ETV Bharat / politics

কংগ্ৰেছ শূন্য জয়পুৰ চাহ বাগিচা, ৫ শতাধিক কংগ্ৰেছীৰ বিজেপিত যোগদান

author img

By ETV Bharat Assamese Team

Published : Feb 26, 2024, 11:29 AM IST

BJP joining meeting: লোকসভা নিৰ্বাচনৰ পূৰ্বে ডিব্ৰুগড় কংগ্ৰেছত মোক্ষম আঘাত । ৫ শতাধিক কংগ্ৰেছ নেতা-কৰ্মীয়ে পিন্ধিলে গেৰুৱা বসন । জয়পুৰ চাহ বাগিচা কংগ্ৰেছমুক্ত হোৱাৰ দাবী বিজেপি বিধায়ক তৰংগ গগৈৰ ।

BJP joining
কংগ্ৰেছ শূন্য জয়পুৰ চাহ বাগিচা
কংগ্ৰেছ শূন্য জয়পুৰ চাহ বাগিচা

মৰাণ,২৬ ফেব্ৰুৱাৰী : অসমত লোকসভা নিৰ্বাচনক লৈ ব্যাপক প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে । শাসক আৰু বিৰোধী সকলো ৰাজনৈতিক দলে বিশেষ ৰণনীতিৰে কাম আৰম্ভ কৰিছে । বিজেপিৰ বিৰুদ্ধে ৰাজ্যত গঠন হোৱা বিৰোধী ঐক্যমঞ্চৰ অন্তৰ্ভুক্ত দলসমূহেও সমষ্টিয়ে সমষ্টিয়ে সাংগঠনিক ভেঁটি শক্তিশালী কৰাত ব্যস্ত হোৱা পৰিলক্ষিত হৈছে । ইফালে ৰাজ্যত অধিক শক্তিশালী ৰূপত থকা শাসকীয় দল বিজেপিয়ে ১২ খন আসনতে জয়ী হ'ব বুলিও দাবী কৰিছে । যাৰ বাবে দলটোৱে বিভিন্ন জিলাত দলীয় সভা আৰু যোগদান কাৰ্যসূচীৰ আয়োজন কৰিছে ।

কিন্তু ইয়াৰ মাজতে ডিব্ৰুগড় কংগ্ৰেছত মোক্ষম আঘাত । একালৰ কংগ্ৰেছ দলৰ অভেদ্য দুৰ্গ হিচাপে পৰিচিত নাহৰকটীয়াৰ জয়পুৰ চাহ বাগিচা অৱশেষত কংগ্ৰেছমুক্ত হৈ পৰিল । জয়পুৰ চাহ বাগিচাত দেওবাৰে অনুষ্ঠিত বিজেপি দলৰ এক যোগদান কাৰ্যসূচীত কংগ্ৰেছ দলৰ নেতা-কৰ্মীৰ লগতে অসম চাহ মজদুৰ সংঘৰ বিষয়ববীয়াসকলে বিজেপি দলত যোগদান কৰে ।

নাহৰকটীয়াৰ জয়পুৰ মণ্ডল বিজেপিৰ উদ্যোগত চাহ বাগিচাখনৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত যোগদান কাৰ্যসূচীত নাহৰকটীয়া সমষ্টিৰ বিধায়ক তৰংগ গগৈ উপস্থিত থাকে । বিধায়কগৰাকীৰ উপস্থিতিত কংগ্ৰেছ দলৰ ডিব্ৰুগড় জিলাৰ সম্পাদক ইনচেন তিৰ্কী, অসম চাহ মজদুৰ সংঘৰ জয়পুৰ চাহ বাগিচা প্ৰাথমিক গোটৰ সভাপতি চেলেং চাই বাৰা, সম্পাদক কব তাঁতীসহ ৫ শতাধিক কংগ্ৰেছ নেতা-কৰ্মীয়ে গেৰুৱা দলত যোগদান কৰে ।

উল্লেখ্য যে ডিব্ৰুগড় লোকসভা সমষ্টিটো চাহ জনগোষ্ঠীয় অধ্যুষিত অঞ্চল হোৱাৰ পিচতো কংগ্ৰেছ দলে নিজৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ পৰিৱৰ্তে অন্য দলক আসন এৰি দিয়াৰ সিদ্ধান্ত লৈছে । যাক সহজভাৱে ল'ব পৰা কংগ্ৰেছ কৰ্মীসকলে । যাৰ ফলত ক্ষোভিত কংগ্ৰেছ কৰ্মীসকলে দেওবাৰে বিজেপি দলত আনুষ্ঠানিকভাৱে যোগদান কৰে ।

লগতে পঢ়ক :মৰিগাঁৱত ভূমি পট্টা বিতৰণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.