ETV Bharat / politics

শাসক vs বিৰোধী : ১২ নং লখিমপুৰ লোকসভা সমষ্টিত কোনে মাৰিব শেষ হাঁহি ? - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 8, 2024, 9:51 AM IST

12th no Lakhimpur LS : আৰু মাথোঁ দহ দিনৰ পাচতেই লোকসভা নির্বাচন অনুষ্ঠিত হ’ব । প্রথম পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব লগীয়া সমষ্টিতসমূহৰ অন্যতম ১২ নং লখিমপুৰ লোকসভা সমষ্টিৰ নিৰ্বাচনী প্ৰেক্ষাপটক আলোকপাত কৰি এক প্ৰতিবেদন ।

Who will have the last laugh in 12th no Lakhimpur lok sabha constituency
১২ নং লখিমপুৰ লোকসভা সমষ্টিত কোনে মাৰিব শেষ হাঁহি ?

লখিমপুৰ, ৮ এপ্রিল : শাসক বিৰোধী উভয়ৰ বাবে সন্মানৰ প্ৰশ্নত পৰিণত হৈছে লখিমপুৰ লোকসভা সমষ্টি । সমষ্টি দখলৰ বাবে তয়াময়া যুঁজ ৰাজ্যৰ ১৪ টা লোকসভা সমষ্টিৰ অন্যতম ১২ নং লখিমপুৰ লোকসভা সমষ্টি । সম্প্রতি লখিমপুৰ লোকসভা সমষ্টিটো শাসক বিৰোধী উভয় দলৰ বাবে সন্মানৰ প্ৰশ্ন হৈ পৰিছে ।

স্বাধীনতাৰ পাচত সৰহভাগ সময় কংগ্রেছৰ দখলত থকা এই সমষ্টিটো অগপ দলেও দখল কৰিছিল । পিচে ২০১৪ চনৰ পৰা পট পৰিৱৰ্তন ঘটিল সমষ্টিটোৰ ৰাজনৈতিক আবহাৱা । কংগ্রেছৰ দখল ওফৰাই বিজেপিয়ে আধিপত্য বিস্তাৰ কৰে সমষ্টিটোত । এইবাৰ শাসকীয় বিজেপি দলে বিগত দুটাকৈ নিৰ্বাচনত প্ৰক্ষেপ কৰা প্ৰাৰ্থী প্ৰদান বৰুৱাক পুনৰাই প্ৰাৰ্থিত্ব দি সমষ্টিটো দখলৰ যুঁজত নামিছে ।

পূৰ্বৰ সাংসদ জনকে প্ৰাৰ্থিত্ব দিলে বিজয়ৰ পথ সুগম হ’ব বুলি বিজেপিয়ে নিশ্চিত হৈ নিৰ্বাচনী যুজত নামিছে । দুবাৰকৈ দখল কৰা সমষ্টিটোত এইবাৰ বিজেপিৰ খোপনি উফৰিব লাগিলে দলটোৰ সন্মানত আঘাত লগাই নহয় সামগ্ৰীকভাৱে ৰাজ্যখনতে দলটোৰ ভাবমূর্তি ম্লান হোৱাৰ আশংকা কৰি বিজেপিয়ে সৰ্বশক্তিৰে যুঁজত নামিছে ।

১২ নং লখিমপুৰ লোকসভা সমষ্টিৰ নিৰ্বাচনী প্ৰেক্ষাপটক আলোকপাত

দলীয় প্রার্থীৰ হৈ সমষ্টিটোত ছজনকৈ দলীয় বিধায়কে সমষ্টিত সমূহত দলীয় প্রার্থীগৰাকীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাইছে ।মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা, মন্ত্রী ৰণোজ পেগু, জয়ন্ত মল্ল বৰুৱা আদিয়ে নিৰ্বাচনী প্ৰচাৰ চলাইছে । গৃহমন্ত্ৰী অমিত শ্বাহেও চলাব নিৰ্বাচনী প্ৰচাৰ ।

মুখ্যমন্ত্রীয়ে পুনৰ একাধিক সমষ্টিত প্ৰচাৰ চলাব, পদযাত্রা কৰিব । দিল্লী দিছপুৰ উবুৰি খাই পৰিছে লখিমপুৰ লোকসভা সমষ্টিত । তেওঁলোকৰ এটাই লক্ষ্য । যিকোনো মূল্যৰ বিনিময়ত দলীয় প্রার্থীৰ বিজয় সাব্যস্ত কৰিব লাগে । শাসকীয় দলৰ এনে তৎপৰতাৰ বিপৰীতে প্ৰধান বিৰোধী দল কংগ্রেছো বহি থকা নাই । তেওঁলোকৰ বাবেও সন্মানৰ প্ৰশ্ন হৈ পৰিছে লখিমপুৰ লোকসভা সমষ্টিটো ।

বিশেষকৈ প্ৰদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাৰ বাবে এই সমষ্টিটো কেৱল সন্মানৰ বিষয় হৈ থকা নাই । তেওঁৰ বাবে প্ৰত্যাহ্বান হৈ পৰিছে এই সমষ্টিটো । কিয়নো দীর্ঘদিন কংগ্রেছৰ দখলত থকা সমষ্টিটো বিগত সময়ত বিজেপিয়ে কাঢ়ি ল’লে । এইবাৰ ৰাজ্যত তেওৰ নেতৃত্বত আছে কংগ্ৰেছ দলটো ।

১২ নং লখিমপুৰ লোকসভা সমষ্টি

আনহাতে লখিমপুৰ লোকসভা সমষ্টিটোৰ সদৰ সমষ্টি থকা লখিমপুৰ জিলাখন তেওঁৰ গৃহ জিলা । গৃহ জিলাত শাসকীয় দলে সফলতা লাভ কৰিলে তেওঁৰ সন্মানত আঘাত পৰাটো খাটাং । ইফালে এইবাৰ এই সমষ্টিত দলীয় প্রার্থী নিৰ্বাচনৰ ক্ষেত্ৰত ভূপেন বৰাই দলৰ ভিতৰতে এখন যুঁজ দিব লগীয়া হৈছিল ।

তেওঁৰ পচন্দ প্ৰাৰ্থী উদয় শংকৰ হাজৰিকাক প্ৰাৰ্থিত্ব দিবলৈ গৈ তেওঁ এখন যুজৰ সন্মুখীন হ’ব লগীয়া হৈছিল । ৰাণী নৰহে প্ৰাৰ্থিত্ব দাবী কৰি হাইকমাণ্ডৰ ওচৰত হেঁচা দিয়াৰ ফলত এক সংকট সৃষ্টি হৈছিল । যাৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰাত যথেষ্ট পলম হয় ।

অৱশেষত তেওঁৰ পচন্দৰ প্ৰাৰ্থীক দলীয় মনোনয়ন দিবলৈ সক্ষম হয় । তেওঁৰ পচন্দৰ প্ৰাৰ্থীক টিকট দিয়াবলৈ সক্ষম হ’লেও প্ৰাৰ্থীগৰাকীৰ বিজয় নিশ্চিত কৰাটো তেওঁৰ বাবে কেৱল সন্মানেই নহয় । দলত তেওঁৰ স্থিতি, হাইকমাণ্ডৰ ওচৰত তেওঁ যে এজন সুদক্ষ ৰাজনৈতিক ব্যক্তি সেই দিশসমূহ প্ৰতিপন্ন কৰাৰ এক অগ্নি পৰীক্ষাত অৱতীর্ণ হ’ব লগীয়া হৈছে ।

কেৱল এয়াই নহয় । টিকটৰ পৰা বঞ্চিত প্ৰাৰ্থিত্ব প্ৰত্যাশী ৰাণী নৰহৰ শিবিৰটোৰ অসন্তুষ্টি তেওঁ কেনেদৰে মোকাবিলা কৰি দলীয় প্রার্থীগৰাকীক বিজয়ৰ দিশে আগুৱাই নিব পাৰে সেয়া ভূপেন বৰাৰ বাবে এক প্ৰত্যাহ্বান স্বৰূপ হৈ পৰিছে ৷

লক্ষ্যণীয় যে, বিজেপিৰ প্ৰাৰ্থীজনৰ হৈ যিদৰে দিল্লী দিছপুৰৰ বাঘা বাঘা নেতাই নিৰ্বাচনী প্ৰচাৰত জপিয়াই পৰিছে ৷ তেনেদৰে কিন্তু কংগ্রেছৰ প্ৰাৰ্থীজনৰ হৈ দিল্লীৰ কোনো নেতাই এই পৰ্যন্ত নিৰ্বাচনী প্ৰচাৰ চলোৱা পৰিলক্ষিত হোৱা নাই । এই ক্ষেত্ৰত ভূপেন বৰাক অকলশৰীয়া হৈ পৰা যেন হে দেখা গৈছে । শাসক বিৰোধী উভয় দলৰ বাবে সন্মান অথবা প্ৰত্যাহ্বান হৈ পৰা ১২ নং লখিমপুৰ লোকসভা সমষ্টিত এতিয়া এনেবোৰ দৃশ্যপট পৰিলক্ষিত হৈছে ।

উল্লেখ্য যে, ১২ নং লখিমপুৰ লোকসভা সমষ্টি টোৱে লখিমপুৰ, ধেমাজি, ডিব্ৰুগড় আৰু তিনিচুকীয়া সহ চাৰিখন জিলাক সামৰি আছে । এই গুৰুত্বপূৰ্ণ সমষ্টিটোত সৰহ ভাগ সময় কংগ্ৰেছ দলে প্ৰভাৱ বিস্তাৰ কৰি আহিলেও অগপয়ো একাধিক বাৰ দখল সাব্যস্ত কৰিছিল ।

১৯৫২ চনত প্রথমবাৰ হোৱা নিৰ্বাচনত সমষ্টিটোত বিজয় সাব্যস্ত কৰিছিল কংগ্রেছৰ প্ৰাৰ্থী বি. জে. নাথে । পৰৱৰ্তী সময়ত ১৯৫৭ চনত কংগ্রেছৰ প্ৰফুল্ল বৰুৱা বিজয়ী হয় । তেওঁ পৰৱৰ্তী ১৯৬২ চনৰ নিৰ্বাচনতো বিজয়ী হৈ একেৰাহে দুটা কৈ কাৰ্য কালত কাৰ্য নিৰ্বাহ কৰে ।

তেনেদৰে ১৯৬৭ আৰু ১৯৭২ চনত একেৰাহে দুটা কৈ নিৰ্বাচনত বিজয়ী হয় সাহিত্য, শিক্ষা জগতৰ অন্য তম পুৰোধা ব্যক্তি কংগ্রেছৰ বিশ্ব নাৰায়ণ শাস্ত্ৰীয়ে । ১৯৭৭ ত পুনৰ কংগ্রেছৰ প্ৰাৰ্থী ললিত দলে সমষ্টিটোৰ পৰা বিজয়ী হয় । পৰৱৰ্তী সময়ত ৰাজনৈতিক সংকটৰ ফলত ১৯৮৫ চনতহে লোকসভাৰ নিৰ্বাচন অনুষ্ঠিত হয় ।

১৯৮৫ত প্ৰথম বাৰৰ বাবে সমষ্টিটোত কংগ্রেছৰ দখল পিছলি পৰে । সেই নিৰ্বাচনত বিজয়ী হয় অগপৰ প্ৰাৰ্থী গকুল শইকীয়া । পিছে পৰৱৰ্তী ১৯৯১ৰ নিৰ্বাচনত পুনৰ কংগ্রেছে সমষ্টিটো দখল কৰে । সেইবাৰ বিজয়ী হয় কংগ্রেছৰ প্ৰাৰ্থী বলীন কুলি ।

পৰৱৰ্তী ১৯৯৬ ৰ নিৰ্বাচনত পুনৰ অগপৰ প্ৰাৰ্থী অৰুণ শৰ্মা বিজয়ী হয় । কেন্দ্রত চৰকাৰ ভঙাপতাৰ বাবে ১৯৯৮, ১৯৯৯ ত হোৱা দুটাকৈ নিৰ্বাচনত কংগ্রেছৰ প্ৰাৰ্থী ৰাণী নৰহ বিজয়ী হয় । ২০০৪ চনত পুনৰ সমষ্টিটো দখল কৰে অগপৰ প্ৰাৰ্থী অৰুণ শৰ্মাই ।

২০০৯ চনৰ নিৰ্বাচনত পুনৰ ৰাণী নৰহে অগপৰ পৰা সমষ্টিটো কাঢ়ি ল’বলৈ সক্ষম হয় । ইয়াৰ পাচতে সমষ্টিটোৰ কংগ্রেছ অগপৰ দীৰ্ঘদিনীয়া দখল উফৰি পৰে । পৰিৱৰ্তিত ৰাজনৈতিক প্ৰেক্ষাপটত ২০১৪ চনত প্রথমবাৰৰ বাবে সমষ্টিটো দখল কৰে বিজেপিয়ে ।

বিজেপিৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱাল ২০১৪ চনৰ নিৰ্বাচনত বিপুল ভোটত বিজয়ী হয় । পৰৱৰ্তী ২০১৬ৰ বিধান সভাৰ নিৰ্বাচনত সৰ্বানন্দ সোণোৱালে মাজুলীৰ পৰা নিৰ্বাচনত অবতীর্ণ হৈ মুখ্যমন্ত্রী ৰূপে কাৰ্যনিৰ্বাহ কৰাত ২০১৬ত হোৱা লোকসভাৰ এই সমষ্টিৰ উপ নিৰ্বাচনত বিজেপিৰ প্ৰদান বৰুৱা বিজয়ী হয় ।

২০১৯ৰ নিৰ্বাচনতো প্ৰদান বৰুৱাই বিজয় মাল্য ধাৰণ কৰি বৰ্তমানলৈকে কাৰ্যনিৰ্বাহ কৰি আছে । দীর্ঘদিন ধৰি কংগ্রেছৰ লগতে অগপ আৰু শেহতীয়াকৈ বিজেপিৰ দখলত থকা এই সমষ্টিটো আৰু মাথোঁ দহ দিনৰ পাচতে অনুষ্ঠিত হ’ব লগীয়া নিৰ্বাচনত কোনে বিজয়মাল্য ধাৰণ কৰে ৷ সেয়া হ’ব ৰাজনৈতিক ক্ষেত্ৰৰ এক লক্ষ্যণীয় দিশ ৷

লগতে পঢ়ক : কংগ্ৰেছৰ ইস্তাহাৰক পুৰণি নোটৰ সৈতে তুলনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ - Assam CM Election Campaign

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.