ETV Bharat / politics

চৰকাৰ গঠন হ’লে কি কি দিব কংগ্ৰেছে: ক'লে ভূপেন বৰাই

Bhupen Bora on Bye-Election : উপ-নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ প্ৰতিশ্ৰুতিৰ বন্যা । বিজেপিক ক্ষুৰধাৰ সমালোচনা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ ।

author img

By ETV Bharat Assamese Team

Published : Oct 12, 2024, 11:00 AM IST

Bhupen Bora on Bye-Election
কংগ্ৰেছৰ চৰকাৰ আহিলে কি দিব : ক'লে ভূপেন বৰাই (ETV Bharat Assam)

গুৱাহাটী, ১১ অক্টোবৰ : "মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্মাৰ্ট মিটাৰৰ জৰিয়তে লুণ্ঠন কৰিছে । কংগ্ৰেছে লুণ্ঠনৰ বিপৰীতে ২০০ ইউনিট বিজুলী বিনামূলীয়াকৈ দিব । বিজেপিয়ে অৰুণোদয়ত ১২৫০ টকা দিছে আৰু কংগ্ৰেছে ন-লখিমীত ৩ হাজাৰ টকা দিম । অৰুণোদয় পোৱায়ো পাব আৰু নোপোৱায়ো পাব । ২০২৬ত যেতিয়া আমাৰ চৰকাৰ আহিব তেতিয়া আমি ২০০ ইউনিট বিজুলী বিনামূলীয়াকৈ দিম ।" এই বক্তব্য প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাৰ ।

গুৱাহাটীৰ ৰাজীৱ ভৱনত সংবাদ মাধ্যমৰ আগত বিজেপি চৰকাৰৰ আঁচনিসমূহক প্ৰত্যাহ্বান জনাই ভূপেন বৰাই কয়, "কৰ্মচাৰীসকলক কংগ্ৰেছ দলে য'তেই সুবিধা পাইছে তাতেই পুৰণি পেঞ্চন নীতি দিছে, অসমতো আমি দিম বুলি সংকল্প লৈছোঁ । আজি বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদনক লৈ বিজেপিয়ে কেৱল ৰাজনীতি কৰি আছে । কিন্তু আমি দায়বদ্ধ, আমাৰ সংকল্প লোৱা আছে । জাতিটোৰ স্বাৰ্থত দীৰ্ঘদিনে সমাধান নোহোৱা সমস্যাসমূহ সমাধান কৰাৰ স্বাৰ্থত ৰাইজে আমাক আহি থকা উপ-নিৰ্বাচনৰ যোগেদি এটা বাৰ্তা দিব ।"

পাঁচটা সমষ্টিত অনুষ্ঠিত হ'বলগীয়া উপ-নিৰ্বাচন সন্দৰ্ভত ভূপেন বৰাই কয়, "উপ-নিৰ্বাচনৰ ক্ষেত্রত আমাৰ পাঁচখন কমিটী আছে । কমিটীৰ অধ্যক্ষসকল হৈছে ক্ৰমে গৌৰৱ গগৈ, ৰকিবুল হুছেইন, প্ৰদ্যুৎ বৰদলৈ, জাকিৰ হুছেইন শিকদাৰ আৰু অজিত সিং । উপ-নিৰ্বাচনৰ পাঁচখন কমিটীৰ অধ্যক্ষক ইতিমধ্যে নিৰ্দেশ দিয়া হৈছে যে সকলোৰে লগত আলোচনা কৰি প্ৰাৰ্থীসকলৰ নাম আমালৈ পঠিয়াব লাগে । শনিবাৰে অন্তিম দিন । পাঁচখন কমিটীয়ে তৃণমূল পৰ্যায়ত আলোচনা কৰি শনিবাৰে সন্ধিয়ালৈ আমাক প্ৰাৰ্থীৰ নাম দিব । তাৰ ভিত্তিত চূড়ান্ত কৰা হ'ব আৰু এই সন্দৰ্ভত নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ লগত কথা পতা হৈছে । আমি বিচৰা ধৰণে উপ-নিৰ্বাচনৰ পূৰ্বে নামসমূহ ঘোষণা কৰা হ'ব ।"

লগতে পঢ়ক :ভিলেজ ৰকষ্টাৰ ২: BIFF ত আঁজুৰিলে শ্ৰেষ্ঠ ছবিৰ খিতাপ
লগতে পঢ়ক :দৌলে-দেৱালয়ে, মন্দিৰে-মণ্ডপে মুখ্যমন্ত্ৰী আৰু গৌৰৱ গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.