ETV Bharat / politics

প্ৰবীণ বিজেপি নেতা এল কে আদৱানীক এইমছত ভৰ্তি - LK Advani admitted to AIIMS

author img

By ANI

Published : Jun 27, 2024, 8:22 AM IST

AIIMS in New Delhi : স্বাস্থ্যজনিত কাৰণত প্ৰবীণ বিজেপি নেতা লালকৃষ্ণ আদৱানীক এইমছত ভৰ্তি ৷ আদৱানীক বৰ্তমানলৈকে ৰখা হৈছে চিকিৎসকৰ পৰ্যবেক্ষণত ৷ পঢ়ক বিতং খবৰ ...

LK ADVANI ADMITTED TO AIIMS
আদৱানীক এইমছত ভৰ্তি (Etv Bharat Assam)

নিউজ ডেস্ক, 27 জুন: ভাৰতীয় জনতা পাৰ্টী চমুকৈ বিজেপিৰ জ্যেষ্ঠ তথা প্ৰবীণ নেতা লালকৃষ্ণ আদৱানীক ভৰ্তি কৰা হৈছে অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল চাইন্সেছ (এইমছ)ত ৷ শাৰিৰীক অসুস্থতাজনিত কাৰণত জ্যেষ্ঠ নেতাগৰাকীক ভৰ্তি কৰা হয় নতুন দিল্লীস্থিত এইমছত ৷

অৱশ্যে বিজেপি নেতাগৰাকীৰ স্বাস্থ্যৰ অৱস্থা সম্প্ৰতি সুস্থিৰ বুলি ঘোষণা কৰিছে চিকিৎসকে ৷ তথাপিও আদৱানীক বৰ্তমানলৈকে ৰখা হৈছে চিকিৎসকৰ পৰ্যবেক্ষণত ৷ উল্লেখ্য যে, চলিত বৰ্ষৰ 30 মাৰ্চত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ভাৰতৰত্ন প্ৰদান কৰিছিল বৰ্ষীয়ান ৰাজনৈতিক নেতাগৰাকীক ৷

লগতে পঢ়ক: পিতৃ-মাতৃৰ পিচত গান্ধী-নেহৰু পৰিয়ালৰ তৃতীয়গৰাকী বিৰোধী দলপতিৰ আসনত ৰাহুল গান্ধী - LOK SABHA LEADER OF OPPOSITION

1927 চনৰ 8 নৱেম্বৰত কৰাচীত(বৰ্তমানৰ পাকিস্তান) জন্মগ্ৰহণ কৰা আদৱানীয়ে 1942 চনত স্বয়ংসেৱক হিচাপে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘত যোগদান কৰে । তেওঁ 1986 চনৰ পৰা 1990 চনলৈ, তাৰপিছত 1993 চনৰ পৰা 1998 চনলৈ আৰু 2004 চনৰ পৰা 2005 চনলৈ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰে । আদৱানীয়ে 1980 চনত সৰ্বাধিক সময়ৰ বাবে দলটোৰ সভাপতিৰ দায়িত্বত ন্যস্ত আছিল ৷

প্ৰায় তিনি দশকজোৰা ৰাজনৈতিক কেৰিয়াৰত আদৱানীয়ে প্ৰথমে পালন কৰিছিল গৃহমন্ত্ৰীৰ দায়িত্ব ৷ পৰৱৰ্তী সময়ত তেওঁ অটল বিহাৰী বাজপেয়ীৰ মন্ত্ৰীসভাত উপ প্ৰধানমন্ত্ৰী(1999-2004) হিচাপে কাৰ্যনিৰ্বাহ কৰে ।

2009 চনৰ নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত আদৱানী সংসদীয় গণতন্ত্ৰত বিৰোধী দলৰ নেতা হিচাপে সাধাৰণ নিৰ্বাচনৰ বাবে বিজেপিৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে বিবেচিত হৈছিল ৷

আনহাতে, 2007 চনৰ 10 ডিচেম্বৰত বিজেপিৰ সংসদীয় পৰিষদে আনুষ্ঠানিকভাৱে আদৱানীক 2009 চনত অনুষ্ঠিত হ'বলগীয়া সাধাৰণ নিৰ্বাচনৰ বাবে প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছিল । কিন্তু এই নিৰ্বাচনত জয় লাভ কৰে কংগ্ৰেছে ৷ আদৱানীয়ে পঞ্চদশ লোকসভাত বিজেপি নেত্ৰী সুষমা স্বৰাজক বিৰোধী দলৰ নেতা হোৱাৰ পথ প্ৰশস্ত কৰিছিল ।

লগতে পঢ়ক: সুদীৰ্ঘ 20 বছৰৰ বিৰতিত নাগালেণ্ডত অনুষ্ঠিত পৌৰ নিৰ্বাচন ; থাকিব মহিলাৰ বাবে সংৰক্ষণ - NAGALAND CIVIC POLLS 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.