিয়াৰ বাবে উদ্ভৱ হোৱা বিত্তীয় অসুবিধাৰ কথা উল্লেখ কৰিছিল ।

অশেষ কষ্টৰে চীনত উপস্থিত দলটো

চীন অভিমুখে যাত্ৰা কৰা পাকিস্তানৰ হকী দলটোৰ সমস্যা ইমানতে অন্ত পৰা নাছিল ৷ ধন ধাৰে লৈ চীনলৈ যাত্ৰা কৰিবলগীয়া হোৱা দলটোৱে বেইজিঙৰ পৰা তেওঁলোকৰ বিমান বাতিল হোৱাৰ পিছত গন্তব্যস্থানত উপনীত হোৱাৰ বাবে 300 কিল’মিটাৰ পৰ্যন্ত পথযোগে যাত্ৰা কৰে ৷ এসময়ত বিশ্ব হকীৰ অন্যতম শ্ৰেষ্ঠ দল হিচাপে বিবেচিত হোৱা পাকিস্তানে শেহতীয়া কেইবছৰমানত তেওঁলোকৰ প্ৰদৰ্শনৰ দ্বাৰা সকলোকে হতাশ কৰিছে ।

উল্লেখ্য যে, 8 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব এছিয়ান চেম্পিয়নছ ট্ৰফী 2024 । প্ৰতিযোগিতাখনৰ ফাইনেল মেচ অনুষ্ঠিত হ'ব 17 ছেপ্টেম্বৰত ।

লগতে পঢ়ক: অযোগ্য ঘোষিত বিনেশ ফোগাট নিজেই দায়ী: আছুতীয়া সাক্ষাৎকাৰত ক’লে প্ৰথম পেৰালিম্পিক স্বৰ্ণ বিজয়ী মুৰলীকান্ত পেটকাৰে - MURLIKANT PETKAR INTERVIEW

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.