ETV Bharat / politics

মোদীৰ মন্ত্রীসভাত থাকিব সৰ্বানন্দ সোণোৱাল; চৰ্চাত আছে আন কেইবাজনো - Narendra Modis oath taking ceremony

author img

By ETV Bharat Assamese Team

Published : Jun 8, 2024, 4:00 PM IST

Lok Sabha election results 2024: 9 জুনত তৃতীয়টো কাৰ্যকালৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিব নৰেন্দ্ৰ মোদীয়ে ৷ শপতগ্ৰহণৰ সমান্তৰালভাবে ৰাজ্যৰ পৰা নিৰ্বাচিত কোন সাংসদে এইবাৰ কেন্দ্রীয় মন্ত্রিত্ব লাভ কৰিব তাকে লৈও আৰম্ভ হৈছে সৰৱ চৰ্চা । মন্ত্ৰীত্ব পোৱাটো একপ্ৰকাৰ নিৰ্বাচিত হৈছে নৱনিৰ্বাচিত সাংসদ সৰ্বানন্দ সোণোৱালে ৷ বাছনিৰ সমীকৰণৰ কি হ’ব এই সন্দৰ্ভত আমাৰ এই ৰাজনৈতিক প্ৰতিবেদন---

who-is-likely-to-get-what-in-modi-3-point-0-cabinet-from-assam
কোন কোন যাব মোদীৰ মন্ত্রীসভালৈ: চৰ্চাত আছে কেইবাজনো (Etv Bharat Assam)

গুৱাহাটী, 8 জুন: অসমৰ পৰা নৱনিৰ্বাচিত বিজেপি মিত্রজোঁটৰ এঘাৰগৰাকী সাংসদৰ ভিতৰত কোনে কোনে স্থান পাব নৰেন্দ্ৰ মোদীৰ মন্ত্রীসভাত । 9 জুনত শপতগ্ৰহণ কৰিব মোদীৰ মন্ত্রীসভাই । মহা আড়ম্বৰেৰে নৰেন্দ্ৰ মোদীয়ে তৃতীয়টো কার্যকাল আৰম্ভ কৰিব । মোদীক 11 খনকৈ আসন উপহাৰ দিয়া অসমৰ পৰা এইবাৰ কোনে কোনে লাভ কৰিব কেন্দ্রীয় মন্ত্রিত্ব ।

কোন কোন হ'ব সেই ভাগ্যৱান ? ইয়াকে লৈ ৰাজ্যৰ ৰাজনৈতিক মহলত ব্যাপক চর্চা চলিছে । আৰম্ভ হৈছে গুণাগঁথা তথা জল্পনা-কল্পনাৰ ।

মোদীৰ শেহতীয়া মন্ত্রীসভা :

নৰেন্দ্ৰ মোদীৰ শেহতীয়া কার্যকালত অসমৰ পৰা দুজনে মন্ত্রীসভাত স্থান লাভ কৰিছিল । এজন আছিল সৰ্বানন্দ সোণোৱাল আৰু আনজন আছিল ৰামেশ্বৰ তেলী । এইবাৰো এই সংখ্যা একেই থাকিব বুলি ৰাজ্যিক বিজেপিৰ শীর্ষ সূত্ৰত প্রকাশ । মন্ত্ৰীত্ব পোৱাটো একপ্ৰকাৰ নিৰ্বাচিত হৈছে নৱনিৰ্বাচিত সাংসদ সৰ্বানন্দ সোণোৱালে ৷

পুনৰ মন্ত্রিত্ব পোৱাৰ লাভ কৰিব সৰ্বানন্দ সোণোৱালে :

স্বাভাৱিকতে এইক্ষেত্ৰত সকলোতকৈ আগত আছে শেহতীয়া মন্ত্রীসভাত বন্দৰ, জাহাজ আৰু আয়ুষ বিভাগৰ দায়িত্ব পালন কৰা মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নাম । সৰ্বানন্দ সোণোৱাল আজিৰ তাৰিখত সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰে বিজেপিৰ অন্যতম এখন মুখ বুলি পৰিচিত । প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বিতীয়টো কাৰ্যালয়ত বন্দৰ, জাহাজ আৰু আয়ুষ বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী হিচাপে সোণোৱালে দেখুওৱা বিশেষ পাৰদৰ্শিতাৰ বাবে ডিব্ৰুগড়ৰ নৱনিৰ্বাচিত সাংসদ সোণোৱালকে মোদীয়ে একেটা বিভাগৰে কেবিনেট মন্ত্ৰীৰ দায়িত্ব পুনৰ দিব পাৰে বুলি চৰ্চা চলিছে । ইয়াৰ লগতে নৱনিৰ্বাচিত সাংসদগৰাকীয়ে মন্ত্ৰীত্ব পোৱাটো একপ্ৰকাৰ নিশ্চিত হৈছেও বুলিও বিশেষ সূত্ৰে প্ৰকাশ ৷

ডিব্ৰুগড়ৰ পৰা বিপুল ভোটত জয়লাভ কৰি লোকসভালৈ নিৰ্বাচিত হোৱাটো সোণোৱালৰ বাবে অন্যতম এক ইতিবাচক দিশ বুলি বিবেচিত হৈছে । দলীয় সূত্রৰ মতে সৰ্বানন্দ সোণোৱালে মন্ত্রিত্ব লাভ কৰাটো এক প্ৰকাৰ নিশ্চিত । বিগত সময়ত কেন্দ্ৰীয় চৰকাৰৰ কেইবাটাও গুৰুত্বপূৰ্ণ বিভাগৰ দায়িত্ব নিয়াৰিকৈ পালন কৰাৰ উপৰি কেন্দ্ৰীয় চৰকাৰৰ কেইবাখনো শীর্ষ সমিতিৰ সদস্য আছিল সোণোৱাল । তেনেস্থলত অসমৰ পৰা কেবিনেট মন্ত্রী হিচাপে সোণোৱালেই মন্ত্ৰিত্ব পোৱাটো নিশ্চিত ।

কোন হ'ব দ্বিতীয় সৌভাগ্যৱান : চৰ্চাত কেইবাগৰাকী

এইখিনিতে প্ৰশ্ন হৈছে যে সৰ্বানন্দ সোণোৱালৰ লগতে দ্বিতীয়জন কোনে মন্ত্রীসভাত স্থান পাব ? অৱশ্যে দ্বিতীয়জনে কেবিনেটত স্থান নাপাই বুলি জানিব পৰা গৈছে । দ্বিতীয়জনে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্রী হিচাপে দায়িত্ব লাভৰ সম্ভাৱনা আছে । কেবিনেটত স্থান নাপালেও মন্ত্রী হিচাপে কোনে দায়িত্ব লাভ কৰিব তাক লৈও চলিছে সৰৱ চৰ্চা ।

ৰাজ্যিক বিজেপিৰ শীৰ্ষ সূত্ৰটোৱে জনোৱা মতে মোদীৰ মন্ত্রীসভাত সোণোৱালৰ পাচত অসমৰ পৰা দ্বিতীয়জন প্রতিনিধি হিচাপে পৰিমল শুক্লবৈদ্যই স্থান পোৱাৰ সম্ভাৱনা প্ৰচুৰ । শিলচৰৰ নৱনিৰ্বাচিত সাংসদ পৰিমল শুক্লবৈদ্যই মোদী মন্ত্রীসভাত স্থান পোৱাৰ সম্ভাৱনা আছে । লক্ষণীয় বিষয় যে বৰাক উপত্যকাৰ দুখন আসনতে এইবাৰ বিজেপিয়ে জয়লাভ কৰাৰ পুৰস্কাৰ হিচাপে তথা পুৰণি বিজেপিৰ মুখ আৰু আৰ এছ এছৰ বিশেষ গুডবুকৰ ব্যক্তি হিচাপে পৰিমল শুক্লবৈদ্যক মন্ত্রিত্ব প্রদান কৰাৰ বাবে বিজেপিৰ কেন্দ্রীয় নেতৃত্বই চিন্তা-চৰ্চা কৰা বুলি চৰ্চা হৈছে ।

কিয়নো পৰিমল শুক্লবৈদ্যৰ দৰে এজন পুৰণি বিজেপি নেতাক যথোচিত সন্মান দি বিজেপিৰ নেতৃত্বই অসমত সৃষ্টি হোৱা ন-পুৰণি বিজেপিৰ সংঘাতৰ অনাহুত পৰিস্থিতি শাম কটাব বিচাৰিছে ।

চৰ্চাত আছে কেইবাজনো

মোদী মন্ত্রীসভাত সোণোৱালৰ লগতে দ্বিতীয় কোনে স্থান পাব তাকে লৈও ব্যাপক চৰ্চা চলিছে । পৰিমল শুক্লবৈদ্যৰ সম্ভাৱনা বেছি যদিও চৰ্চালৈ আহিছে কেইবাগৰাকীৰো নাম । মিত্রদল অগপৰ ফণীভূষণ চৌধুৰীৰ নামটোও চৰ্চালৈ আহিছে । সেইদৰে চৰ্চালৈ আহিছে বিজেপিৰ দিলীপ শইকীয়াৰ নামটো ।

অসমৰ ৰাজনীতিত দীর্ঘসময় প্রত্যক্ষভাবে জড়িত হৈ আছে ফণীভূষণ চৌধুৰী । তেওঁ আঠবাৰৰ বিধায়ক আৰু তেওঁ অসম চৰকাৰৰ প্ৰাক্তন মন্ত্রীও । গতিকে ৰাজ্যিক স্তৰত বিভাগ চলোৱাৰ তেওঁৰ যথেষ্ট অভিজ্ঞতা আছে । অভিজ্ঞতাৰ উপৰি বয়সৰ দিশৰ পৰাও তেওঁ জ্যেষ্ঠ । যাৰ বাবে প্ৰথমবাৰৰ বাবে সংসদলৈ নির্বাচিত হ’লেও জ্যেষ্ঠতা আৰু অভিজ্ঞতাৰ লগতে মিত্ৰদলৰ প্ৰতিনিধি হিচাপে ফণীভূষণ চৌধুৰীয়ে মন্ত্রিত্ব লাভ কৰাৰ সম্ভাৱনা আছে বুলিও চর্চা চলিছে । ইফালে ৰামেশ্বৰ তেলীৰ স্থানত চাহ জনগোষ্ঠীৰ নেতা হিচাপে কাজিৰঙাৰ সাংসদ কামাখ্যা প্রসাদ তাছাৰ নামো চৰ্চালৈ আহিছে ।

লগতে পঢ়ক: গৌৰৱ গগৈৰ বৃহৎ জয়; মন্ত্ৰীত্ব পদ হেৰুৱাব নেকি কেবিনেট মন্ত্ৰী যোগেন মহনে ? - Lok Sabha election results 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.