ETV Bharat / politics

যোগীৰ সাম্ৰাজ্যত ইণ্ডিয়াৰ উত্থান, মুখ্যমন্ত্ৰীৰ বাসভৱনত শীৰ্ষ নেতাৰ বৈঠক - Lok Sabha Election Results 2024

Lok Sabha Election Results 2024: অপ্ৰত্যাশিত ফলাফলে বিপাঙত পেলাইছে যোগীবাহিনীক । নিৰ্বাচনী অংকত আউল লগাত চিন্তিত হৈ পৰিছে দলটোৰ কৰ্মকৰ্তা । মুখ্যমন্ত্ৰীৰ বাসভৱনত চৰকাৰ আৰু সংগঠনৰ শীৰ্ষ নেতাসকলৰ ৰুদ্ধদ্বাৰ বৈঠক ।

author img

By ETV Bharat Assamese Team

Published : Jun 4, 2024, 8:52 PM IST

BIG MEETING OF UP BJP
যোগীৰ সাম্ৰাজ্যত ইণ্ডিয়াৰ উত্থান (ETV Bharat Assam)

নেশ্যনেল ডেস্ক,৪ জুন: উত্তৰ প্ৰদেশত ভাৰতীয় জনতা পাৰ্টীৰ অপ্ৰত্যাশিত পৰাজয়ক লৈ বিজেপিৰ ভিতৰচ'ৰাত এক আলোড়নৰ সৃষ্টি হৈছে । এই পৰাজয়ৰ পিচতে, উত্তৰ প্ৰদেশ বিজেপি কাৰ্যালয়ত মৰিশালিৰ নিস্তব্ধতা বিৰাজ কৰিছে । এই লৈ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ বাসগৃহত উপস্থিত হৈছে বিজেপিৰ বিশিষ্ট নেতাসকল । ফলাফল আৰু অগ্ৰগতি সন্দৰ্ভত দৃষ্টি ৰখা হৈছে । পৰৱৰ্তী ৰণনীতি নিৰ্ধাৰণ কৰা হৈছে । ভাৰতীয় জনতা পাৰ্টী আৰু চৰকাৰৰ মাজত সমন্বয়ৰ অভাৱক উত্তৰ প্ৰদেশত বিজেপিৰ দুৰ্বল প্ৰদৰ্শনৰ এক মুখ্য কাৰণ হিচাপে গণ্য কৰা হৈছে ।

উত্তৰ প্ৰদেশত ভাৰতীয় জনতা পাৰ্টীক লৈ জল্পনা-কল্পনা চলি আছিল যে দলটোৱে ৰাজ্যখনত ৭০ খনতকৈ অধিক আসন লাভ কৰিব । কিন্তু বাস্তৱত দলটোৱে মাত্ৰ আধা আসনহে লাভ কৰা পৰিলক্ষিত হৈছে । যাৰ বাবে ভাৰতীয় জনতা পাৰ্টীৰ নেতাসকলৰ কঁপালত উদ্বেগৰ ৰেখা দেখা গৈছে । ভাৰতীয় জনতা পাৰ্টিৰ জ্যেষ্ঠ নেতাসকলে বিয়লি প্ৰায় ৩:৩০ বজাত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ চৰকাৰী বাসভৱনত উপস্থিত হয় । মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, উপ-মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্য আৰু ব্ৰজেশ পাঠক, বিজেপিৰ ৰাজ্যিক সভাপতি ভূপেন্দ্ৰ সিং চৌধুৰী আৰু আন কেইবাজনো জ্যেষ্ঠ নেতা এই বৈঠকত উপস্থিত থাকে ।

লগতে পঢ়ক: লোকসভা নিৰ্বাচন 2024 ৰ ফলাফলৰ লাইভ আপডেট: বাৰাণসীত নৰেন্দ্ৰ মোদীৰ আৰু ৰায়বৰেলীত ৰাহুল গান্ধীৰ বৃহৎ জয় - Lok Sabha Election Results 2024

ভাৰতীয় জনতা পাৰ্টীৰ এই বৈঠকত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে বিজেপিৰ কৰ্মকৰ্তাসকলৰ সৈতে বাৰ্তালাপ কৰে আৰু ৰণনীতি সন্দৰ্ভত বিবেচনা কৰে বুলি জানিব পৰা গৈছে । মুখ্যতঃ সেই আসনবোৰৰ ওপৰত আলোচনা কৰা হয় য'ত ভাৰতীয় জনতা পাৰ্টী জয়ী হোৱাটো নিশ্চিত আছিল । কিন্তু কেনে ধৰণৰ বিভ্ৰান্তিৰ ফলত এই পৰাজয়বৰণ কৰিবলগীয়া হ'ল সেই বিষয়েও আলোচনা কৰা হয় ।

লোকসভা নিৰ্বাচনৰ ফলাফলৰ অধিক বা-বাতৰিৰ বাবে ক্লিক কৰক :
https://www.etvbharat.com/en/!elections/election-2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.