ETV Bharat / politics

কোনো ধৰণেই হিন্দু নহয় অসমৰ জনজাতীয় লোকসকল: ৰাজু দেউৰী - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 23, 2024, 9:02 PM IST

APHLC election campaign: বিজেপি পুনৰ শাসনলৈ আহিলে সংকট নামিব অসমৰ জনজাতিসকলৰ ভাষা-সংস্কৃতিলৈ । APHLC ৰ প্ৰাৰ্থী জনচ ইংতি কাথাৰৰ হৈ প্ৰচাৰ চলাই এই মন্তব্য কৰে বিপিএফ নেতা ৰাজু দেউৰীয়ে ।

APHLC LS polls candidate JI Kathar
Lok Sabha Election 2024

জনচ্ ইংতি কাথাৰৰ নিৰ্বাচনী প্ৰচাৰ

ডিফু, ২৩ এপ্ৰিল: মঙলবাৰে বিয়লি ডিফুত আঞ্চলিক দল APHLC এ এখন বৃহৎ নিৰ্বাচনী সভা পাতি বিজেপিৰ বৰঘৰত কঁপনি তুলিছে ৷ জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা বহু হাজাৰ লোক আহি ডিফু চৰকাৰী উচ্চতৰ মাধ্যমিক খেলপথাৰত সমবেত হয় ৷ দলটোৰ সভাপতি জনচ্ ইংতি কাথাৰ, শোণিতপুৰৰ বি পি এফ দলৰ প্ৰাৰ্থী ৰাজু দেউৰী, ডিমা হাছাও জিলাৰ প্ৰাক্তন এম এ চি ডেনিয়েল লাংথাছা প্ৰমুখ্যে নেতা সকলে এই সমাবেশত ভাষণ দি বিজেপি দলক তীব্ৰ সমালোচনা কৰে ।

  • " class="align-text-top noRightClick twitterSection" data="">

বিজেপি দল পুনৰ ক্ষমতালৈ আহিলে জনজাতি তথা খিলঞ্জীয়া জনতাৰ ভাষা-সংস্কৃতিলৈ সংকট আহিব বুলি কয় তেওঁলোকে ৷ বিজেপিয়ে UCC আনি খিলঞ্জীয়াৰ সকলো অধিকাৰ বিলুপ্ত কৰিব বুলি বক্তাসকলে জনতাক কয় ৷ জনজাতিসকল কেতিয়াও হিন্দু নাছিল আৰু আজিও নহয় বুলি কয় ৰাজু দেউৰীয়ে ৷ সংবাদ মাধ্যমৰ আগত জনচ্ ইংতি কাথাৰে কয় যে তেওঁ পাঁচ লাখ ভোট লাভ কৰিব ৷

তেওঁ কয় যে পাহাৰীয়া জনজাতি, আদিবাসী, অসমীয়া, ভৈয়াম জনজাতি সকলৰ মাটি-ভেটি সুৰক্ষা কৰাই তেওঁলোকৰ দলৰ মূল লক্ষ্য ৷ বিজেপিয়ে আনিব বিচৰা UCC খনৰ তেওঁ বিৰোধিতা কৰে ৷

জয়ী হ’লে ইণ্ডি মৰ্চাত থাকিব বুলি কোৱা জনচ্ ইংতি কাথাৰে ASDC দলৰ অভিযোগৰ সন্দৰ্ভত কয় যে ASDC দলে মনোনয়নপত্ৰ দিয়াৰ আগত তুলিৰাম ৰংহাঙৰ লগত আলোচনা কৰিহে মনোনয়ন পত্ৰ দিছে । তেওঁলোকৰ একাউন্টত আমাতকৈ অধিক টকা আছে । কংগ্ৰেছৰ প্ৰাৰ্থী জয়ৰাম ইংলেঙৰ নাম নোলোৱাকৈ তেওঁ কয় যে বিজেপিৰ পৰা অহাজন আকৌ বিজেপি দললৈ ঘূৰি যাব ৷

লগতে পঢ়ক: বৰাকত বিজেপিৰ বাবে ট্ৰাম্প কাৰ্ড হ'ব পাৰে নাগৰিকত্ব সংশোধনী আইন - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.