ETV Bharat / sports

4 টা বলত 4 টা উইকেট, দুটাকৈ হেটট্ৰিকেৰে ইতিহাস ৰচিলে এইগৰাকী বলাৰে - DOUBLE HATTRICK IN T20IS

Double Hattrick in T20Is: আই চি চি পুৰুষৰ টি-20 বিশ্বকাপ আমেৰিকাৰ উপ-আঞ্চলিক খেলখনত দুবাৰকৈ হেটট্ৰিক অৰ্জনৰে আৰ্জেণ্টিনাৰ ফাষ্ট বলাৰে ৰচিলে ইতিহাস ৷

Double Hattrick in T20Is
প্ৰতিনিধিত্বমূলক ফটো (IANS Photo)
author img

By ETV Bharat Sports Team

Published : 2 hours ago

স্প’ৰ্টছ ডেস্ক: এটা দ্বৈত হেটট্ৰিক, যাৰ অৰ্থ হৈছে 4 টা বলত 4 টা উইকেট দখল ৷ ক্ৰিকেটত এক বিৰল কৃতিত্ব হিচাপে গণ্য কৰা হয় এনেবোৰ অভিলেখ ।

অৱশ্যে সোমবাৰে অনুষ্ঠিত আই চি চি পুৰুষৰ টি-20 বিশ্বকাপৰ উপ-আঞ্চলিক আমেৰিকা কোৱালিফায়াৰৰ এখন খেলত আৰ্জেণ্টিনাৰ হাৰ্নান ফেনেলে এই বিৰল কৃতিত্ব অৰ্জন কৰা পৰিলক্ষিত হয় । 36 বছৰীয়া ফেনেল টি-20 ক্ৰিকেটত দুবাৰকৈ হেটট্ৰিক অৰ্জনকাৰী ষষ্ঠগৰাকী বলাৰত পৰিগণিত হয় ।

আৰ্জেণ্টিনাৰ হাৰ্নান ফেনেলৰ ইতিহাস

কেমেন দ্বীপপুঞ্জৰ বিৰুদ্ধে অনুষ্ঠিত খেলখনত আকৰ্ষণীয় পৰিসংখ্যাৰে (5/14) ফেনেলে দখল কৰে ট্ৰয় টেইলৰ, এলিষ্টেয়াৰ ইফিল, ৰ’নাল্ড ইউবেংকছ আৰু আলেচেন্দ্ৰো মৰিছৰ উইকেট ৷ ফেনেল হৈছে টি-20 ক্ৰিকেটত দ্বৈত হেটট্ৰিক অৰ্জন কৰা ষষ্ঠগৰাকী বলাৰ ৷

এই তালিকাত থকা আন আন ক্ৰিকেটাৰসকল হৈছে ক্ৰমে- আফগানিস্তানৰ ৰাশ্বিদ খান, শ্ৰীলংকাৰ লাচিত মালিংগা, আয়াৰলেণ্ডৰ কাৰ্টিছ কাম্ফাৰ, ৱেষ্ট ইণ্ডিজৰ জেচন হোল্ডাৰ আৰু লেচোথোৰ ৱাছিম য়াকুবাৰ ৷

টি-20 আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত দ্বৈত হেট্ৰিক অৰ্জন কৰা বলাৰসকল:

ক্ৰমিক নংখেলুৱৈৰ নামবিপক্ষ/বৰ্ষ
1.ৰাশ্বিদ খান (আফগানিস্তান)আয়াৰলেণ্ড, 2019
2.লাচিত মালিংগা (শ্ৰীলংকা)নিউজিলেণ্ড, 2019
3.কাৰ্টিছ কাম্ফাৰ (আয়াৰলেণ্ড)নেদাৰলেণ্ড, 2021
4.জেচন হোল্ডাৰ (ৱেষ্ট ইণ্ডিজ)ইংলেণ্ড, 2022
5.ৱাছিম য়াকুবাৰ (লেচোথো)মালী, 2024
6.হৰ্নান ফেনেল (আৰ্জেণ্টিনা)কেমেন দ্বীপপুঞ্জ, 2024

ফেনেলৰ দ্বিতীয়টো হেটট্ৰিক লাভ

2021 চনত এণ্টিগুৱাত পানামাৰ বিৰুদ্ধে পূৰ্বে হেটট্ৰিক অৰ্জন কৰা ফেনেলৰ এয়া টি-20 ক্ৰিকেটত দ্বিতীয়টো হেটট্ৰিক ৷ যিটো আই চি চি পুৰুষৰ টি-20 বিশ্বকাপৰ আমেৰিকা ৰিজিয়ন কোৱালিফায়াৰ ইভেণ্টৰ অংশ আছিল । টি-20 ত ক্ৰিকেটাৰগৰাকীৰ নামত কেইবাটাও হেটট্ৰিক থকাৰ লগতে ফেনেল টি-20 ক্ৰিকেটত একাধিক হেটট্ৰিক অৰ্জন কৰা ষষ্ঠগৰাকী বলাৰত পৰিগণিত হয় ।

একাধিক হেটট্ৰিক অৰ্জন কৰা বলাৰসকল

মাল্টাৰ ৱাছিম আব্বাছ, অষ্ট্ৰেলিয়াৰ পেট কামিন্স, ছাৰ্বিয়াৰ মাৰ্ক পাভলভিচ, নিউজিলেণ্ডৰ টিম চাউথী আৰু শ্ৰীলংকাৰ লাচিত মালিংগা হৈছে ক্ৰিকেটৰ সৰ্বাধিক চুটি ফৰ্মেট টি-20 ত এটাতকৈ অধিক হেটট্ৰিক অৰ্জনকাৰী অন্যান্য কেইগৰাকীমান বলাৰ ।

খেলখনৰ পৰিস্থিতি

খেলখনত প্ৰথমে বেটিং কৰি কেমেন দ্বীপপুঞ্জই মুঠ 116 ৰাণ সংগ্ৰহ কৰে । চেমুৱেল ফষ্টাৰে 41 ৰাণৰ ইনিংছটো আছিল দলটোৰ সৰ্বাধিক ব্যক্তিগত ৰাণৰ ইনিংছ ৷ প্ৰত্যুত্তৰত আৰ্জেণ্টিনাৰ দলটোৱে মাত্ৰ 94 ৰাণহে সংগ্ৰহ কৰে ৷ বিপক্ষৰ দলটোৰ হৈ কনয় ৰাইটে 3 টা উইকেট দখল কৰে । খেলখনত ফেনেলৰ বিধ্বংসী স্পেল অথলে যোৱাৰ লগতে কেমেন দ্বীপপুঞ্জই মেচখনত 22 ৰাণত জয়লাভ কৰে ৷

লগতে পঢ়ক: 423 ৰাণৰ বৃহৎ ব্যৱধানৰে নিউজিলেণ্ডৰ বিৰুদ্ধে পৰাস্ত ইংলেণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.