ETV Bharat / politics

এন পি পি দলে বজালে লোকসভা নিৰ্বাচনৰ ৰণশিঙা - election campaign in Meghalaya

NPP party: মেঘালয়ত লোকসভা নিৰ্বাচনৰ ৰণশিঙা বজালে শাসকীয় এন পি পি দলে । অসমৰ সীমান্তৱৰ্তী মেঘালয়ৰ আদগ্ৰে’ত বিশাল যোগদান কাৰ্যসূচী ।

ruling NPP party starts election campaign in Meghalaya
মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা
author img

By ETV Bharat Assamese Team

Published : Mar 16, 2024, 1:40 PM IST

মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ ভাষ্য

বকো, 16 মাৰ্চ : অনুষ্ঠিত হ’বলগীয়া আগন্তুক লোকসভা নিৰ্বাচনৰ ৰণশিঙা বজালে মেঘালয়ৰ শাসকীয় এন পি পি দলে । শুকুৰবাৰে বকোৰ সীমান্তৱৰ্তী মেঘালয়ৰ খাৰখুটা বিধানসভা সমষ্টিৰ অন্তৰ্গত আদগ্ৰে’ত অৱস্থিত চেনাংগ্ৰে ষ্টেডিয়ামত অনুষ্ঠিত হয় বিশাল যোগদান কাৰ্যসূচী । এই কাৰ্যসূচীত বিশিষ্ট অতিথি ৰূপে অংশগ্ৰহণ কৰে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাসহ পৰিয়ালে ।

এই যোগদান কাৰ্যসূচীত মেঘালয় ৰাজ্যৰ বহু কেইগৰাকী অৱসৰপ্ৰাপ্ত বিষয়া, কৰ্মচাৰী তথা কংগ্ৰেছ আৰু আন আন ৰাজনৈতিক দলৰ নেতা-সদস্যই এন পি পি (নেশ্যনেল পিপুলছ পাৰ্টি) দলত আনুষ্ঠানিকভাৱে যোগদান কৰে । উল্লেখ্য যে, আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিলে মেঘালয়ৰ শাসকীয় দলে । শুকুৰবাৰে এই সভাত উপস্থিত থাকে তুৰা লোকসভা সমষ্টিৰ সাংসদ তথা প্ৰাৰ্থী আগাথা চাংমা তথা শ্বিলং লোকসভা সমষ্টিৰ প্ৰাৰ্থিত্ব লাভ কৰা মেঘালয়ৰ মন্ত্ৰী ড৹ আমপ্ৰিন লিংডোৰ লগতে মেঘালয়ৰ দুয়োগৰাকী উপ-মুখ্যমন্ত্ৰীৰ লগতে মেঘালয়ৰ এন পি পি দলৰ বহুকেইগৰাকী বিধায়ক তথা বিশিষ্ট অতিথি ।

প্ৰয়াত পিতৃ পি এ চাংমাই প্ৰতিষ্ঠা কৰা এন পি পি দলটোক পিতৃৰ পদাংক অনুসৰণ কৰি আগুৱাই নিব বিচাৰে পুত্ৰ তথা মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই । সেয়ে পিতৃয়ে আৰম্ভ কৰা পৰম্পৰা ৰক্ষা কৰি আদগ্ৰে’ত চেনাংগ্ৰে ষ্টেডিয়ামৰ বাকৰিৰ পৰাই লোকসভা নিৰ্বাচনৰ যুঁজ আনুষ্ঠানিকভাৱে আৰম্ভ কৰে দলটোৱে ।

মেঘালয়ৰ গাৰো পাহাৰৰ বিভিন্ন অঞ্চলৰ শ শ পুৰুষ মহিলাই এই সভাত অংশগ্ৰহণ কৰে । আনহাতে, মেঘালয়ৰ দুয়োগৰাকী প্ৰাৰ্থী মহিলা হোৱাৰ বাবে মাতৃপ্ৰধান ভোটাৰ ৰাইজ তথা দলটোও যথেষ্ট উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হৈছে । তুৰা লোকসভা সমষ্টিৰ সাংসদ তথা প্ৰাৰ্থী আগাথা চাংমাই নিজৰ ভাষণত চৰকাৰৰ উন্নয়নমূলক আঁচনিসমূহৰ ৰূপায়ণৰ খতিয়ান আগবঢ়োৱাৰ লগতে বৰ্তমানৰ প্ৰত্যেকটো বিভাগতে ৰাজ্য চৰকাৰ উন্নয়নমুখী হৈ থকাৰ কথা সোঁৱৰাই ।

লগতে পঢ়ক : লোকসভা নিৰ্বাচন ২০২৪ অনুষ্ঠিত কৰাৰ বাবে কিমান ধনৰ প্ৰয়োজন হ’ব ? জানো আহক...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.