ETV Bharat / sports

৭ বাৰকৈ মিঃ ইণ্ডিয়া খিতাপ দখল কৰা এগৰাকী ৭৬ বছৰীয়া অসমীয়া - Seven times Mr India Winner

author img

By ETV Bharat Assamese Team

Published : May 2, 2024, 9:53 PM IST

Harakanta Borgohain: যেতিয়া অসমত পেছাগত শৰীৰচৰ্চাই বাবে বৰ বিশেষ সমাদৰ লাভ কৰা নাছিল, তেতিয়াতেই ব্যক্তিগৰাকীয়ে শৰীৰচৰ্চাক লৈ সপোন দেখিছিল । পৰৱৰ্তী সময়ত ভাৰতীয় বায়ু সেনাত চাকৰি কৰি থকা অৱস্থাতো তেওঁ নিজৰ সপোন পূৰ্ণ কৰিছিল আৰু ৭ বাৰকৈ মিঃ ইণ্ডিয়া খিতাপ দখল কৰিছিল । আহক জানো এইগৰাকী সত্তৰোৰ্ধৰ শৰীৰচৰ্চাবিদৰ বিষয়ে...

Harakanta Borgohain
Seven times Mr India Winner (ETV Bharat Assam)

গুৱাহাটী, ২ মে’: বৰ্তমান সময়ত পুৰুষ-মহিলা সকলোৱেই শৰীৰচৰ্চাৰ প্ৰতি আগ্ৰহী হোৱা পৰিলক্ষিত হয় । শৰীৰচর্চাৰ প্ৰতি আগ্ৰহী বহুলোকে ভিন্ন ধৰণৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি খিতাপ দখল কৰিবলৈও সক্ষম হৈছে । অসমৰ বহু যুৱক-যুৱতীয়ে শৰীৰ চৰ্চাৰ জৰিয়তে অসমৰ নাম উজলাবলৈ সক্ষম হৈছে ৷ অসমৰ শৰীৰচৰ্চা ক্ষেত্ৰৰ বাটকটীয়া স্বৰূপ এগৰাকী ব্যক্তি হৈছে হৰকান্ত বৰগোহাঁই ।

তেওঁৰ জন্ম হৈছিল ১৯৪৮ চনৰ ১ এপ্ৰিলত । স্বাধীনত্তোৰ কালত জন্ম লাভ কৰা বৰগোহাঁয়ে ষষ্ঠ শ্ৰেণীত পঢ়ি থকা অৱস্থাতেই লেখক কেশৱ হাজৰিকাৰ ‘সচিত্ৰ শাৰীৰিক ব্যায়াম চৰ্চা’ নামৰ কিতাপখন পঢ়ি শৰীৰচৰ্চাৰ প্ৰতি আগ্ৰহী হৈছিল । তেনেদৰেই আৰম্ভ হৈছিল তেওঁৰ এই যাত্ৰা ।

অষ্টম শ্ৰেণীত পঢ়ি থাকোতে ইটা দুচপৰা লৈয়েই তেওঁ বুকডাউন কৰিছিল । কাৰণ সেই সময়ত শৰীৰ চৰ্চাৰ উপযুক্ত সা-সুবিধা নথকাটোৱেই স্বাভাৱিক আছিল । শৰীৰচৰ্চাৰ প্ৰতি থকা তেওঁ প্ৰৱল ইচ্ছাৰ বাবেই ১০ কি মি দূৰৰ শিৱসাগৰ নগৰৰ ‘কচম’প’লিটান ক্লাৱ’লৈ সদায় পাছবেলা ব্যায়াম কৰিবলৈ গৈছিল ৷ যেতিয়া তেওঁ উভতি আহে তেতিয়ালৈ গাঁৱৰ মানুহবোৰ শুই পৰিছিল ৷ সেই সময়ত অসমত এই ধৰণৰ ক্ৰীড়াৰ বৰ বিশেষ কদৰ নাছিল যদিও হৰকান্ত বৰগোহাঁই নিজৰ এই যাত্ৰা পথৰ পৰা বিচলিত হোৱা নাছিল ৷

১৯৬৫ চনত তেওঁ ভাৰতীয় বায়ু সেনাত যোগদান কৰে । ভাৰতীয় বায়ু সেনাত যোগদান কৰাৰ পাছতো অব্যাহত ৰাখিছিল শৰীৰচর্চা । তেওঁ ১৯৭৪ চনৰ পৰা ১৯৮৪ চনলৈ তেওঁ ১১ বাৰকৈ ‘মিঃ এয়াৰ ফ’ৰ্চ’ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয় । পৰৱৰ্তী সময়ত তেওঁ ৪ বাৰকৈ 'মিঃ চাৰ্ভিছ', দুবাৰকৈ 'মিঃ হিমালয়া' আৰু ৭ বাৰকৈ ‘মিঃ ইণ্ডিয়া’ৰ খিতাপ দখল কৰিবলৈ সক্ষম হয় ।

ইয়াৰোপৰি কোৱালালামপুৰত অনুষ্ঠিত ‘মিঃ এছিয়া’ত ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয় হৰকান্ত বৰগোহাঁই । কেৱল এয়াই নহয়, আধুনিক সা-সুবিধা, উচ্চমানৰ প্ৰশিক্ষণ নোহোৱাকৈয়ে তেওঁ দেশ-বিদেশত অনেক ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছিল ।

তেওঁৰ কৰ্মজীৱন হিচাপে ভাৰতীয় বায়ু সেনাত ২০ বছৰ, ষ্টেট স্প’ৰ্টচ কাউন্সিলত ১ বছৰ, ডিৰেক্টৰেট অৱ স্প‘ৰ্টচত এছিষ্টেণ্ট ডিৰেক্টৰ হিচাপে ১ বছৰ, স্প’ৰ্টচ অথৰিটী অৱ ইণ্ডিয়াত ক্ৰমে এচিষ্টেণ্ট ডিৰেক্টৰ, ডেপুটী ডিৰেক্টৰ আৰু ডিৰেক্টৰ হিচাপে কাৰ্যনিৰ্বাহ কৰি অৱসৰ গ্ৰহণ কৰে ।

বয়সে ভাটি দিলেও এতিয়াও থমকি ৰোৱা নাই তেওঁ । বৰ্তমানেও তেওঁ দৈনিক ১ ঘণ্টাকৈ শাৰীৰচৰ্চা কৰে । শৰীৰচৰ্চাৰ নিয়ম, খাদ্যাভাষ, বিকল্প প্ৰ’টিন গ্ৰহণৰ উপকাৰীতা আৰু অপকাৰীতা সন্দৰ্ভত ইটিভি ভাৰতৰ জৰিয়তে তেওঁ নৱপ্ৰজন্মলৈ প্ৰেৰণ কৰিছে বিশেষ বাৰ্তা ৷

লগতে পঢ়ক: পেৰিছ অলিম্পিকলৈ লাভলীনা : দ্বিতীয়বাৰলৈ অলিম্পিক পদক অৰ্জনৰ সপোন অসমকন্যাৰ দুচকুত - paris olympics 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.