নেশ্যনেল ডেস্ক,৭ মে': আজি লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ । পুৱা ৭ বজাৰ পৰাই ১২ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৯৩ খন লোকসভা আসনৰ বাবে ভোটগ্ৰহণ আৰম্ভ হৈছে । এই পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হোৱা ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহ হৈছে অসম (৪), বিহাৰ (৫), ছত্তীশগড় (৭), দাদৰা আৰু নগৰ হাভেলি আৰু দমন আৰু দিউ (২), গোৱা (২), গুজৰাট (২৫), কৰ্ণাটক (১৪), মহাৰাষ্ট্ৰ (১১), মধ্য প্ৰদেশ (৮), উত্তৰ প্ৰদেশ (১০) আৰু পশ্চিম বংগ (৪)। বিজেপিয়ে বিনা প্ৰতিদ্বন্দ্বিতাৰে চুৰাট আসন লাভ কৰিছে ।
এই পৰ্যায়ত, প্ৰায় ১২০ গৰাকী মহিলাকে ধৰি ১৩০০ ৰো অধিক প্ৰাৰ্থী নিৰ্বাচনত অৱতীৰ্ণ হৈছে । মুঠ ১৭.২৪ কোটি ভোটাৰে এই পৰ্যায়ত ১.৮৫ লাখ ভোটকেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত কৰিব । নিৰ্বাচন আয়োগৰ মতে ২৩ খন দেশৰ ৭৫ গৰাকী প্ৰতিনিধিয়ে নিৰ্বাচন প্ৰক্ৰিয়া পৰ্যালোচনা কৰিব । ইফালে জম্মু-কাশ্মীৰৰ অনন্তনাগ-ৰাজৌৰী লোকসভা আসনৰ বাবে আজি ভোটগ্ৰহণ অনুষ্ঠিত নহয় ৷ কিয়নো নিৰ্বাচন আয়োগে (ইচিআই) ২৫ মে'ত অনুষ্ঠিত হ'বলগীয়া ষষ্ঠ পৰ্যায়লৈ এই আসনত ভোটগ্ৰহণ স্থগিত ৰাখিছে । মূলতঃ, তৃতীয় পৰ্যায়ত ৯৪ খন লোকসভা আসনত ভোটগ্ৰহণ অনুষ্ঠিত হোৱাৰ কথা আছিল ।
অৱশ্যে, বিএছপি প্ৰাৰ্থীৰ মৃত্যুৰ বাবে মধ্যপ্ৰদেশৰ বেতুল লোকসভা আসনত দ্বিতীয়ৰ পৰা তৃতীয় পৰ্যায়লৈ নিৰ্বাচন পুনৰ নিৰ্ধাৰণ কৰা হয় । চুৰাটত বিজেপি প্ৰাৰ্থীগৰাকীক বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজয়ী ঘোষণা কৰা হৈছে আৰু অনন্তনাগ-ৰাজৌৰী আসনত সংশোধিত ভোটগ্ৰহণ সূচীৰ বাবে এতিয়া ভোটগ্ৰহণ হ'বলগীয়া মুঠ আসন হৈছে ৯৩ খন ।
আজিৰ নিৰ্বাচনী যুঁজত প্ৰতিদ্বন্দ্বিতা কৰিব লগীয়া বিশিষ্ট নেতাসকলৰ ভিতৰত আছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান আৰু দিগ্বিজয় সিং, অসামৰিক বিমান পৰিবহণ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া, কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডৱিয়া, সমাজবাদী পাৰ্টিৰ নেতা ডিম্পল যাদৱ আৰু এনচিপি (এছপি)ৰ নেতা সুপ্ৰিয়া চুলে ।
২০১৯ ৰ সাধাৰণ নিৰ্বাচনত বিজেপিয়ে আজি ভোটগ্ৰহণ অনুষ্ঠিত হোৱা ৯৩ খন আসনৰ ভিতৰত ৭২ খন আসন লাভ কৰিছিল । মুঠ সমষ্টিৰ আধাতকৈ অধিক সমষ্টিৰ ভোটগ্ৰহণ এই পৰ্যায়ৰ লগে লগে সম্পূৰ্ণ হ'ব । ইয়াৰ পিচত আৰু ৪ টা পৰ্যায়ৰ ভোটগ্ৰহণ বাকী থাকিব । ৪ জুনত ঘোষণা হ'ব নিৰ্বাচনৰ ফলাফল ।
লগতে পঢ়ক :চাৰিটা সমষ্টিৰ ৪৭ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব 81,49,091 গৰাকী ভোটাৰে - LOK SABHA ELECTION 2024