ETV Bharat / sports

ইমাৰ্জিং এছিয়া কাপত শ্ৰীলংকাক পৰাস্ত কৰি আফগানিস্তানৰ ইতিহাস - ACC EMERGING ASIA CUP 2024

Afghanistan wins acc emerging cup: ইমাৰ্জিং এছিয়া কাপত খিতাপ দখল আফগানিস্তানৰ ৷ শ্ৰীলংকাক পৰাস্ত কৰি দলটোৱে ৰচিলে ইতিহাস ৷

ACC EMERGING ASIA CUP 2024
আফগানিস্তান ক্ৰিকেট দল (জুনিয়ৰ দলৰ ফাইল ফটো) (IANS PHOTO)
author img

By ETV Bharat Sports Team

Published : Oct 28, 2024, 2:08 PM IST

স্প’ৰ্টছ ডেস্ক: এ চি চি ইমাৰ্জিং টীম এছিয়া কাপ 2024 ৰ খিতাপ দখল কৰি ইতিহাস ৰচনা কৰিছে আফগানিস্তান এ-য়ে । প্ৰতিযোগিতাখনৰ ফাইনেলত আফগানিস্তানৰ বিৰুদ্ধে 7 উইকেটত পৰাস্ত হয় শ্ৰীলংকা ।

ইয়াৰ পূৰ্বে ছেমি ফাইনেলত ইণ্ডিয়া এ-ক পৰাস্ত কৰি বৃহৎ অঘটন সংঘটিত কৰিছিল আফগানিস্তান এ-য়ে ৷ দলটোৱে প্ৰথমবাৰৰ বাবে ফাইনেলত শ্ৰীলংকাক পৰাস্ত কৰি দখল কৰে খিতাপ ।

জয়ৰ বাবে আফগানিস্তানক 134 ৰাণৰ লক্ষ্য বান্ধি দিয়ে শ্ৰীলংকাই ৷ আফগান দলটোৱে 18.1 অভাৰত 3 টা উইকেট হেৰুৱাই নিৰ্দিষ্ট লক্ষ্যত উপনীত হয় ৷

আফগানিস্তানৰ হৈ অ’পেনাৰ ছেদিকুল্লা হ'ল আটালে 55 টা বলত সৰ্বাধিক 55 ৰাণ সংগ্ৰহ কৰি অপৰাজিত হৈ ৰয় । বেটছমেনগৰাকীৰ ইনিংছটোত আছিল 3 টা চাৰি আৰু এটা ছয় ৷ আনহাতে, কৰিম জন্নাটে 27 টা বলত 3 টা ছয়ৰে 33 ৰাণ সংগ্ৰহ কৰে । দৰৱেশ ৰছুলীয়ে 20 টা বলত 24 ৰাণৰ বৰঙণি আগবঢ়ায় ।

ইয়াৰ বাহিৰেও মহম্মদ ইছহাকে 6 টা বলত 16 ৰাণ সংগ্ৰহ কৰি অপৰাজিত হৈ ৰয় । ইনিংছ মুকলিৰ সময়ত আফগানিস্তানৰ প্ৰদৰ্শন সিমান উন্নত নাছিল ৷ কোনো ৰাণ সংগ্ৰহ নকৰাকৈয়ে আফগান অ’পেনাৰ জুবাইদ আকবাৰী পেভিলিয়নলৈ ওভতে ৷

অৱশ্যে দলটোৰ বাকীসকল বেটছমেনে ইনিংছ চম্ভালিবলৈ সক্ষম হয় ৷ ফাইনেল মেচখনত বলিং দক্ষতাৰ বাবেই আফগানিস্তানে জয় লাভ কৰিবলৈ সক্ষম হোৱা দেখা যায় ৷ দলটোৰ হৈ সমগ্ৰ প্ৰতিযোগিতাখনতে উন্নত প্ৰদৰ্শন দাঙি ধৰা বিলাল চামি আৰু আল্লা ঘাঞ্জনিফাৰে ফাইনেলতো সুন্দৰ প্ৰদৰ্শন অব্যাহত ৰাখে ৷

ইমাৰ্জিং এছিয়া কাপত লাভ কৰা বিজয়ে ক্ৰিকেটত আফগানিস্তানৰ উত্থানৰ ইংগিত বহন কৰিছে ৷

লগতে পঢ়ক: নিউজিলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ পৰাজয়; অথলে গ’ল ৰাধা যাদৱৰ বেটিং বিক্ৰম

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.