ETV Bharat / politics

বিজেপিক পৰাভূত কৰিবলৈ ঐক্যবদ্ধতাৰ বিকল্প নাই : লুৰীণজ্যোতি গগৈ - Lurinjyoti Gogoi

Assam Politics : সমগ্ৰ দেশতে ইতিমধ্যে এই পৰিৱৰ্তনৰ লহৰ আৰম্ভ হৈছে ৷ সমগ্ৰ দেশতে মানুহে কিছু উশাহ-নিশাহ লোৱাৰ পৰিৱেশ আহিছে ৷ 2026 চনৰ নিৰ্বাচন অথবা উপ-নিৰ্বাচনো ঐক্যবদ্ধভাৱে যুঁজিব লাগিব ৷ এই মন্তব্য অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈৰ ৷ কিছুদিন পাচতে ৰাজনীতিত ভয়াৱহ ছুনামি আহি আছে বুলিও কয় তেওঁ ৷

author img

By ETV Bharat Assamese Team

Published : Jul 17, 2024, 7:18 PM IST

AJP LEADER LURINJYOTI GOGOI
ঐক্যবদ্ধতাৰ বিকল্প নাই বুলি মন্তব্য লুৰীণজ্যোতি গগৈৰ (ETV BHARAT ASSAM)

গুৱাহাটী, 17 জুলাই : "অসমৰ ৰাজনীতিত বহু ধুমুহা, বহু ছুনামি এতিয়াও হ’বলৈ বাকী ৷ অসমৰ ৰাজনীতিত কিছুদিনৰ পিচত ভয়াৱহ ছুনামি হ’ব ৷" উপ-নিৰ্বাচনৰ পূৰ্বে ৰাজ্যৰ ৰাজনীতিত ব্যাপক পৰিৱৰ্তনৰ ইংগিত দি এই মন্তব্য অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ ৷

অসমৰ ৰাজনীতিত পৰিৱৰ্তনৰ ইংগিত লুৰীণজ্যোতি গগৈৰ (ETV BHARAT ASSAM)

আজি গুৱাহাটীৰ হোটেল লিলিত অনুস্থিত কংগ্ৰেছৰ ৰাজনৈতিক পৰিক্ৰমা সমিতিৰ বৈঠকত উপস্থিত হৈ এই মন্তব্য আগবঢ়াই অজাপৰ সভাপতিগৰাকীয়ে ৷ তেওঁ কয় যে 2024ৰ লোকসভা নিৰ্বাচনত ভাল ফলাফল হোৱাৰ কাৰণ আমি ঐক্যবদ্ধ আছিলো ৷ 2026 চনৰ নিৰ্বাচন অথবা উপ-নিৰ্বাচনো আমি ঐক্যবদ্ধভাৱে যুঁজিব লাগিব ৷ আমাৰ মূল লক্ষ্য বিজেপিক পৰাভূত কৰা ৷ সমগ্ৰ দেশতে ইতিমধ্যে এই পৰিৱৰ্তনৰ লহৰ আৰম্ভ হৈছে ৷ সমগ্ৰ দেশতে মানুহে কিছু উশাহ-নিশাহ লোৱাৰ পৰিৱেশ আহিছে ৷ আমি দেশৰ সংবিধান, গণতন্ত্ৰ ৰক্ষা কৰিব লাগিব ৷ গতিকে আমাৰ প্ৰথম দায়িত্বটোৱেই হ’ল আমি ঐক্যবদ্ধভাৱে যুঁজি বিজেপিক পৰাভূত কৰিব লাগিব ৷

লগতে পঢ়ক : উপ-নিৰ্বাচনত কংগ্ৰেছে নিজাববীয়া প্ৰাৰ্থী দিয়াৰ ইংগিত : বিৰোধী ঐক্য মঞ্চৰ অংকত আউল - AJP LEADER LURINJYOTI GOGOI

তেওঁ পুনৰ কয় যে, এইখন চৰকাৰৰ অহংকাৰ, অহমিকা, অত্যাচাৰ, দুৰ্নীতি, ছিণ্ডিকেট, কমিছনৰাজে সমগ্ৰ অসমকে ভয়াৱহ ভৱিষ্যতৰ দিশলৈ ঠেলি দিছে ৷ চাৰিওফালে অব্যৱস্থা, কোনো ধৰণৰ আইনৰ শাসন নাই ৷ তাৰ মাজতে উন্নয়নহীনতা, কৰ-কাটলৰ বোজা জাপি দিছে ৷ তেনেকুৱা এটা অৱস্থাত বিজেপিক উৎখাত কৰিবৰ কাৰণে সকলো একলগ হৈ থাকিব লাগিব, ইতিমধ্যে পৰিৱেশ আৰম্ভ হৈছে ৷ আনহাতে অসম জাতীয় পৰিষদত একাংশ ব্যক্তিয়ে যোগদান কৰিব বুলি চলি থকা চৰ্চা সন্দৰ্ভত লুৰীণজ্যোতি গগৈয়ে কয় যে ৰাজ্যৰ ৰাজনীতিত ধুমুহা বলিবলৈ, ভয়াৱহ ছুনামি আহিবলৈ এতিয়াও বাকী ৷ অপেক্ষা কৰক, কিছুদিন পাচতে আহি আছে ছুনামি ৷ কথাবোৰ এতিয়াই ৰাজহুৱাকৈ কোৱাৰ সময় নহয় বুলি কয় তেওঁ ৷

লগতে পঢ়ক : ৰাজ্যিক বিজেপি এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ প্ৰাইভেট লিমিটেড কোম্পানী : অখিল গগৈ - PRESS MEET OF AKHIL GOGOI

উল্লেখ্য যে, লোকসভা নিৰ্বাচনৰ পিচতে ৰাজ্যৰ 5 টা বিধানসভা সমষ্টিত উপ-নিৰ্বাচনৰ দিন ঘোষণা কৰা হোৱা নাই যদিও ইতিমধ্যে ৰাজনৈতিৰ দলসমূহৰ মাজত আৰম্ভ হৈছে কুচকাৱাজ ৷ ৰণনীতি প্ৰস্তুত কৰাৰ বাবে শাসক-বিৰোধী উভয়ৰে আৰম্ভ হৈছে এখনৰ পিচত সিখন বৈঠক ৷ তেনে এক সময়তে লোকসভা নিৰ্বাচনত ঐক্যবদ্ধ হৈ নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হোৱা অখিল গগৈ, ভূপেন বৰা আৰু লুৰীণজ্যোতি জ্যোতি গগৈৰ তিনিটা বিপৰীত মন্তব্যই বিৰোধী ঐক্যমঞ্চৰ মিত্ৰতাক সন্দেহৰ আৱৰ্তলৈ ঠেলি দিছে ৷

বিগত লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ নেতৃত্বত বিৰোধী ঐক্যমঞ্চই বিজেপিৰ বিৰুদ্ধে একলগ হৈ যুঁজ দিছিল যদিও এইবাৰ উপ-নিৰ্বাচনত এই মিত্ৰতা অব্যাহত থাকিবনে নাথাকে সেই লৈ চৰ্চা অব্যাহত থকাৰ মাজতেই প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই এইবাৰৰ উপ-নিৰ্বাচন অকলে খেলিব বুলি প্ৰকাশ কৰিছিল ৷ ভূপেন বৰাৰ এই মন্তব্যৰ পিচতে বিধায়ক অখিল গগৈয়ে সমালোচনা কৰি এয়া কংগ্ৰেছৰ অহংকাৰ হৈছে বুলি অভিযোগ কৰিছিল ৷

লগতে পঢ়ক : উপ-নিৰ্বাচনত বিৰোধী ঐক্যমঞ্চৰে মিত্ৰতা সন্দৰ্ভত কি ক'লে ভূপেন বৰাই - APCC president Bhupen Bora

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.