গুৱাহাটী, ১৮ জুন : বিধায়ক হিচাপে ৰাজ্যৰ ৰাজনীতিত থকা ৫ গৰাকীকৈ জনপ্ৰতিনিধিয়ে এইবাৰ সাংসদ হিচাপে সংসদীয় ৰাজনীতিত খোজ দিলে । অসম বিধানসভাৰ পৰা এইবাৰ সংসদলৈ গ'ল ৫ গৰাকীকৈ বিধায়ক । বৃদ্ধি পালে তেওঁলোকৰ পৰিসৰ । এইখিনিতে প্ৰশ্ন হয় যে বিধায়ক হিচাপে বিধানসভাত তেওঁলোকৰ ভূমিকা কি আছিল ?
সমষ্টিবাসীৰ হৈ সদনত তেওঁলোক কিমান সৰৱ আছিল । কাৰণ সাংসদ হিচাপে এইবাৰ তেওঁলোকৰ সমষ্টিৰ পৰিসৰ বহু বিশাল । যাৰ পৰিপ্ৰেক্ষিতত দায়িত্বও বহু বেছি ।
লক্ষণীয় বিষয় যে পূৰ্বতেও বহু আশাৰে জনতাই দিল্লী তথা দিছপুৰলৈ প্ৰেৰণ কৰা একাংশ জনপ্ৰতিনিধিয়ে একপ্রকাৰ হতাশ কৰি আহিছে । বিগত সময়ত জনপ্রতিনিধি হিচাপে সংসদ নাইবা বিধানসভাৰ মজিয়াত একাংশ জনপ্রতিনিধিৰ প্ৰদৰ্শন আছিল একেবাৰে শোচনীয় ।
বিগত সময়ত অসমৰ কেইবাগৰাকী সাংসদে সংসদত নিমাতী কইনাৰ ৰূপতে থাকি কাৰ্যকাল শেষ কৰিলে । এইবাৰো অসমৰ পৰা বহু নতুন মুখ সংসদলৈ গৈছে । য'ত ৫ গৰাকীকৈ নৱনিৰ্বাচিত সাংসদ আছে যিসকলে বিধায়ক হিচাপে ৰাজ্যৰ ৰাজনীতিত আছিল ।
সদনত জনপ্ৰতিনিধিৰ ভূমিকা :
এইবাৰৰ নৱনিৰ্বাচিত সাংসদসকলৰ বিধায়ক হৈ থকাৰ সময়ত সদনত ভূমিকা কি আছিল ? কাৰণ বিধানসভাতো একাংশ বিধায়কে মৌন হৈ থকা প্ৰায়ে দেখা যায় । যাৰ ফলত হতাশ হয় সমষ্টিবাসী । চলিত বিধানসভাৰ কাৰ্যকালৰ কথা উল্লেখ কৰিলে দেখা যায় কেতবোৰ তথ্য । বৰ্তমানৰ চৰকাৰখনে ৩ বছৰ অতিক্ৰম কৰিলে । এই সময়ছোৱাত অনুষ্ঠিত হোৱা অসম বিধানসভাৰ অধিবেশনসমূহত জনপ্ৰতিনিধিসকলৰ ভূমিকা কেনে আছিল ?
বিগত তিনিটা বছৰত বিধানসভাৰ অধিবেশনত তথা সদনত ১১ গৰাকী বিধায়কে নকৰিলে এটাও প্রশ্ন । তেনেদৰে বিগত তিনিটা বছৰত মাত্ৰ এটা বা দুটা প্রশ্ন কৰিয়ে দায়িত্ব পালন কৰা বিধায়কৰ সংখ্যাও কম নহয় । এনেদৰে নিমাতী কইনা হৈ থকা বিধায়কৰ সংখ্যা শাসকীয় দলৰেই বেছি যদিও দুই-এগৰাকী বিৰোধী বিধায়ক বা বিৰোধী দলত থাকি চৰকাৰক সমৰ্থন কৰা বিধায়কো আছে ।
তাতোকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে যে বিধানসভাত মৌন হৈ থকা দুগৰাকী বিধায়ক এইবাৰৰ লোকসভা নিৰ্বাচনত জয়ী হৈ সাংসদ হিচাপে দিল্লীলৈ গৈছে । আনহাতে এনে বিধায়কো আছে যিয়ে বিৰোধী পক্ষত থকা কালত ৰাজ্যৰ কেইবাটাও জ্বলন্ত সমস্যাক লৈ বিভাগীয় মন্ত্ৰীক প্রশ্ন কৰিছিল যদিও যেতিয়াৰ পৰা চৰকাৰৰ কাম-কাজক সমৰ্থন কৰিবলৈ ল'লে তেতিয়াৰ পৰাই তেওঁলোকৰ চৰিত্র সলনি হ'ল ।
চৰকাৰক তোষামোদ কৰিবলৈ গৈ তেওঁলোকে পাহৰি পেলালে সমষ্টিবাসীৰ সমস্যা তথা অভাৱ-অভিযোগৰ কথা । অৱশ্যে এনে দুই-এগৰাকীও বিধায়ক আছে যি শাসকীয় দলৰ হৈয়ো সমষ্টিৰ সমস্যাৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন কৰি অসমৰ প্ৰতি থকা সেৱামূলক মনোভাবৰ দৃষ্টান্ত দাঙি ধৰিবলৈ সক্ষম হৈছে ।
বিধানসভাত একাংশ বিধায়কৰ ভূমিকা :
অসম বিধানসভাৰ তথ্য অনুসৰি বৰ্তমানৰ চৰকাৰখনৰ দিনত অনুষ্ঠিত বিধানসভাৰ অধিবেশনত এটাও লিখিত প্রশ্ন নকৰা ১১ গৰাকী বিধায়ক হ'ল অগপৰ ভবেন্দ্ৰ নাথ ভৰালী, ফণীভূষণ চৌধুৰী, ৰেণুপমা ৰাজখোৱা আৰু বিজেপিৰ বৰ্তমানৰ দলীয় সভাপতি ভৱেশ কলিতা, হেমাংগ কুমাৰ ঠাকুৰীয়া, বলীন চেতিয়া, পদ্ম হাজৰিকা, প্ৰমোদ বৰঠাকুৰ, ৰঞ্জিত দত্ত আৰু উৎপল বৰাৰ লগতে ইউ পি পি এল দলৰ বিধায়ক গোবিন্দ চন্দ্ৰ বসুমতাৰী ।
তাৎপর্যপূর্ণ কথা যে বিগত তিনিটা বছৰত ৰাজ্যৰ কথা বাদেই নিজৰ সমষ্টি সন্দৰ্ভত এটাও লিখিত প্রশ্ন নকৰা বঙাইগাঁও সমষ্টিৰ অগপ বিধায়ক ফণীভূষণ চৌধুৰী আৰু বিহালীৰ বিজেপি বিধায়ক ৰঞ্জিত দত্তই লোকসভাৰ নিৰ্বাচনত বিজেপি মিত্ৰজোঁটৰ হৈ ক্ৰমে বৰপেটা আৰু শোণিতপুৰ সমষ্টিত প্রতিদ্বন্দ্বিতা কৰি জয়ী হৈছে ।
উল্লেখ্য যে, এসময়ত ৰঞ্জিত দত্ত বিজেপিৰ ৰাজ্যিক সভাপতি হোৱাৰ উপৰিও সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনত গুৰুত্বপূৰ্ণ বিভাগৰ মন্ত্ৰীও আছিল । তেনেদৰে ফণীভূষণ চৌধুৰী বঙাইগাঁও সমষ্টিৰ পৰা বিধানসভাৰ নিৰ্বাচনত ১৯৮৫ চনৰ পৰা একেৰাহে জয়ী হৈ দিছপুৰলৈ আহি আছে । তদুপৰি ফণীভূষণ চৌধুৰী মন্ত্রীও আছিল ।
ইফালে সোণোৱাল চৰকাৰৰ দিনত জলসিঞ্চন মন্ত্রীৰ দায়িত্ব পালন কৰা বর্তমান শাসকীয় দলটোৰ ৰাজ্যিক সভাপতিৰ পদত থকা ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতাই বিগত তিনি বছৰত এটাও লিখিত প্রশ্ন কৰা নাই । লক্ষণীয় বিষয় যে বিগত তিনিবছৰ বিধানসভাত এটাও লিখিত প্ৰশ্ন নকৰা ফণীভূষণ চৌধুৰী আৰু ৰঞ্জিত দত্ত সাংসদ হিচাপে লোকসভালৈ গৈছে । লোকসভাৰ মজিয়াত তেওঁলোকৰ ভূমিকা কি হ'ব সেয়া লক্ষণীয় হ'ব ।
প্ৰশ্ন নকৰাৰ তালিকাত আৰু কোন আছে :
তেনেদৰে ৰাজ্যখনৰ নহ'লেও নিজ সমষ্টিটোৰ বাবে এটাও প্রশ্ন উত্থাপন নকৰা শাৰীত আছে শদিয়াৰ বিধায়ক বলীন চেতিয়া । একেদৰে বিগত তিনি বছৰে এটাও লিখিত প্রশ্ন নকৰি বিধানসভাৰ অধিবেশনৰ প্রশ্নোত্তৰ শিতানত ভাগ লোৱা নাই শাসকীয় দলৰ বিধায়ক তথা পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়া, বিশ্বনাথৰ বিধায়ক প্রমোদ বৰঠাকুৰ আৰু গহপুৰৰ বিধায়ক উৎপল বৰাই ।
সেইদৰে অগপৰ দেৰগাঁৱৰ বিধায়ক ভবেন্দ্ৰনাথ ভৰালী, টীয়কৰ বিধায়িকা ৰেণুপমা ৰাজখোৱাও বিগত তিনিটা বছৰত ভাগ নল'লে কোনো প্রশ্নোত্তৰ শিতানত । ইফালে বিজেপিৰ মিত্রদল ইউ পি পি এলৰ ওদালগুৰি সমষ্টিৰ বিধায়ক গোবিন্দ চন্দ্ৰ বসুমতাৰীয়েও নকৰিলে এটাও লিখিত প্ৰশ্ন ।
বিধানসভাত থাকে প্ৰশ্নোত্তৰ শিতান :
অসম বিধানসভাৰ অধিৱেশনৰ সময়ত এক প্রশ্নোত্তৰ শিতান থাকে । প্ৰতিখন অধিৱেশনতে এই প্রশ্নোত্তৰ শিতানত শাসকীয় অথবা বিৰোধীৰ জনপ্ৰতিনিধিয়ে ৰাজ্যৰ সমস্যাৰাজি, স্থানীয় অভাৱ-অভিযোগকে ধৰি বিভিন্ন বিষয়ত লিখিত প্রশ্ন কৰি চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰে আৰু ইয়াৰ সমাধানৰ বিচাৰে । কিন্তু বহুসময়ত বহু বিধায়কক নিৰৱ ভূমিকা পালন কৰা দেখা যায় ।
বিধানসভাত সততে সৰৱ কোন হয় :
বিধানসভাত জনপ্রতিনিধি হিচাপে বিৰোধীৰ বিধায়ক অখিল গগৈ, দেৱব্ৰত শইকীয়া, আশ্রাফুল হুছেইন, মনোৰঞ্জন তালুকদাৰ আদি বিধায়কে সততে সৰৱ হৈ থকা দেখা যায় । একে সময়তে শাসকীয় দলৰো কেইবাজনো বিধায়কে নিজ সমষ্টিকে ধৰি ৰাজ্যখনৰ বিভিন্ন বিষয়ক লৈ লিখিত প্রশ্ন কৰা দেখা গৈছে ।
ইফালে কংগ্ৰেছৰ ৰহা সমষ্টিৰ নিলম্বিত বিধায়ক শশীকান্ত দাসৰ কথা সুকীয়া । বিধায়কগৰাকীয়ে বিৰোধী পক্ষত থাকিও চৰকাৰৰ কাম-কাজক মুকলিকৈ সমর্থন জনাই মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাক গামোচা পিন্ধাই থৈছে । তেতিয়াৰ পৰাই শশীকান্ত দাসে লিখিত প্রশ্ন কৰা বাদ দিছে ।
তথ্য অনুসৰি তেওঁ ২০২১ চনত অসম বিধানসভাই অনুষ্ঠিত কৰা শীতকালীন অধিবেশনত ৪ টা প্ৰশ্ন কৰিছিল যদিও ইয়াৰ পিচত বিধায়কগৰাকীয়ে আৰু প্রশ্ন কৰা নাই । উল্লেখ্য যে ২০২১ চনৰ শীতকালীন অধিবেশনৰ পৰা ২০২৪ চনৰ বাজেট অধিবেশনলৈ প্রশ্নোত্তৰ শিতানত তিনি বছৰত মাথোঁ এখন অধিবেশনত হে লিখিত প্রশ্ন কৰিছে একাংশ বিধায়কে ।
ইয়াৰ ভিতৰত লাহোৱালৰ বিধায়ক বিনোদ হাজৰিকাই ২০২৩ চনৰ বাজেট অধিৱেশনত ৯ টা প্রশ্ন, বঢ়মপুৰৰ জিতু গোস্বামীয়ে ২০২৩ চনৰ বাজেট অধিৱেশনত ৪ টা প্রশ্ন, ৰঙাপৰাৰ বিধায়ক কৃষ্ণকমল তাঁতীয়ে ২০২৪ চনৰ বাজেট অধিবেশনত দুটা প্রশ্ন, হোজাইৰ বিধায়ক ৰামকৃষ্ণ ঘোষে ২০২২ চনৰ শীতকালীন অধিবেশনত এটা প্ৰশ্ন কৰিছিল । এয়া হৈছে জনপ্ৰতিনিধিৰ দায়িত্ববোধ ।