ETV Bharat / politics

সদনৰ মজিয়াত মুখ্যমন্ত্ৰীৰ ৰুদ্ৰমূৰ্তি : নামনিৰ মিঞাক উজনিলৈ যাব নিদিওৱেই, যি কৰে কৰক - Assam Assembly Autumn Session

author img

By ETV Bharat Assamese Team

Published : Aug 27, 2024, 4:03 PM IST

CM Himanta Biswa Sarma in Assembly : অসমৰ আইন শৃংখলাজনিত বিষয়ক লৈ উত্তাল‌ বিধানসভা ৷ হিন্দু-মুছলমানৰ প্ৰসংগক লৈ সদনৰ মজিয়াতে মুখ্যমন্ত্ৰীয়ে ধাৰণ কৰে ৰুদ্ৰমূৰ্তি ৷ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সদনৰ কামকাজ স্থগিত ৰাখিবলৈ বাধ্য হয় অধ্যক্ষই ৷

Assam Assembly Autumn Session
মিঞা মুছলমানক লৈ উত্তাল সদন (Assam Assembly official page)

গুৱাহাটী, ২৭ আগষ্ট : অসমৰ আইন শৃংখলাজনিত বিষয়ক কেন্দ্ৰ কৰি অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ আজি দ্বিতীয়টো দিন উত্তাল হৈ পৰে । বিৰোধী দলৰ বিধায়ক আৰু মুখ্যমন্ত্ৰীৰ মাজত তীব্ৰ বাক-বিতণ্ডা হয় । যাৰ‌ বাবে সদনৰ কাৰ্যসূচী বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে দহ মিনিটৰ বাবে স্থগিত ৰাখিবলগীয়া হয় ।

  • আইন-শৃংখলা বিষয়ক লৈ বিৰোধীৰ সভাস্থগিত প্ৰস্তাৱ :

বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, এ আই ইউ ডি এফৰ বিধায়ক ৰফিকুল ইছলাম, চি পি আই এমৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ আৰু বিধায়ক অখিল গগৈয়ে অসমত আইন শৃংখলা পৰিস্থিতি অৱনতি হোৱাৰ সন্দৰ্ভত সদনত আছুতীয়াকৈ আলোচনা কৰাৰ বাবে সভাস্থগিত প্ৰস্তাৱ উত্থাপন কৰে ।

সভাস্থগিত প্ৰস্তাৱ উত্থাপন কৰি বিৰোধী দলপতি শইকীয়া কয়, ‘‘অসমত শেহতীয়াকৈ আইন-শৃংখলাৰ অৱনতি হৈছে । মহিলাৰ নিৰাপত্তা নোহোৱা‌ হৈছে । মহিলাৰ বিৰুদ্ধে অপৰাধ বৃদ্ধি পাইছে । ধৰ্ষণৰ ঘটনা বৃদ্ধি পাইছে ।’’‌

বিধায়ক তালুকদাৰে সভাস্থগিত প্ৰস্তাৱ উত্থাপন কৰি কয়, ‘‘অসমত আইন শৃংখলাৰ অৱনতি হৈছে । একেদিনাই ২৫ টাকৈ বোমা আলফা(স্বা)ই সংস্থাপন কৰিছিল । মুখ্যমন্ত্ৰীৰ চৰকাৰী বাসগৃহৰ ২৫ মিটাৰ দূৰত বোমা সংস্থাপন হৈছিল । গতিকে অসমত মুখ্যমন্ত্ৰীৰে নিৰাপত্তা নোহোৱা হৈছে ।’’

ইপিনে সভাস্থগিত প্ৰস্তাৱ উত্থাপন কৰি এ আই ইউ ডি এফৰ বিধায়ক ৰফিকুল ইছলাম কয়, ‘‘উজনি অসমত নামনিৰ সংখ্যালঘুসকলক যোৱাত বাধা দিয়া হৈছে । নিৰপত্তা নোহোৱা হৈছে । অসমত আইন শৃংখলা অৱনমিত হৈছে ।’’

আনহাতে, অখিল গগৈয়ে সভাস্থগিত প্ৰস্তাৱ উত্থাপন কৰি কয়, ‘‘নামনিৰ সংখ্যালঘুসকলক উজনিৰ পৰা খেদি পঠোৱা‌ হৈছে । ‌উজনি অসমত আইন শৃংখলা পৰিস্থিতি অৱনমিত হৈছে ।’’

লগতে পঢ়ক : প্ৰসংগ নাৰী নিৰ্যাতন : মুখ্যমন্ত্রীক ধৃতৰ‍াষ্ট্ৰ সজাই বিধায়ক অখিল গগৈৰ প্ৰতিবাদ - Assam Assembly autumn session

  • সদনৰ মজিয়াত মুখ্যমন্ত্ৰীৰ ৰুদ্ৰমূৰ্তি :

বিৰোধী‌ বিধায়কসকলৰ প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ মুখ্যমন্ত্ৰীয়ে বক্তব্য আৰম্ভ কৰাৰ লগে লগে বিৰোধীয়ে সদনৰ মজিয়া উত্তাল কৰি তোলে । মুখ্যমন্ত্ৰীয়ে সদনক বিপথে পৰিচালিত কৰাৰ অভিযোগ তোলে বিৰোধী দলপতি শইকীয়াই । তাৰ মাজতে অখিল‌ গগৈ, ৰফিকুল‌ ইছলাম আৰু কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ বিধায়কসকলে সদনত মুখ্যমন্ত্ৰীয়ে সাম্প্ৰদায়িক মন্তব্য দিয়া বুলি অভিযোগ কৰি সদন‌ উত্তাল কৰি তোলে ।

সদনত ৰফিকুল ইছলামৰ বক্তব্যৰ আঁত ধৰি মুখ্যমন্ত্ৰীয়ে কয়, ‘‘উজনি অসমত নামনিৰ লোক যাব নালাগে । পৰিস্থিতি নহ'লে বেয়াৰ ফালে যাব । বৰ্তমান পৰিস্থিতি ভাল‌ নহয় ।’’ তাৰ পিছত সদন অধিক উত্তাল হৈ পৰে ।

সদনৰ মজিয়াত ৰুদ্ৰমূৰ্তি ধৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কয়, ‘‘আপোনালোক নামনিৰ মিঞা মুছলমানসকল উজনিলৈ বাধা দিয়াৰ পিছতো যাব । আকোৰগোজ হৈ থাকিলে আমিও যাব নিদিও ।" তাৰ পিছত সদনৰ কাৰ্যসূচী নিয়ন্ত্ৰণৰ‌ বাহিৰত যোৱাত বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে দহ মিনিটৰ বাবে সদন স্থগিত কৰে ।

  • সভাস্থগিত প্ৰস্তাৱ অগ্ৰাহ্য অধ্যক্ষৰ :

ইপিনে বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, এ আই ইউ ডি এফৰ বিধায়ক ৰফিকুল ইছলাম, চি পি আই এমৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ আৰু বিধায়ক অখিল গগৈয়ে অসমত আইন শৃংখলা পৰিস্থিতি অৱনতি হোৱা সন্দৰ্ভত সদনত আছুতীয়াকৈ আলোচনা কৰাৰ বাবে যি সভাস্থগিত প্ৰস্তাৱ উত্থাপন কৰিছিল, সেয়া বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে অগ্ৰাহ্য কৰে ।

লগতে পঢ়ক : অখিল গগৈ দুৰ্যোধন আৰু দুঃশাসনৰ অভিভাৱক: মন্ত্রী পীযুষ হাজৰীকা - Assam Assembly autumn session

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.