স্প’ৰ্টছ ডেস্ক: ৰঞ্জী ট্ৰফীত শচীন পুত্ৰৰ ধামাকা ৷ ক্ৰিকেটৰ ভগৱান খ্যাত শচীন তেণ্ডুলকাৰৰ পুত্ৰই পিতৃৰ পদাংক অনুসৰণ কৰিয়েই জড়িত হৈ পৰিছে ক্ৰিকেটত ৷
ৰঞ্জী ট্ৰফীৰ এখন মেচত শচীন তেণ্ডুলকাৰৰ পুত্ৰ অৰ্জুন তেণ্ডুলকাৰে পাঁচটাকৈ উইকেট দখল কৰি সকলোকে হতবাক কৰে ৷ অৰ্জুনৰ মাৰাত্মক স্পেলে দিশহাৰা কৰি তোলে অৰুণাচলৰ বেটছমেনসকলক ৷ গোৱা বনাম অৰুণাচলৰ এখন মেচত দেখা যায় এই দৃশ্য ৷
FIVE-WICKET HAUL FOR ARJUN TENDULKAR...!!!!
— Johns. (@CricCrazyJohns) November 13, 2024
- Arjun Tendulkar took five wicket haul against Arunachal Pradesh in the Ranji Trophy, terrific performance by Arjun 🌟⚡ pic.twitter.com/ye4X08VUKO
গ্ৰুপ পৰ্যায়ৰ মেচখনত অৰ্জুনৰ পাঁচটা উইকেটৰ বাবে গোৱাই প্ৰথম ইনিংছত অৰুণাচলক মাত্ৰ 84 ৰাণতে ধৰি ৰাখিবলৈ সক্ষম হয় ৷ গোৱাৰ জাৰ্ছীত মুম্বাইৰ খেলুৱৈজনৰ প্ৰদৰ্শনে ফ্ৰেঞ্চাইজিক আই পি এল নিলামৰ পূৰ্বে ভাবিবলৈ বাধ্য কৰিব বুলি চলিছে চৰ্চা ।
প্ৰথমবাৰৰ বাবে ৰঞ্জীৰ মেচত পাঁচ উইকেট দখল অৰ্জুনৰ
অৰ্জুনে বুধবাৰে অৰুণাচল প্ৰদেশৰ বিৰুদ্ধে কেৰিয়াৰৰ 17 সংখ্যক মেচখনত অংশগ্ৰহণ কৰিছিল ৷ এই খেলখনত তেওঁ প্ৰথমবাৰৰ বাবে পাঁচটা উইকেট দখল কৰে ৷ 25 বছৰীয়া অৰ্জুনে 9 অভাৰত 25 ৰাণ ব্যয় কৰিয়েই দখল কৰে আটাইকেইটা উইকেট ।
মেচখনত অৰ্জুনে 3 মেডেন অভাৰ বলিং কৰিছিল ৷ এই খেলখনৰ দ্বিতীয় অভাৰত জুনিয়ৰ তেণ্ডুলকাৰে অৰুণাচলৰ অপেনাৰ নৱম হাচাংকক শূন্য ৰাণতে ক্ৰিজৰ পৰা বিদায় দিয়ে । তাৰপিছত ক্ৰমে নীলম অ’বি, জয় ভাৱচাৰ, চিন্ময় পাটিল আৰু মোজিৰ উইকেটো দখল কৰে অৰ্জুনে ৷
দলীয় স্ক’ৰ 36 ৰাণ হওঁতেই পাঁচটাকৈ গুৰুত্বপূৰ্ণ উইকেট হেৰুওৱা অৰুণাচলে খেলখনত 100 ৰাণো সংগ্ৰহ কৰিব নোৱাৰিলে ৷ দলটোৱে মাত্ৰ 30.3 অভাৰত 84 ৰাণ সংগ্ৰহ কৰিয়েই হেৰুৱাই আটাইকেইটা উইকেট ৷
গোৱাৰ হৈ অৰ্জুনৰ উপৰিও মোহিত ৰেডকৰে তিনিটা আৰু কীথ পিণ্টোই দখল কৰে দুটাকৈ উইকেট ৷ লগতে দলটোৰ হৈ বেটছমেন সুয়ুস প্ৰভুদেশাই আৰু কাশ্যপ বাকলে উন্নত প্ৰদৰ্শন দাঙি ধৰি দলটোক জয়ৰ সোৱাদ দিয়ে ৷ গোৱাই 54 অভাৰত দুটা উইকেটৰ বিনিময়ত 414 ৰাণ সংগ্ৰহ কৰে ৷
প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত শচীন তনয় অৰ্জুনৰ এয়া সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন ৷ ইয়াৰ পূৰ্বে অৰ্জুনে প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন দাঙি ধৰি 49 ৰাণৰ বিনিময়ত দখল কৰে 4 টা উইকেট ৷ আগন্তুক আই পি এলৰ ছিজনৰ পূৰ্বে অৰ্জুন তেণ্ডুলকাৰৰ এই প্ৰদৰ্শনে ফ্ৰেঞ্জাইজিসকলৰ দৃষ্টি আকৰ্ষণ কৰাৰো সম্ভাৱনা আছে ৷
লগতে পঢ়ক: ক্ৰিকেটপ্ৰেমীলৈ সুখবৰ: অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে হ’বলগা শৃংখলাৰ পূৰ্বে প্ৰত্যাৱৰ্তন মহম্মদ ছামীৰ