ETV Bharat / politics

ৰাজ্যৰ বিভিন্ন ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা নিৰ্বাচনী দায়িত্বত নিয়োজিত বিষয়া - LOK SABHA ELECTION 2024 - LOK SABHA ELECTION 2024

THIRD PHASE OF ELECTION : মঙলবাৰে ৰাজ্যৰ চাৰি সমষ্টি ক্ৰমে গুৱাহাটী, বৰপেটা, কোকৰাঝাৰ আৰু ধুবুৰীত অনুষ্ঠিত হ’ব তৃতীয় তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচন ৷ ইতিমধ্যে ঠায়ে ঠায়ে যাৱতীয় সা-সামগ্ৰী লৈ নিৰ্বাচনৰ দায়িত্বত নিয়োজিত বিষয়াসকলে যাত্ৰা আৰম্ভ কৰে ৷ অতি দুৰ্গম অঞ্চললৈ অৱশ্যে দেওবাৰৰে পৰা নিৰ্বাচনী বিষয়াসকলক লৈ যোৱা হৈছে ৷

Etv Bharat
Etv Bharat (Etv Bharat)
author img

By ETV Bharat Assamese Team

Published : May 6, 2024, 6:04 PM IST

Updated : May 6, 2024, 6:23 PM IST

বাক্সাত নিৰ্বাচনী ব্যস্ততা (ETV Bharat Assam)

নিউজ ডেস্ক, 6 মে’: তৃতীয় তথা অন্তিম পৰ্যায়ৰ লোকসভা নিৰ্বাচনলৈ মাজত আছে মাথো কেইটামান ঘণ্টা ৷ ইতিমধ্যে বাক্সা নিৰ্বাচনী জিলাৰ অন্তৰ্গত ৪১ নং মানাহ আৰু ৪২ নং বাক্সা বিধানসভা সমষ্টিৰ ৪৭৬ টা ভোটকেন্দ্ৰৰ দায়িত্বত নিয়োজিত ৪৭৬ গৰাকী প্ৰিজাইডিং আৰু ১,৪২৮ গৰাকী প’লিং বিষয়াই ই ভি এম মেচিনকে ধৰি সকলো সামগ্ৰী সংগ্ৰহৰ কাৰণে উপস্থিত হৈছে জিলাৰ সদৰ মুছলপুৰত ৷

সোমবাৰে পুৱাতে দায়িত্বত নিয়োজিত বিষয়াসকলে আহি মুছলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত উপস্থিত হয় ৷ উল্লেখ্য যে, দুয়োটা বিধানসভা সমষ্টিৰ ৩,৯৪,৮৫৪ গৰাকী ভোটাৰৰ ভোটগ্ৰহণৰ কাৰণে সাজু হৈছে সকলো প্ৰিজাইডিং আৰু প’লিং বিষয়া ৷

চিৰাং:

মঙলবাৰে অনুষ্ঠিত হ'বলগীয়া তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি সাজু হৈ উঠিছে ১৯ নম্বৰ চিদলী-চিৰাং বিধানসভা সমষ্টি ৷ এই সমষ্টি দুটাৰ দায়িত্বত নিয়োজিত প্ৰিজাইডিং আৰু প’লিং বিষয়াসকলে ই ভি এম-লৈ ভোটগ্ৰহণ কেন্দ্ৰলৈ যোৱাৰ বাবে সাজু হোৱা দেখা যায় ৷

কোকৰাঝাৰ লোকসভা সমষ্টিৰ অধীনৰ এই বিধানসভা সমষ্টি দুটাৰ মুঠ ভোটগ্ৰহণ কেন্দ্ৰ হৈছে ২৬৯ টা ৷ ইয়াৰে মহিলা বিষয়াৰ দ্বাৰা পৰিচালিত ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা ২০ টা আৰু আদৰ্শ ভোটকেন্দ্ৰৰ সংখ্যা হৈছে দুটা ৷

ভোটগ্ৰহণৰ বাবে সাজু চিৰাং (ETV Bharat Assam)

উল্লেখ্য যে, চিদলী-চিৰাং বিধানসভা সমষ্টিত মুঠ ১,১৮৪ গৰাকী বিষয়া-কৰ্মচাৰীক ভোটকেন্দ্ৰৰ দায়িত্বত নিয়োজিত কৰা হৈছে ৷ জিলা নিৰ্বাচনী বিষয়া পি বিজয় ভাস্কৰ ৰেড্ডীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে, সমষ্টিটোৰ স্পৰ্শকাতৰ ভোটগ্ৰহণ কেন্দ্ৰসমূহত মাইক্ৰ’ অৱজাৰভাৰৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷

নলবাৰী:

নলবাৰীতো ৭৫৬ টা ভোটকেন্দ্ৰলৈ ৰাওনা হৈছে প’লিং আৰু প্ৰিজাইডিং বিষয়াসকল ৷ জিলাখনৰ বৰক্ষেত্ৰী, নলবাৰী আৰু টিহু- তিনিটা বিধানসভা সমষ্টিৰ বিভিন্ন ভোটকেন্দ্ৰলৈ ৰাওনা হৈছে নিৰ্বাচনী বিষয়াসকল ৷ সোমবাৰে পুৱাৰে পৰা বিষয়াসকলে নিজ নিজ নিৰ্বাচনী সামগ্ৰী লৈ ভোটকেন্দ্ৰলৈ ৰাওনা হোৱা দেখা যায় ৷ বিপৰীতে দেওবাৰে বৰক্ষেত্ৰী অঞ্চলৰ চৰকে ধৰি ৫১ টা দুৰ্গম ভোটকেন্দ্ৰলৈ যাত্ৰা কৰে বিষয়াসকলে ৷ জিলাখনৰ মুঠ ৮০৭ টা ভোটকেন্দ্ৰৰ বিপৰীতে ভোটাৰ আছে 6,20,901 গৰাকী ৷ জিলাখনত মহিলা বিষয়া-কৰ্মচাৰীৰ দ্বাৰা পৰিচালিত হ’ব ৩৫ টা ভোটকেন্দ্ৰ ।

নিৰ্বাচনক লৈ উখল-মাখল নলবাৰী (ETV Bharat Assam)

গোৱালপাৰা:

গোৱালপাৰা জিলাৰ চাৰিটা বিধানসভা সমষ্টিত অনুষ্ঠিত হ’ব তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷ জিলাখনৰ মুঠ ৯১০ টা কেন্দ্ৰত অনুষ্ঠিত হ’ব এই ভোটগ্ৰহণ ৷ ইতিমধ্যে সোমবাৰে পুৱাৰে পৰা প’লিং-প্ৰিজাইডিং বিষয়াসকলে কঠোৰ নিৰাপত্তাৰ মাজেৰে ইভিএম লৈ ৰাওনা হৈছে ভোটগ্ৰহণ কেন্দ্ৰসমূহলৈ ৷

উল্লেখযোগ্য যে, জিলাখনৰ ২ নং ধুবুৰী লোকসভা সমষ্টিত দুটা আৰু ৫ নং গুৱাহাটী লোকসভা সমষ্টিত দুটা বিধানসভা সমষ্টি অন্তৰ্গত হৈ আছে ৷ ভোটগ্ৰহণকাৰী দলসমুহে ই ভি এম সংগ্ৰহ কৰাৰ ক্ষেত্ৰত যাতে অলপো অসুবিধা অনুভৱ নকৰে, তাৰ বাবে প্ৰতিটো বিধানসভা সমষ্টিৰ বাবে সাজি উলিওৱা কাউন্টাৰসমূহত বেলেগ বেলেগ ৰঙৰ কাপোৰেৰে চকুত লগাকৈ সজোৱা হৈছে ৷

গোৱালপাৰাৰ নিৰ্বাচনী ব্যস্ততা (ETV Bharat Assam)

সেই অনুসৰি, ২ নং ধুবুৰী লোকসভা সমষ্টিৰ জলেশ্বৰ বিধানসভা সমষ্টিৰ বাবে ৰঙা ৰং আৰু ১৪ নং পূৱ গোৱালপাৰা সমষ্টিৰ বাবে বগা ৰঙৰ কাউণ্টাৰ দিয়া হৈছে ৷ সেইদৰে ৫ নং গুৱাহাটী লোকসভা সমষ্টিৰ ১৩ নং পশ্চিম গোৱালপাৰা (জনজাতি) সমষ্টিৰ বাবে নীলা ৰং আৰু ১৫ নং দুধনৈ (জনজাতি) বিধানসভা সমষ্টিৰ বাবে হালধীয়া ৰং দিয়া হৈছে ৷ লগতে, ষ্ট্ৰংৰুমৰ পৰা ই ভি এম উলিয়াই কাউন্টাৰলৈ অনা কৰ্মচাৰীসকলৰো বিধানসভা সমষ্টি অনুসৰি একে ৰঙৰ টি-চাৰ্টৰ ব্যৱস্থা কৰা হৈছে ৷

লগতে ২ নং ধুবুৰী আৰু ৫নং গুৱাহাটী লোকসভা সমষ্টিৰ বাবে ই ভি এম সংগ্ৰহ কৰাৰ বাবে জিলা আয়ুক্তৰ কাৰ্যালয়ত দুখনকৈ সুকীয়া প্ৰৱেশদ্বাৰৰ ব্যৱস্থা কৰিছে জিলা প্ৰশাসনে ৷ জিলাখনত মঙলবাৰে অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনত ৪০ টা ভোটগ্ৰহণ কেন্দ্ৰ পৰিচালনা কৰিব মহিলাই ৷ তদুপৰি মুঠ ২৮ টা ভোটগ্ৰহণ কেন্দ্ৰ চৰ অঞ্চলত থকা বাবে তালৈ যাবলৈ নাও আৰু ঘোঁৰা গাড়ীৰ ব্যৱস্থা কৰিছে জিলা প্ৰশাসনে ৷

কোকৰাঝাৰ:

৭ মে’ত অনুষ্ঠিত হ'ব তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ পৰ্ব । এই উপলক্ষে ১ নং কোকৰাঝাৰ (জনজাতি) লোকসভা সমষ্টিৰ ভোটগ্ৰহণ কেন্দ্ৰসমূহলৈ ই ভি এম, ভিভিপেট আদিকে ধৰি যা-যাৱতীয় সা-সামগ্ৰীলৈ প্ৰিজাইডিং বিষয়া, প’লিং বিষয়া, নিৰাপত্তাৰক্ষীকে ধৰি আন বিষয়াসকল নিজ নিজ কেন্দ্ৰলৈ ৰাওনা হৈছে ।

উল্লেখ্য যে, সোমবাৰে প্ৰিজাইডিং আৰু প’লিং বিষয়াসকল কোকৰাঝাৰ চহৰস্থিত বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰত হাজিৰ হয় আৰু তাৰ পৰা ই ভি এম, ভিভিপেট আদিকে ধৰি যা-যাৱতীয় সা-সামগ্ৰী চমজি লৈ নিৰাপত্তাৰক্ষীসহ নিজ নিজ পলিং ষ্টেচনলৈ ৰাওনা হয় ।

কোকৰাঝাৰতো একেই পৰিৱেশ (ETV Bharat Assam)

কোকৰাঝাৰ লোকসভা সমষ্টিৰ ৰিটাৰ্ণিং বিষয়া প্ৰদীপ কুমাৰ দ্বিবেদীয়ে কয় যে, তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰশাসন সম্পূৰ্ণৰূপে সাজু হৈছে আৰু ইতিমধ্যে নিৰ্বাচনী বিষয়াসকল প’লিং ষ্টেচনলৈ ৰাওনা হৈছে । যি অঞ্চলত নেটৱৰ্ক নাপায়, তেনে ঠাইত ছেটেলাইট ফোনৰ ব্যৱস্থা কৰা হৈছে ।

নিৰ্বাচন আয়োগৰ নিৰ্দেশনা মৰ্মে নিৰ্বাচনী কাম-কাজসমূহ পৰিচালিত হৈ আহিছে আৰু কোকৰাঝাৰ লোকসভা সমষ্টিৰ নিৰ্বাচনত প্ৰায় ৮০০০ গৰাকী চেক্টৰ বিষয়া, জ’নেল বিষয়া, প্ৰিজাইডিং বিষয়া, প’লিং বিষয়া জড়িত হৈ আছে ।

নিৰ্বাচনৰ সৈতে জড়িত বিষয়া-কৰ্মচাৰীক কঢ়িয়াই নিয়া প্ৰতিখন গাড়ীত জিপিএছ লগোৱা হৈছে বুলি সদৰি কৰি নিৰ্বাচন সুকলমে অনুষ্ঠিত হ'ব বুলি আশা প্ৰকাশ কৰিছে ৰিটাৰ্ণিং বিষয়া প্ৰদীপ কুমাৰ দ্বিবেদীয়ে ।

প্ৰণিধানযোগ্য যে, কোকৰাঝাৰ লোকসভা সমষ্টিত মুঠ ন টা বিধানসভা সমষ্টি আছে । কোকৰাঝাৰ লোকসভা সমষ্টিত এইবাৰ ১৪,৯৪,৪০৪ গৰাকী ভোটাৰে নিৰ্ণয় কৰিব ১২ গৰাকী প্ৰাৰ্থীৰ ভাগ্য ৷ সমষ্টিটোত পুৰুষ ভোটৰ ৭,৪১,৩২৮ গৰাকী আৰু মহিলা ভোটাৰৰ সংখ্যা ৭,৪৩,২৩৬ গৰাকী ৷ সমষ্টিটোত মুঠ ভোটকেন্দ্ৰ আছে ১,৮৬২ টা ৷ প্ৰায় ৭ হাজাৰ আৰক্ষী-নিৰাপত্তাৰক্ষী নিৰ্বাচনৰ দায়িত্বত জড়িত হৈ আছে ।

বৰপেটা:

তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে বৰপেটাৰ মাধৱ চৌধুৰী মহাবিদ্যালয়ত স্থাপন কৰা কেন্দ্ৰৰ পৰা ভোটগ্ৰহণকাৰী দলসমূহ নিজ নিজ ভোটকেন্দ্ৰলৈ সোমবাৰে ৰাওনা হয় । ইয়াৰ পূৰ্বে দেওবাৰে ব্ৰহ্মপুত্ৰৰ চৰ অঞ্চলত স্থাপন কৰা ১১২ টা কেন্দ্ৰলৈ ৰাওনা হোৱা দলবোৰ ইতিমধ্যে গন্তব্যস্থানত উপস্থিত হোৱা বুলি সদৰি কৰে বৰপেটাৰ ৰিটাৰ্ণিং বিষয়া তথা জিলা আয়ুক্ত আয়ুষ গাৰ্গে ।

বৰপেটাত পূৰ্ণ প্ৰস্তুতি (ETV Bharat Assam)

উল্লেখযোগ্য যে, বৰপেটা নিৰ্বাচনী জিলাত মুঠ ১,০৩৪ টকা ভোটকেন্দ্ৰ আছে । জিলা আয়ুক্ত গাৰ্গে জনায় যে, সোমবাৰে সন্ধিয়াৰ ভিতৰত সকলো ভোটগ্ৰহণকাৰী দল নিজৰ নিজৰ স্থানবোৰত উপস্থিত হ'ব । নিৰ্বাচন বিভাগৰ তথ্য অনুসৰি, বৰপেটা নিৰ্বাচনী জিলাত ৯ ,৩২,৬২৯ গৰাকী ভোটাৰ আছে । ইপিনে ভোটকেন্দ্ৰবোৰৰ ভিতৰত দহটা সম্পূৰ্ণৰূপে মহিলাৰ দ্বাৰা পৰিচালিত হ'ব । বিশেষভাৱে সক্ষম লোকৰ দ্বাৰা পৰিচালিত হ'বলগীয়া ভোটকেন্দ্ৰৰ সংখ্যা হ'ল চাৰিটা ।

লগতে পঢ়ক: বঙাইগাঁৱত ইভিএমলৈ গন্তব্য় স্থানলৈ ৰাওনা প’লিং-প্ৰিজাইডিং বিষয়াসকল - Lok Sabha Election 2024

Last Updated : May 6, 2024, 6:23 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.