ETV Bharat / politics

সমষ্টিবাসী ককবকাইছে বানত, সাংসদ পুত্ৰ ব্যস্ত নিৰ্বাচনী প্ৰচাৰত - Bye Election in Assam

author img

By ETV Bharat Assamese Team

Published : Jul 6, 2024, 10:56 PM IST

Son of Rakibul Hussain : ৰাজ্যবাসী ব্যস্ত জীৱন-সম্পত্তি বচোৱাত ৷ সাংসদ পুত্ৰ ব্যস্ত ৰাজনীতি কৰাত ৷ দিলে ইটোৰ পিচত সিটো গেৰান্টী ৷ এনেহেন বিভীষিকাৰ সময়ত ৰকিবুল হুছেইনৰ পুত্ৰই নিৰ্বাচনী প্ৰচাৰ চলাই থকা ঘটনাই আচৰিত কৰি তুলিছে বহুতকে ৷

Son of Rakibul Hussain
বানৰ মাজতে সাংসদ পুত্ৰ ব্যস্ত নিৰ্বাচনী প্ৰচাৰত (ETV Bharat Assam)

নগাঁও, 6 জুলাই : বানত জুৰুলা ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে চামগুৰি সমষ্টিৰ বহু পৰিয়াল ৷ বিস্তীৰ্ণ এলেকা হৈ আছে জলমগ্ন ৷ সংকটৰ সন্মুখীন শতাধিক পৰিয়াল । এনে সময়তো বিধায়ক হোৱাৰ সপোনত উটিভাহি ফুৰিছে ৰকিবুল হুছেইনৰ পুত্ৰ তাঞ্জিল হুছেইন ৷ ব্যস্ত হৈ পৰিছে উপ-নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰত ৷ বিধায়কবিহীন চামগুৰিৰ পৰা বিধানসভালৈ যাবলৈ ভৰি দাঙি থকা ৰকিবুল হুছেইনৰ পুত্ৰ তথা NSUI নেতা তাঞ্জিল হুছেইনে অব্যাহত ৰাখিছে ভোটাৰক আকৰ্ষণৰ চেষ্টা ৷ নিৰ্বাচনী প্ৰচাৰ চলোৱা সভাত চিলিণ্ডাৰৰ দামবৃদ্ধিক লৈ তাঞ্জিলে কয় যে কংগ্ৰেছৰ দিনতকৈ বিজেপিৰ দিনত বৃদ্ধি পাইছে চিলিণ্ডাৰৰ দাম ৷

ইপিনে, বানৰ বিভীষিকাৰ মাজতেই সমষ্টিটোত নিৰ্বাচনী প্ৰচাৰ চলাই এন এছ ইউ আই নেতা তথা উপ-নিৰ্বাচনত কংগ্ৰেছৰ প্ৰাৰ্থিত্বৰ দাবীদাৰ তাঞ্জিল হুছেইনে দিলে কেবাটাও গেৰাণ্টি । তেওঁ কয় যে অসমত কংগ্ৰেছৰ চৰকাৰ হ’বলৈ বেছিদিন নাই । অগপ-বিজেপিৰ যিসকল নেতাই কংগ্ৰেছত যোগদান কৰিবলৈ বিচাৰিছে, এতিয়াই কৰিব লাগে ৷ নহ’লে পিচত নাপাব কংগ্ৰেছত যোগদানৰ সুযোগ । আনকি কংগ্ৰেছ এৰি যোৱা কোনো নেতাকে পুনৰ কংগ্ৰেছত যোগদানৰ সুযোগ নিদিয়াৰো গেৰাণ্টি দিলে ৰকিবুল তনয় তাঞ্জিল হুছেইনে ।

তদুপৰি তেওঁ কয় উপ-নিৰ্বাচনত চামগুৰি সমষ্টিৰ পৰা কংগ্ৰেছ প্ৰাৰ্থী জয়ী হ’লে কি কৰিব ? তাৰো গেৰাণ্টি দিলে ৰকিবুল হুছেইনৰ পুত্ৰ তাঞ্জিল হুছেইনে । উপ-নিৰ্বাচনত সমষ্টিটোৰ পৰা কংগ্ৰেছ প্ৰাৰ্থী জয়ী হ’লে ফলাফল ঘোষণাৰ পিচদিনাৰ পৰাই উন্নয়নৰ কাম আৰম্ভ কৰিব ৷ চামগুৰি সমষ্টি কংগ্ৰেছীৰ ঘৰ আখ্যা দি উপ-নিৰ্বাচনৰ সময়ত বাহিৰৰ কাকো সোমাবলৈ নিদিয়াৰো হুংকাৰ দিলে বানৰ সময়ত নিৰ্বাচনী প্ৰচাৰ চলোৱা তাঞ্জিল হুছেইনে ।

তদুপৰি তেওঁ কয় যে এন ডি এৰ সমৰ্থক তথা দেশৰ দুই নেতা I.N.D.I.Aলৈ আহি আছে ৷ আনকি কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ সৈতে বিজেপিৰ বহু ক্ষুব্ধ নেতাই যোগাযোগ অব্যাহত ৰখা বুলিও জনালে সংসদ পুত্ৰই ৷

লগতে পঢ়ক: চামগুৰিত পুত্ৰক লগত লৈ কুচকাৱাজ আৰম্ভ ৰকিবুল হুছেইনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.