ETV Bharat / politics

কেৰালাত একাউন্ট খুলিলে বিজেপিয়ে : সুৰেশ গোপীৰ বৃহৎ জয় - LOK SABHA ELECTION RESULTS 2024

Suresh Gopi : কেৰালাৰ ত্ৰিছুৰ লোকসভা সমষ্টিত বিজেপি প্ৰাৰ্থী তথা অভিনেতাৰ পৰা ৰাজনীতিবিদ হোৱা সুৰেশ গোপীয়ে জয়লাভ কৰিছে । প্ৰায় ৭৪ হাজাৰ ভোটৰ সংখ্যাগৰিষ্ঠতাৰে প্ৰতিদ্বন্দ্বী দলৰ বিৰুদ্ধে বিজয়ী হৈ ওলাই আহে সুৰেশ গোপী ।

author img

By ETV Bharat Assamese Team

Published : Jun 4, 2024, 8:41 PM IST

THRISSUR LOK SABHA CONSTITUENCY
ত্ৰিছুৰ সমষ্টিত ফুলি উঠিল পদুম (ETV BHARAT ENGLISH DESK)

নেশ্যনেল ডেস্ক, 4 জুন : অৱশেষত ত্ৰিকোণীয় প্ৰতিযোগিতাৰ বাবে মালায়ালীসকলে আগ্ৰহেৰে অপেক্ষা কৰি থকা ত্ৰিছুৰ সমষ্টিত ফুলি উঠিল পদুম ৷ এই জয়েৰে সুৰেশ গোপী হ'ল কেৰালাৰ প্ৰথমজন বিজেপি সাংসদ ৷ বাওঁপন্থী প্ৰাৰ্থী ভি এছ সুনীলকুমাৰ আৰু কংগ্ৰেছ প্ৰাৰ্থী কে মুৰালীধৰণক পৰাস্ত কৰি 74,656 টা ভোটৰ ব্যৱধানত সমষ্টিটোত জয়লাভ কৰে সুৰেশ গোপীয়ে ৷ সুৰেশে 409,239টা ভোট লাভ কৰাৰ বিপৰীতে এল ডি এফৰ প্ৰাৰ্থী ভি এছ সুনীলকুমাৰে 33,4,160 টা ভোট লাভ কৰে আৰু কংগ্ৰেছ প্ৰাৰ্থী কে মুৰালীধৰণে 32,44,31 টা ভোট লাভ কৰে ৷

2004 চনত এন ডি এ ফ্ৰণ্টত কেৰালাৰ এজন সাংসদ আছিল যদিও তেতিয়া জয়ী হৈ বাজপেয়ী মন্ত্ৰীসভাৰ সদস্য হোৱা পি চি থমাছ বিজেপিৰ প্ৰাৰ্থী নাছিল ৷ পিচত থমাছে এন ডি এ ত্যাগ কৰে ৷ ইয়াৰ পিচত পৰৱৰ্তী লোকসভা নিৰ্বাচনত কেৰালাত বিজেপিয়ে কোনো উল্লেখযোগ্য প্ৰদৰ্শন কৰিবলৈ সক্ষম হোৱা নাছিল ৷

সুৰেশ গোপীয়ে জয়ী হোৱা ত্ৰিছুৰৰ ক্ষেত্ৰত, য’ত 2019 চনত সুৰেশ গোপীয়ে প্ৰথমবাৰৰ বাবে প্ৰতিদ্বন্দ্বিতা নকৰালৈকে বিজেপি প্ৰাৰ্থী জয়ী হোৱাৰ দূৰ দূৰলৈকে কোনো সম্ভাৱনা নাছিল ৷ বিগত 2014 চনৰ নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থী কে পি শ্ৰীচনে মাত্ৰ 102,681 টা ভোট লাভ কৰিছিল, যি মুঠ ভোটৰ মাত্ৰ 11.15 শতাংশ আছিল ৷

সুৰেশ গোপীয়ে যেতিয়া প্ৰথমবাৰৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিছিল, তেতিয়া ভোটৰ শতকৰা হাৰ তীব্ৰভাৱে বৃদ্ধি পাইছিল ৷ প্ৰথম প্ৰচেষ্টাত সুৰেশ গোপীয়ে 293,822টা ভোট লাভ কৰাৰ বিপৰীতে ভোটৰ শতকৰা হাৰ তীব্ৰভাৱে বৃদ্ধি হৈ 28.19 শতাংশ হয় ৷ সমষ্টিটোত মনোনিৱেশ কৰাৰ বাবে সুৰেশ গোপীৰ প্ৰচেষ্টাৰ সফলতাৰ সাক্ষী হৈছিল ত্ৰিছুৰ ৷ পৰাজয়ৰ পিচতো সুৰেশ গোপীয়ে বিগত পাঁচ বছৰ ধৰি সমষ্টিটোৰ সকলো কাম-কাজত সক্ৰিয় হৈ আছিল ৷ ৰাজ্যসভাৰ সাংসদ হিচাপে তেওঁ সমষ্টিটোত বহু উন্নয়নমূলক কাম-কাজ আগবঢ়াইছিল ৷

এইবাৰ ত্ৰিছুৰত সুৰেশ গোপীয়ে বিৰোধী প্ৰাৰ্থীক বৃহৎ ব্যৱধানত পিচ পেলাই জয়লাভ কৰিছে ৷ সুৰেশ গোপীৰ এই অগ্ৰগতিক এক প্ৰাপ্য সফলতা বুলি ত্ৰিছুৰবাসীয়ে অভিহিত কৰিছে ৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ব্যক্তিগতভাৱে প্ৰচাৰ চলোৱা সমষ্টিসমূহৰ ভিতৰত অন্যতম হৈছে ত্ৰিছুৰ ৷ নিৰ্বাচন ঘোষণা হোৱাৰ কেইমাহমান পূৰ্বেই ত্ৰিছুৰত অনানুষ্ঠানিকভাৱে প্ৰচাৰ চলাবলৈ আৰম্ভ কৰিছিল মোদীয়ে ৷ চলিত বৰ্ষৰ জানুৱাৰী মাহত প্ৰধানমন্ত্ৰী মোদীয়ে মহিলা মৰ্চাৰ সভাত অংশগ্ৰহণ কৰি এই অভিযান আৰম্ভ কৰিছিল ৷ ইয়াৰ উপৰিও সুৰেশ গোপীৰ কন্যাৰ বিয়াৰ বাবে গুৰুবায়ুৰ মন্দিৰলৈ আহি মোদীয়ে সুৰেশ গোপী প্ৰধানমন্ত্ৰীৰ প্ৰিয় বুলি ৰাইজক বুজাই দিছিল ৷

লগতে পঢ়ক : মাতৃৰ সমষ্টিত বৃহৎ বিজয়ৰ দিশে ৰাহুল গান্ধী - Lok Sabha Election Results 2024

প্ৰচাৰৰ প্ৰতিটো পৰ্যায়তে প্ৰধানমন্ত্ৰীকে ধৰি নেতাসকলে ত্ৰিছুৰলৈ আহি ৰোড শ্ব’ আৰু ৰেলীত অংশ লৈছিল ৷ প্ৰধানমন্ত্ৰীয়ে নিজেই মালয়ালী ভোটাৰসকলৰ আগত নতুন উন্নয়ন শাসন আৰ্হিৰ পৰিচয় দিছিল, যিসকলে কেৱল এলডিএফ-ইউডিএফৰ চৰকাৰখনহে দেখিছে ৷ প্ৰধানমন্ত্ৰীয়ে কেৰালাৰ সভা আৰু ৰাজহুৱা সভাত আনকি মালয়ালম সংবাদ মাধ্যমৰ সৈতে হোৱা সাক্ষাৎকাৰতো ভক্তি আৰু ধৰ্মৰ কথা নহয়, কেৱল উন্নয়ন আৰু ৰাজনীতিৰ কথা উল্লেখ কৰিছিল ৷

সুৰেশ গোপীৰ ব্যক্তিগত প্ৰভাৱৰ লগত মোদীৰ প্ৰভাৱৰ সংমিশ্ৰণ ঘটিলত স্পষ্ট হৈ পৰিছিল যে ৰাজনীতি নিৰ্বিশেষে ত্ৰিছুৰৰ জনসাধাৰণে পদুম প্ৰতীকক ভোট দিছিল ৷ সাধাৰণতে বিশ্বাস কৰা হয় যে সমষ্টিটোত সুৰেশ গোপীয়ে গুৰুত্বপূৰ্ণ খ্ৰীষ্টান ভোট লাভ কৰিছিল ৷

সমষ্টিটোৰ 24.27 শতাংশ খ্ৰীষ্টান সম্প্ৰদায়ক একেলগে ৰখাৰ বাবে সুৰেশ গোপীয়ে কাম কৰিছিল ৷ ত্ৰিছুৰত তেওঁ ব্যস্ত আছিল, লৌৰ্ডছ মাটা গীৰ্জালৈ সোণৰ মুকুট দান কৰিছিল, গীৰ্জাৰ উৰ্ধতন বিষয়াৰ আশীৰ্বাদ লাভ কৰিছিল, গীৰ্জাৰ উদযাপনত অংশগ্ৰহণ কৰিছিল আৰু দাতব্য কামত সক্ৰিয় আছিল ৷ কেৰালাৰ সংখ্যালঘুসকলক একত্ৰিত কৰি ৰখাৰ লক্ষ্যৰে সুৰেশ গোপীয়ে এই সতৰ্ক পদক্ষেপ গ্ৰহণ কৰিছিল ৷

লগতে পঢ়ক : হায়দৰাবাদৰ পৰা একেৰাহে পঞ্চমবাৰৰ বাবে জয়লাভ আছাদুদ্দিন ওৱেইছিৰ - Lok Sabha Election Results 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.