ETV Bharat / sports

ফুটবল প্ৰশিক্ষকৰ বিৰুদ্ধে কিশোৰক যৌন নিৰ্যাতনৰ অভিযোগ: গোচৰ ৰুজু - ALLEGATION OF MOLESTATION

author img

By ETV Bharat Sports Team

Published : Sep 14, 2024, 5:22 PM IST

Morning Star Club doom dooma: এজন ফুটবল প্ৰশিক্ষকৰ বিৰুদ্ধে উত্থাপিত হৈছে যৌন নিৰ্যাতনৰ অভিযোগ ৷ প্ৰশিক্ষণ দিয়াৰ চলেৰে প্ৰশিক্ষকগৰাকীয়ে অসমৰ তিনি ভিন্ন স্থানৰ কিশোৰক নিৰ্যাতন চলোৱা বুলি অভিযোগ তুলিছে কিশোৰকেইজনৰ পৰিয়ালে ৷ ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল ৷ সম্প্ৰতি পলাতক অৱস্থাত ৰঞ্জন বৰ্মন নামৰ প্ৰশিক্ষকজন ৷

ALLEGATION OF MOLESTATION
প্ৰতিনিধিত্বমূলক ফটো (ETV Bharat)

তিনিচুকীয়া, 14 ছেপ্টেম্বৰ: তিনিচুকীয়া জিলাৰ চাহনগৰী খ্যাত ডুমডুমাত সংঘটিত হৈছে মানৱ সমাজক লজ্জানত কৰা এক জঘন্য ঘটনা । এগৰাকী ব্যক্তিৰ বিৰুদ্ধে উত্থাপিত হৈছে এক গুৰুতৰ অভিযোগ । জানিব পৰা মতে, ডুমডুমা মৰ্ণিং ষ্টাৰ ক্লাৱ (Morning Star Club) ৰ প্ৰশিক্ষক ৰঞ্জন বৰ্মনে নগাঁও, ৰহা আৰু মৰিগাঁৱৰ পৰা অহা তিনিজনকৈ কিশোৰক প্ৰশিক্ষণ দিয়াৰ অচিলাৰে ধৰ্ষণৰ দৰে জঘন্য ঘটনা সংঘটিত কৰে ৷ সম্প্ৰতি বিষয় সন্দৰ্ভত কিশোৰ তিনিজনৰ অভিভাৱকে পৃথকে-পৃথকে আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ ।

ফুটবল প্ৰশিক্ষকৰ বিৰুদ্ধে নিৰ্যাতনৰ অভিযোগ (ETV Bharat Assam)

সদৌ অসম ভিত্তিক 15 বছৰ অনুৰ্ধৰ দিবা-নৈশ প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা কিশোৰসকল আহি উপস্থিত হৈছিল ডুমডুমাত । উত্থাপিত অভিযোগ অনুসৰি, সেই কিশোৰসকলৰ মাজৰে তিনিজনক মৰ্ণিং ষ্টাৰ ক্লাৱৰ প্ৰশিক্ষক ৰঞ্জন বৰ্মনে চলাই যৌন নিৰ্যাতন । এই ঘটনাৰ বিষয়ে পৰিয়াল তথা আৰক্ষীক অৱগত কৰিলে হত্যা কৰাৰ ভাবুকিও প্ৰদান কৰে প্ৰশিক্ষকগৰাকীয়ে ৷

উপায়ন্তৰ ভুক্তভোগীসকলৰ অভিভাৱকে ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰে আৰক্ষী থানাত । এই অভিযোগৰ ভিত্তিত ৰহা, মৰিগাঁও আৰু ডুমডুমা আৰক্ষীয়ে গোচৰ ৰুজু কৰি আৰম্ভ কৰিছে তদন্ত ৷ এই কাণ্ড পোহৰলৈ অহাৰ পিছৰে পৰা পলাতক হৈ আছে ৰঞ্জন বৰ্মন নামৰ ফুটবল প্ৰশিক্ষকজন ।

এইগৰাকী ফুটবল প্ৰশিক্ষকৰ বিৰুদ্ধে পূৰ্বতেও এনে ঘটনা সংঘটিত কৰাৰ অভিযোগ উত্থাপিত হৈছিল । ডুমডুমাত সংঘটিত এনে নিকৃষ্ট ঘটনাই সমগ্ৰ ৰাজ্যখনতেই সৃষ্টি কৰিছে চাঞ্চল্যৰ । এই জঘন্য ঘটনাৰ সন্দৰ্ভত ডুমডুমা মহিলা সমিতিৰ লগতে সচেতন মহলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আৰক্ষীক উচিত তদন্তৰ দাবী জনাইছে ৷

ডুমডুমা মহিলা সমিতিৰ সভানেত্ৰী ববী বৰাই এইসন্দৰ্ভত কয় যে, "আজি ডুমডুমাত এনে এটা ঘটনা হোৱা বুলি শুনিব পাই দুখ পালো, কিন্তু আচৰিত হোৱা নাই ৷ কিয়নো ৰঞ্জন বৰ্মন নামৰ বদমাছটোৰ বিৰুদ্ধে ইয়াৰ পূৰ্বেও এনে বহু ঘটনা সংঘটিত হোৱা অভিযোগ আছে । বহু কিশোৰ-শিশুক যৌন নিৰ্যাতন চলোৱাৰ গুৰুতৰ অভিযোগ আছে । যোৱা বছৰ ছেপ্টেম্বৰ মাহত এজন ব্যক্তি ৰে’লপথৰে আহি থকাৰ সময়ত নিশা ৰঞ্জন বৰ্মনসহ তিনিটাই মদ খাই ধৰ্ষণ কৰাৰ অভিযোগ উঠিছিল । ওৰে নিশা তিনিও আৰক্ষী থানাতে থাকিল, কিন্তু কিয় গোচৰ ৰুজু নহ’ল, সেইটোহে বহুত ডাঙৰ কথা । যদি তেতিয়াই গোচৰটো ৰুজু হ’লহেতেন, আজি পুনৰ এনে এটা ঘটনা সংঘটিত নহ’ল হয় । এতিয়া ৰঞ্জন বৰ্মনৰ লগত আন দুটা কোন আছিল, আৰক্ষীয়ে ভালকৈ জানিব । ডুমডুমাত ফুটবলৰ প্ৰশিক্ষণ ল’বলৈ অহা শিশু-কিশোৰসকলক যৌন নিৰ্যাতন চলোৱাৰ ঘটনা বহু শুনিবলৈ পাই আহিছো ৷ কিন্তু লিখিত অভিযোগ নোপোৱাৰ বাবে কোনো পদক্ষেপ ল’ব পৰা নাছিলো । ডুমডুমাত ৰঞ্জন বৰ্মনৰ কাণ্ড-কাৰখানা বহুলোকে জানিও কিয় মহান ব্যক্তিসকলে মনে-মনে থাকে, সেইটো বহু আশ্বৰ্যজনক বিষয় । গতিকে এই তিনিজন কিশোৰৰ এজাহাৰৰ ভিত্তিত ডুমডুমা আৰক্ষীয়ে উচিত তদন্ত কৰি কঠোৰতকৈ কঠোৰ শাস্তি দোষীক যাতে প্ৰদান কৰে ৷ যাতে দ্বিতীয়জন ৰঞ্জন বৰ্মনে এনে কাণ্ড কৰিবলৈ সাহস নকৰে" ।

লগতে ডুমডুমাৰ এজন সচেতন যুৱক অভিষেক বৰাই কয় যে, "ৰঞ্জন বৰ্মনৰ এনে ঘটনা এয়াই প্ৰথম নহয় । আজি ঘটনাটোৰ বিষয়ে জানিবলৈ পাই ডুমডুমাৰ এজন যুৱক হিচাপে লজ্জিত হৈছো । শৈক্ষিক ক্ষেত্ৰত কালিমা সনা ৰঞ্জন বৰ্মনৰ পূৰ্বৰ ঘটনা কিয় গাপ দি ৰখা হ’ল, সেয়া ৰহস্যজনক । গতিকে আগন্তুক দিনসমূহত যাতে এনে ঘটনা পুনৰ সংঘটিত হৈ শৈক্ষিক বাতাবৰণ বিনষ্ট হ’ব নোৱাৰে, তাৰ বাবে বিহিত ব্যৱস্থা ল’ব লাগে" ৷

লগতে পঢ়ক: ছাত্ৰীক অশ্লীল ইংগিত দিয়াক লৈ উত্তাল বৰভিটা পি এম উচ্চতৰ মাধ্যমিক বিদ্যালয় - Student Protest In Barpeta

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.