ETV Bharat / politics

অসমত এতিয়া হিন্দু মুছলমানৰ বাহিৰে কোনো জ্বলন্ত বিষয় নাই : সদনত‌ মুখ্যমন্ত্ৰী - Assam Assembly Autumn Session

author img

By ETV Bharat Assamese Team

Published : Aug 27, 2024, 9:25 PM IST

Hindu Muslim issue in Assam : বিধানসভা অধিৱেশনৰ দ্বিতীয় দিনা হিন্দু-মুছলমানৰ প্ৰসংগক কেন্দ্ৰ কৰি উত্তাল হৈ পৰিল সদনৰ মজিয়া ৷ হিন্দু-মুছলমানৰ বাহিৰে অসমত আন কোনো জ্বলন্ত বিষয় নাই বুলি মন্তব্য কৰিলে স্বয়ং মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

There is no biggest issue except Hindu Muslim in Assam Says Assam CM
অসমত এতিয়া হিন্দু মুছলমানৰ বাহিৰে কোনো জ্বলন্ত বিষয় নাই : সদনত‌ মুখ্যমন্ত্ৰী (Assam CM's Twitter)

গুৱাহাটী, ২৭ আগষ্ট : "অসমত এতিয়া হিন্দু-মুছলমানৰ বাহিৰে কোনো জ্বলন্ত বিষয় নাই । অসমত এতিয়া হিন্দু-মুছলমানৰ সন্দৰ্ভত এক তৰ্কৰ প্ৰয়োজন আছে ।" আচৰিত নহ'ব ৷ এই মন্তব্য স্বয়ং মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৷

বিধানসভাৰ চলিত অধিৱেশনত আজি দ্বিতীয় দিনা হিন্দু-মুছলমানৰ প্ৰসংগই বিশেষ স্থান‌ পায় । হিন্দু-মুছলমানৰ প্ৰসংগক লৈ সদন কেবাবাৰো উত্তাল‌ পৰে । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই অসমৰ জনগাঁথনি সলনি হোৱাৰ ক্ষেত্ৰত মুছলমানৰ জনসংখ্যা বৃদ্ধিয়ে প্ৰভাৱ পেলোৱা, হিন্দুৰ পলায়ন, মুছলমানৰ বহুবিবাহ আদি বিষয়ক বক্তব্য দিয়া সন্দৰ্ভত সদনত বিৰোধীয়ে‌ উত্তাল পৰিৱেশৰ সৃষ্টি কৰে ।

মুখ্যমন্ত্ৰীয়ে পৰিসংখ্যা উল্লেখ কৰি কয়, "প্ৰতিখন জিলাতে মুছলমানৰ জনসংখ্যা বৃদ্ধি ‌হৈছে ।‌ নামনি আৰু মধ্য অসমত হিন্দুৱে পলায়ন‌ কৰিছে । নামনি আৰু মধ্য অসমতৰ বহুত হিন্দু নাম থকা গাঁৱত এতিয়া হিন্দু মানুহেই নাই । অসমত খিলঞ্জীয়া মানুহৰ অধিকাৰ সুৰক্ষিত হৈ থাকিব লাগিব৷ যদি খিলঞ্জীয়াক ডাবি-ধমকি দি থকা হয়, অসমৰ পৰিৱেশ ঠিক হৈ নাথাকিব ৷"

লগতে পঢ়ক : গৃহমন্ত্ৰী হৈ নিজে গৃহযুদ্ধ লগাব বিচাৰিছে মুখ্যমন্ত্ৰীয়ে: তীব্ৰ বিতৰ্কৰ মাজতে বিধানসভাৰ পৰা নিলম্বন অখিল গগৈক - Akhil gogoi suspended

তেওঁ কয়, "অসমৰ জনগাঁথনি সলনি কৰি স্থানীয় জনসাধাৰণক সংখ্যালঘুলৈ হ্ৰাস কৰাৰ বাবে ৰাজনৈতিক, অৰ্থনৈতিক আৰু সামাজিক বেদখল চলি আছে । এই কথা কেৱল মই কৈছো এনে নহয়, এয়া প্ৰয়াত গোপীনাথ বৰদলৈ, বিষ্ণু ৰাম মেধি আৰু মহামান্য উচ্চতম ন্যায়ালয়ে কৈ থৈছে । মিঞা মুছলমান সম্প্ৰদায়লৈ মোৰ এটাই অনুৰোধ - তেওঁলোকে যাতে খিলঞ্জীয়া অসমীয়া এলেকাসমূহত বাসিন্দাসকলৰ ইচ্ছাৰ বিপৰীতে বলপূৰ্বকভাৱে বসতি স্থাপন নকৰে । ই সামাজিক বিভেদ বৃদ্ধি কৰিব আৰু এক সুৰক্ষাজনিত সমস্যাৰ সৃষ্টি কৰিব ।’’

লগতে পঢ়ক : সদনৰ মজিয়াত মুখ্যমন্ত্ৰীৰ ৰুদ্ৰমূৰ্তি : নামনিৰ মিঞাক উজনিলৈ যাব নিদিওৱেই, যি কৰে কৰক - Assam Assembly Autumn Session

সদনত তেওঁ লগতে কয়, "কংগ্ৰেছীসকলে কয় যে মই তুষ্টিকৰণ কৰিছো । যেতিয়া মুছলমানপ্ৰধান অঞ্চলত এজন মুছলমানে এজন হিন্দুৰ ওপৰত অত্যাচাৰ কৰে, নিৰ্যাতন কৰে, তেতিয়া স্থানীয় বিৰোধী বিধায়কজনে ভুক্তভোগী পৰিয়ালৰ সদস্যক লগ পাবলৈ, এষাৰ মাত দিবলৈ সময় উলিয়াব লাগে বুলি নাভাবে ৷ কিন্তু সেই বিপদৰ সময়ত আমাৰ মন্ত্ৰীসকল তেওঁলোকৰ ওচৰত থিয় দিয়ে ৷ মই কংগ্ৰেছক প্ৰত্যাহ্বান জনাইছো - ১৯৪৭ চনৰ পৰা অসম শাসন কৰা দলসমূহৰ বিশ্লেষণ কৰি চাওক । কংগ্ৰেছে ৫৭ বছৰ , অগপই ১০ বছৰ, বিজেপিয়ে ৮ বছৰ শাসন‌ কৰিছ । ইতিহাস সাক্ষী যে কেৱল কংগ্ৰেছৰ শাসনকালতহে গোষ্ঠী সংঘৰ্ষ হৈছিল ।"

মুখ্যমন্ত্ৰীয়ে সদনত ঘোষণা কৰে যে বিধানসভাত হিন্দু আৰু মুছলিমসকলৰ বিবাহৰ এখন আইন অনা‌ হ’ব ।‌ ছমাহ আগতে সকলোৱে বিবাহৰ‌‌ বাবে আৱেদন‌ কৰিব লাগিব । তাৰ পিছতহে বিবাহ কৰিব পাৰিব ।

লগতে পঢ়ক : দিনটো সদনত বহি হিন্দু-মুছলমান শুনি থাকিব নোৱাৰি : এদিনতে তিনিবাৰকৈ সদনৰ পৰা নিলম্বন অখিল গগৈক - Akhil Gogoi on CM HBS

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.